বুধবাৰে সংসদত ঘূৰি আহিল ২০০১ চনৰ স্মৃতি। সংসদত আক্ৰমণৰ ২২ বছৰীয়া জয়ন্তীৰ দিনটোতে পুনৰ আতংক বিয়পি পৰিল। সংসদত নিৰাপত্তা ভংগৰ ছবি পোহৰলৈ আহিল। সংসদৰ অধিৱেশনৰ সময়ত দৰ্শকৰ মাজৰ পৰা জপিয়াই পৰে দুজন যুৱকে। এজন যুৱকে হালধীয়া স্মোক বোম্ব এটা খুলি লৈ স্পীকাৰৰ ফালে দৌৰি গ’ল। সংসদত এই ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ আতংকৰ।
নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা এই ভুলৰ তদন্তৰ নিৰ্দেশ দিয়ে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে। বুধবাৰে তদন্ত সমিতি গঠন কৰা হয়। ইতিমধ্যে দিল্লী আৰক্ষীয়ে সংসদ আক্ৰমণৰ লগত জড়িত ৬ জন লোকৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে। ইয়াৰে পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজন পলাতক হৈ আছে।
সংসদত স্মোক বোম্ব লৈ আক্ৰমণৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে গৃহ মন্ত্ৰালয়ে। চি আৰ পি এফৰ সঞ্চালক প্ৰধান অনিশ দয়াল সিঙে এই সমিতিৰ দায়িত্বত থাকিব। আন আন নিৰাপত্তা সংস্থা আৰু বিশেষজ্ঞসকল এই সমিতিৰ সদস্য হ’ব।
জানিব পৰা মতে, বুধবাৰে আৰক্ষীয়ে সংসদৰ ভিতৰৰ পৰা দুজন যুৱক আৰু সংসদ চৌহদৰ বাহিৰৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰে।
সংসদৰ বাহিৰত হালধীয়া ধোঁৱা বোমা লৈ প্ৰতিবাদ সাব্যস্ত কৰি আছিল নীলম নামৰ এগৰাকী যুৱতী আৰু আনমোল নামৰ এজন যুৱকে। এজন ব্যক্তিয়ে দূৰৰ পৰা তেওঁলোকৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল।
নীলম আৰু আনমোলক গ্ৰেপ্তাৰ কৰে যদিও সমগ্ৰ ঘটনাটো ৰেকৰ্ডিং কৰি থকা ব্যক্তিজন পলায়ন কৰে। পিছত গুৰুগ্ৰামৰ পৰা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়কঃ অধিৱেশনৰ মাজতে সংসদত আতংক! গেলেৰীৰ পৰা চেম্বাৰলৈ জাঁপ দিলে দুই ব্যক্তি, স্প্ৰে কৰিলে গেছ
প্ৰাথমিক তদন্ত অনুসৰি, ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছয় অভিযুক্তৰ পৰিচয় হৈছিল। যোৱা চাৰি বছৰ ধৰি তেওঁলোকৰ চিনাকি। নিবনুৱা সমস্যাৰ ওপৰত কেন্দ্ৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে হেনো তেওঁলোকে এই কাণ্ড কৰিছিল। একে সময়তে সকলোৰে বিখ্যাত হোৱাৰ সপোন আছিল। সেইবাবেই এই পৰিকল্পনা।
তেওঁলোকে আনকি পৰিকল্পনাটো নিখুঁতভাৱে কাৰ্যকৰী কৰিবলৈ সংসদ চৌহদৰ প্ৰতিৰূপো নিৰ্মাণ কৰিছিল। ছয়জনেই সংসদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল যদিও পাছ পাইছিল সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি নামৰ দুজন যুৱকেহে।
অভিযুক্তৰ পৰা আন কোনো অস্ত্ৰ উদ্ধাৰ হোৱা নাই। এতিয়ালৈকে তেওঁলোকৰ সৈতে কোনো সন্ত্ৰাসবাদী লিংক পোৱা হোৱা নাই।
লগতে পঢ়কঃ বিস্ময়! ১৮ বছৰ পূৰ্বে মূৰত লগা গুলী বাহিৰ কৰি যুৱকৰ প্ৰাণ ৰক্ষা কৰিলে চিকিৎসকে
তাৰমাজতে এই ঘটনাৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই লোকসভাত দৰ্শকৰ পাছ বন্ধ কৰাৰ নিৰ্দেশ দিছে।