• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ৰাজধৰ্ম’ পালন কৰা নাই মুখ্যমন্ত্ৰীয়ে! হিমন্ত বিশ্ব শৰ্মাৰ ‘বৰ্ণবিদ্বেষী’ পোষ্টক লৈ অব্যাহত বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2023 2:59 pm
Himanta Biswa Sarma
276
VIEWS
Share on FacebookShare on Twitter

গীতাৰ নিৰ্বাচিত শ্লোকেৰে বৈশ্য আৰু শূদ্ৰৰ শ্ৰম বিভাজনৰ পোষকতা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰাৰ পাছতে এতিয়া চাৰিওফালে সমালোচনাৰ জোৱাৰ উঠিছে।

ৰাষ্ট্ৰীয় স্তৰতো তীব্ৰ কৰ্কথনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী ডঃ শৰ্মা। সমালোচনা আৰু কৰ্কথনা সহ্য কৰিব নোৱাৰি মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ সামাজিক মাধ্যমৰ হেণ্ডলৰ পৰা ডিলিট কৰিবলৈ বাধ্য হ’ল উক্ত পোষ্ট।

পোষ্ট ডিলিট কৰিলেও কিন্তু মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মনুবাদী স্বভাৱ, ব্ৰাহ্মণ্যবাদী চেতনা আৰু চিন্তা ধাৰা প্ৰকট হৈ পৰা বুলি তীব্ৰ সমালোচনা কৰিছে সচেতন লোকসকলে।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰিছে বিভিন্নজনে। এক সাংবিধানিক পদত থকাৰ পিছতো ধৰ্মগ্ৰন্থৰ সহায় লৈ হিমন্ত বিশ্ব শৰ্মাই এলান্ধুকলীয়া নীতিৰে সমাজত বৰ্ণবিদ্বেষৰ প্ৰচাৰ কৰা বুলি অভিযোগ উঠিছে।

এনে সমালোচনাৰ মাজতে কালি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক তীৰ্যক ভাষাৰে আক্ৰমণ কৰি সামাজিক মাধ্যমত এক বিদ্ৰুপাত্মক পোষ্ট দিয়ে।

অখিল গগৈৰ অভিযোগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক আৰু টুইটাৰ যোগে প্ৰাচীন বৰ্ণ ব্যৱস্থা প্ৰচাৰ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই ব্ৰাক্ষণ্যবাদৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা কৰিছে আৰু ই বিজেপি-আৰএছএছৰ “হিন্দুৰাষ্ট্ৰ”ৰ আচল চৰিত্ৰ দেখুৱাই দিছে বুলি গগৈয়ে কয়।

উল্লেখ্য যে গীতাৰ এক শ্লোক পোষ্ট কৰি হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বৰ্ণনা কৰিছে বৈশ্য আৰু শূদ্ৰৰ স্বাভাৱিক কৰ্মৰ প্ৰকাৰ। সেই অনুসৰি কৃষিকৰ্ম, গো-পালন, বাণিজ্য আদি বৈশ্যৰ স্বাভাৱিক কৰ্ম হিচাপে উল্লেখ কৰা হৈছে।

আন্হাতে ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য- এই তিনি বৰ্ণক শুশ্ৰুষা কৰাই শূদ্ৰৰ স্বাভাৱিক কৰ্ম হিচাপে পোষ্টটোত উল্লেখ কৰা হৈছিল। কিন্তু বিতৰ্কৰ পিছতে এই পোষ্ট ডিলিট কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd