• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছচিয়েল মিডিয়াত পৰিচয় ছয় অভিযুক্তৰ; সংসদত আক্ৰমণৰ আঁৰৰ ‘প্ৰকৃত’ কাৰণ কি জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2023 7:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে সংসদত ঘূৰি আহিল ২০০১ চনৰ স্মৃতি। সংসদত আক্ৰমণৰ ২২ বছৰীয়া জয়ন্তীৰ দিনটোতে পুনৰ আতংক বিয়পি পৰিল। সংসদত নিৰাপত্তা ভংগৰ ছবি পোহৰলৈ আহিল। সংসদৰ অধিৱেশনৰ সময়ত দৰ্শকৰ মাজৰ পৰা জপিয়াই পৰে দুজন যুৱকে। এজন যুৱকে হালধীয়া স্মোক বোম্ব এটা খুলি লৈ স্পীকাৰৰ ফালে দৌৰি গ’ল। সংসদত এই ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ আতংকৰ।

নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা এই ভুলৰ তদন্তৰ নিৰ্দেশ দিয়ে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে। বুধবাৰে তদন্ত সমিতি গঠন কৰা হয়। ইতিমধ্যে দিল্লী আৰক্ষীয়ে সংসদ আক্ৰমণৰ লগত জড়িত ৬ জন লোকৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে। ইয়াৰে পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজন পলাতক হৈ আছে।

সংসদত স্মোক বোম্ব লৈ আক্ৰমণৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে গৃহ মন্ত্ৰালয়ে। চি আৰ পি এফৰ সঞ্চালক প্ৰধান অনিশ দয়াল সিঙে এই সমিতিৰ দায়িত্বত থাকিব। আন আন নিৰাপত্তা সংস্থা আৰু বিশেষজ্ঞসকল এই সমিতিৰ সদস্য হ’ব।

Apply Now

লগতে পঢ়কঃমুখ্য ন্যায়াধীশৰ ক্ষমতা কাঢ়িলে বিজেপিয়ে : এতিয়াৰে পৰা কাৰ্যতঃ চৰকাৰৰ হাতত থাকিব নিৰ্বাচন আয়ুক্ত বাছনি কৰাৰ ক্ষমতা

জানিব পৰা মতে, বুধবাৰে আৰক্ষীয়ে সংসদৰ ভিতৰৰ পৰা দুজন যুৱক আৰু সংসদ চৌহদৰ বাহিৰৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

সংসদৰ বাহিৰত হালধীয়া ধোঁৱা বোমা লৈ প্ৰতিবাদ সাব্যস্ত কৰি আছিল নীলম নামৰ এগৰাকী যুৱতী আৰু আনমোল নামৰ এজন যুৱকে। এজন ব্যক্তিয়ে দূৰৰ পৰা তেওঁলোকৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল।

নীলম আৰু আনমোলক গ্ৰেপ্তাৰ কৰে যদিও সমগ্ৰ ঘটনাটো ৰেকৰ্ডিং কৰি থকা ব্যক্তিজন পলায়ন কৰে। পিছত গুৰুগ্ৰামৰ পৰা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়কঃ অধিৱেশনৰ মাজতে সংসদত আতংক! গেলেৰীৰ পৰা চেম্বাৰলৈ জাঁপ দিলে দুই ব্যক্তি, স্প্ৰে কৰিলে গেছ

প্ৰাথমিক তদন্ত অনুসৰি, ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছয় অভিযুক্তৰ পৰিচয় হৈছিল। যোৱা চাৰি বছৰ ধৰি তেওঁলোকৰ চিনাকি। নিবনুৱা সমস্যাৰ ওপৰত কেন্দ্ৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে হেনো তেওঁলোকে এই কাণ্ড কৰিছিল। একে সময়তে সকলোৰে বিখ্যাত হোৱাৰ সপোন আছিল। সেইবাবেই এই পৰিকল্পনা।

তেওঁলোকে আনকি পৰিকল্পনাটো নিখুঁতভাৱে কাৰ্যকৰী কৰিবলৈ সংসদ চৌহদৰ প্ৰতিৰূপো নিৰ্মাণ কৰিছিল। ছয়জনেই সংসদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল যদিও পাছ পাইছিল সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি নামৰ দুজন যুৱকেহে।

অভিযুক্তৰ পৰা আন কোনো অস্ত্ৰ উদ্ধাৰ হোৱা নাই। এতিয়ালৈকে তেওঁলোকৰ সৈতে কোনো সন্ত্ৰাসবাদী লিংক পোৱা হোৱা নাই।

লগতে পঢ়কঃ বিস্ময়! ১৮ বছৰ পূৰ্বে মূৰত লগা গুলী বাহিৰ কৰি যুৱকৰ প্ৰাণ ৰক্ষা কৰিলে চিকিৎসকে

তাৰমাজতে এই ঘটনাৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই লোকসভাত দৰ্শকৰ পাছ বন্ধ কৰাৰ নিৰ্দেশ দিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd