নতুন বছৰত আছে লোকসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। এফালে অযোধ্যাৰ ৰাম মন্দিৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰচাৰৰ অস্ত্ৰ হ’বলৈ গৈ থকাৰ বিপৰীতে কংগ্ৰেছে প্ৰচাৰৰ বাবে ভাৰত জোড়ো যাত্ৰা ২.০ৰ ওপৰত নিৰ্ভৰ কৰিব।
কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত পুনৰ আৰম্ভ হ’বলৈ গৈ আছে জনসংযোগ যাত্ৰা। কিন্তু এইবাৰ ভাৰত জো়ড়ো যাত্ৰা নহয়, এইবাৰ কংগ্ৰেছৰ জনসংযোগ যাত্ৰাৰ নাম হ’ব ভাৰত ন্যায় যাত্ৰা।
অহা ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰা। হিংসাত জুৰুলা মণিপুৰৰ পৰা আৰম্ভ হ’ব ভাৰত ন্যায় যাত্ৰা। আনহাতে, ইয়াৰ অন্ত পৰিব মুম্বাইত।
লগতে পঢ়কঃ নতুন মাইলৰ খুঁটি গঢ়াৰ পথত ইছৰো! কৃষ্ণগহ্বৰ আৰু নিউট্ৰন ষ্টাৰৰ সন্ধানত উৎক্ষেপণ হ’ব XPoSAT
কংগ্ৰেছৰ সূত্ৰৰ মতে, যোৱাবাৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই দক্ষিণক উত্তৰ ভাৰতৰ সৈতে সংযোগ কৰাৰ দৰে এইবাৰ পূবৰ সৈতে পশ্চিম ভাৰত সংযোগ কৰিব। এইবাৰৰ এই জনসংযোগ যাত্ৰা ১৪খন ৰাজ্যৰ ৮৫খন জিলাৰ মাজেৰে গৈ ২০ মাৰ্চত মুম্বাইত ইয়াৰ অন্ত পৰিব।
কংগ্ৰেছৰ জনসংযোগ যাত্ৰাৰ নেতৃত্ব দিব এইবাৰো সাংসদ ৰাহুল গান্ধীয়ে। মণিপুৰৰ পৰা আৰম্ভ হৈ নাগালেণ্ড, অসম, মেঘালয়, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, গুজৰাটৰ মাজেৰে পাৰ হৈ মহাৰাষ্ট্ৰত শেষ হ’ব ভাৰত ন্যায় যাত্ৰা।
এইবাৰ মুঠ ৬২০০ কিলোমিটাৰ খোজ কাঢ়িব ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই ১৪ জানুৱাৰীত মণিপুৰৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰিব।
লগতে পঢ়কঃ মৰ্মান্তিক! নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানলৈ অহাৰ পথত দুৰ্ঘটনাত নিহত ৫ জন
কেৱল খোজকাঢ়িয়ে নহয়, ভাৰত ন্যায় যাত্ৰাত এইবাৰ বাছো থাকিব। বাছৰ ব্যৱস্থা কৰা হ’ব যাতে এইবাৰ কংগ্ৰেছৰ জনসংযোগ যাত্ৰাত অধিক লোকে অংশগ্ৰহণ কৰিব পাৰে।