• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অভেৰী বা ডিম্বাশয়ৰ কৰ্কটৰোগ

ডাঃ বিক্ৰম কুমাৰ ডেকা। by ডাঃ বিক্ৰম কুমাৰ ডেকা।
December 21, 2023 12:25 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাৰীদেহৰ এক বিশেষ অংগ হৈছে অভেৰী বা ডিম্বাশয়। ডিম্বাশয় সেই অংগ বা থলী য‘ত নাৰী এগৰাকীৰ প্ৰজননৰ বাবে প্ৰয়োজনীয় ডিম্ব উৎপাদন হয়। আৰু এই ডিম্বাশয়ৰ ডিম্ব উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা মানেই নাৰী এগৰাকীৰ মাহেকীয়াৰ চক্ৰ আৰম্ভ হোৱা। অৰ্থাৎ এই ডিম্ব উৎপাদনৰ ফলস্বৰূপেই নাৰী এগৰাকীয়ে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয়। এই ডিম্বাশয় নাৰী এগৰাকীৰ ইউটেৰাছ বা গৰ্ভাশয়ৰ দুয়োকাষে থকা দুটি সৰু থলী। ডিম্ব উৎপাদনৰ লগতে এই ডিম্বাশয়ত নাৰীদেহৰ দুবিধ অতি জৰুৰী হ‘ৰমন, ইষ্ট্ৰ‘জেন আৰু প্ৰজেষ্ট্ৰেৰনৰো উৎপাদন হয়। আজি এই ডিম্বাশয়ত হোৱা কৰ্কটৰোগৰ বিষয়ে কিছু কথা জনাবলৈ ওলাইছোঁ৷ ডিম্বাশয় বা অভেৰীত কৰ্কটৰোগ হোৱা মানে ইয়াৰ ভিতৰতকেঞ্চাৰজনিত কোষ বা টিউমাৰৰ সৃষ্টি হোৱা আৰু অনিয়ন্ত্ৰিত মাত্ৰাত কোষবোৰৰ বৃদ্ধি হোৱা৷ স্ত্ৰীৰোগ সম্পৰ্কীয় কৰ্কটৰোগত হোৱাৰ মৃত্যুৰ কাৰকবোৰৰ ভিতৰত অভেৰী বা ডিম্বাশয়ত হোৱা কেঞ্চাৰ অন্যতম৷

অন্যহাতে, প্ৰতি ৮০ গৰাকী নাৰীৰ ভিতৰতে এগৰাকী নাৰীৰ ডিম্বাশয়ৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা থাকে। আমাৰ দেশতেই প্ৰতি বছৰে প্ৰায় ২,০০০০০টা পৰ্যন্ত ডিম্বাশয়ৰ কৰ্কটৰোগৰ ঘটনা ধৰা পৰে। আৰু প্ৰতি বছৰে ১,২৫০০০টা মৃত্যুৰ কাৰণো হৈ পৰে এই কৰ্কটৰোগ। অভেৰী বা ডিম্বাশয় হৈছে এটি মাথোঁ বাদামৰ আকৃতিৰ দুটি সৰু অংগ। কৰ্কটৰোগত আক্ৰান্ত হ‘লে এনে এটি সৰু অংগত যেতিয়া অধিক মাত্ৰাত অনিয়ন্ত্ৰিত হাৰত কৰ্কটৰোগৰ টিউমাৰৰ সৃষ্টি হয়,তেতিয়া এইবিধ কৰ্কটৰোগৰ জটিলতা বেছি হোৱাই স্বাভাৱিক। ইয়াৰ লগতে এইবিধ কৰ্কটৰোগৰ সহজে কোনো বিশেষ লক্ষণে দেখা নিদিয়াৰ ফলত,ইয়াৰ পৰীক্ষণ সাধাৰণতে পলমকৈ হয়। ৰোগ নিৰ্ধাৰণ এইদৰে পলমকৈ হোৱাৰ সমান্তৰালকৈ এই ৰোগ ধৰা পেলাবৰ বাবে কৰিব পৰা উপযুক্ত পৰীক্ষণৰ প্ৰক্ৰিয়াৰ অভাৱো ডিম্বাশয়ৰ কৰ্কটৰোগত হোৱা মৃত্যুৰ আন এক অন্যতম কাৰণ। অৱশ্যে পাশ্চাত্যৰ দেশসমূহৰ নাৰীৰ জনমূৰি হিচাপৰ তুলনাত আফ্ৰিকান আৰু এছিয়ান নাৰীৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰাবল্য কম। বিশেষকৈ দক্ষিণ এছিয়াৰ দেশসমূহত এই প্ৰাবল্য আৰু কম। যদিও এইবিধ কৰ্কটৰোগ প্ৰাণঘাতী হোৱাৰ সম্ভাৱনা বেছি,তথাপিও সময়ৰ লগে লগে ক্ৰমশঃ এই ৰোগৰ পৰা মুক্ত হোৱা ৰোগীৰ হাৰো বৃদ্ধি পাইছে।

Apply Now

এতিয়া আহিছোঁ ডিম্বাশয়ৰ কৰ্কটৰোগৰ টিউমাৰৰ প্ৰকাৰসমূহলৈ। ডিম্বাশয়ৰ কৰ্কটৰোগৰ প্ৰায় ৩০ টাত কৈ অধিক প্ৰকাৰ আছে যদিও,ইয়াৰে মুখ্য কেইটিমান–যিকেইটি সহজেই দেখা দিয়ে,সেই কেইটি উল্লেখ কৰিলো–

১) চেৰাছ টিউমাৰ,
২) মিউচিনাছ টিউমাৰ,
৩) এণ্ড‘মেট্ৰ‘ইড টিউমাৰ,
৪) ক্লীয়েৰ চেল টিউমাৰ,
৫) ট্ৰানজিচনেল চেল টিউমাৰ,
৬) স্কোৱামাছ চেল টিউমাৰ,
৭) মিক্সড ইপিথেলিয়েল টিউমাৰ,
৮) আনডিফাৰেন্সিয়েটেড টিউমাৰ,
৯) গ্ৰেনুল‘চা ষ্ট্ৰ‘ৰ্মেল চেল টিউমাৰ,
১০) চেৰট‘লি লিডিঙ চেল টিউমাৰ,
১১) প্ৰিমিটিভ জাৰ্ম চেল টিউমাৰ,
১২) টেৰাট‘মা।

যদিওবা ডিম্বাশয় বা অভেৰীৰ কৰ্কটৰোগৰ কোনো নিৰ্দ্দিষ্ট কাৰক জনা নাযায়,কিন্তু তথাপিও এনে কিছু কাৰক আছে বা থাকে যিয়ে এগৰাকী নাৰী ডিম্বাশয়ৰ কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাক অধিক প্ৰবল কৰি তোলে। অৱশ্যেই এনে কোনো অৱধাৰিত কথা নাই যে,এনে কাৰক থাকিলে নাৰীগৰাকী কৰ্কটৰোগত আক্ৰান্ত হ‘বই বা নেথাকিলে নহ‘বই। পিছে তথাপিও এই কাৰকসমূহৰ বিষয়ে জানি থোৱা ভাল,কাৰণ এনে কাৰক থাকিলে পূৰ্বেই সজাগ হ‘ব পাৰি তথা চিকিৎসকৰ পৰামৰ্শও গ্ৰহণ কৰিব পাৰি,যিয়েই নাৰী এগৰাকীক ডিম্বাশয়ৰ কৰ্কটৰোগৰ পৰা হাত সাৰি থকাত সহায়ক প্ৰতিপন্ন হ‘ব। এনে কিছু কাৰক যেনে–

১) পৰিয়ালৰ আপোন কোনোবা যেনে মাতৃ,ভগ্নী বা জীয়ৰীৰ ডিম্বাশয়ৰ কৰ্কটৰোগত আক্ৰান্ত হ‘লে।
২) BRCA-1 আৰু BRCA-2 এই দুয়োবিধ জিনৰ ক্ষেত্ৰত হোৱা বংশানুক্ৰমিক পৰিৱৰ্তন।
৩) আন বংশগত পৰিস্থিতি বা অৱস্থা,যেনে হেৰিডিটেৰী ননপলিপ‘ছিচ কল‘ৰেক্টেল কেঞ্চাৰ।
৪) এণ্ড‘মেট্ৰিয়ছিচ।
৫) ৰজোনিবৃত্তিৰ পিছত লোৱা হ‘ৰমনেল থেৰাপী।
৬) মেদবহুলতা।

এতিয়া আহিছো এই ৰোগত আক্ৰান্ত হোৱা ৰোগী এগৰাকীৰ কি কি লক্ষণ দেখা দিব পাৰে সেই দিশলৈ। কাৰণ,ডিম্বাশয়ৰ কৰ্কটৰোগৰ লক্ষণসমূহ স্পষ্টভাৱে প্ৰকট হোৱালৈ বেছ সময় লাগে। আৰু তেতিয়ালৈ সাধাৰণতে ৰোগীগৰাকীৰ ডিম্বাশয়তে এই কৰ্কটৰোগ আৱদ্ধ নেথাকি আন আন অংশলৈকো বিয়পি পৰে। যি ৰোগীগৰাকীৰ বাবেই অধিক ভয়াবহ কথা। পিছে এনেও নহয় যে এইবিধ কৰ্কটৰোগত আক্ৰান্ত হ‘লে শৰীৰে কোনো ইংগিত নিদিব। গতিকে এইখিনিলৈকো যিমান পাৰি সিমান সোনকালে চকু দিব লাগে। এনে কিছু লক্ষণৰ বিষয়ে তলত উল্লেখ কৰিছো–

১) পেট বা শ্ৰোণী অংশত হোৱা বিষ,ফুলা বা হেঁ‌চা পৰাৰ অনুভৱ হোৱা।
২) হঠাৎ বা সঘনাই প্ৰস্ৰাৱ কৰিবলৈ লগা।
৩) খাদ্য গ্ৰহণ কৰাত সমস্যা হোৱা বা পেট ভৰি থকাৰ অনুভৱ হোৱা।
৪) শ্ৰোণী অংশত হোৱা টেমুনা।
৫) গেষ্ট্ৰ‘ইন্টেষ্টিনেল সমস্যা যেনে গেছ,পেট ফুলা অথবা কোষ্ঠকাঠিন্য।

উপৰোক্ত সমস্যা বা জটিলতাসমূহে দেখা দিলে, অনতিপলমে বিভাগীয় চিকিৎসকৰ কাষ চাপক। কাৰণ, আন আন কৰ্কটৰোগৰ দৰেই,  ডিম্বাশয় বা অভেৰীৰ কৰ্কটৰোগৰ ক্ষেত্ৰতো যিমান সোনকালে এই ৰোগৰ পৰীক্ষণ হ‘ব বা ধৰা পৰিব, সিমানেই সোনকালে তেওঁৰ চিকিৎসা প্ৰক্ৰিয়া আগবঢ়াব পাৰিব। এয়াই ৰোগীগৰাকীৰ জীৱন ৰক্ষাৰ বাবে সমীচীন। গতিকেই, সচেতন হওক, সজাগ হওক।

ডাঃ বিক্ৰম কুমাৰ ডেকা
(কেন্সাৰ ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)
চিকিৎসকৰ ফোন
–৯৫৬০৬৩০২০৫

ডাঃ বিক্ৰম কুমাৰ ডেকা।

ডাঃ বিক্ৰম কুমাৰ ডেকা।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd