মধ্যপ্ৰদেশৰ ভূপালত পাঁচগৰাকী নাবালিকাক ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত প্ৰাক্তন সংবাদপত্ৰৰ স্বত্বাধিকাৰী প্যাৰে মিঞাক ১০টাকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে বিশেষ পকছ’ আদালতে। ৭৮ বছৰীয়া অভিযুক্তজনক মঙলবাৰে আদালতে এই শাস্তি প্ৰদান কৰাৰ লগতে ৭৭.৬৪ লাখ টকাৰ জৰিমনাও বিহে।
অভিযুক্ত প্যাৰে মিঞাক যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান কৰা আইন (POCSO) আৰু ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত আঠটা কাৰাদণ্ডৰ ম্যাদ তেওঁৰ স্বাভাৱিক মৃত্যুলৈকে কাৰাগাৰত থকাৰ নিৰ্দেশ আৰু আন দুটা যাৱজ্জীৱন কাৰাদণ্ড অন্তৰ্ভুক্ত। অৱশ্যে, সকলো কাৰাদণ্ডৰ শাস্তি একেলগে চলিব। এই গোচৰত তেওঁৰ সহযোগী ৰাবিয়া বীকো ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।
অভিযোগ অনুসৰি, ২০১৪ চনৰ পৰাই প্যাৰে মিঞাই নাবালিকাসকলক লক্ষ্য কৰি লৈছিল। মাহে ১০ হাজাৰ টকা দৰমহাৰে ঘৰত কাম দিয়াৰ প্ৰলোভন দেখুৱাই তেওঁ নাবালিকাসকলক নিজৰ ওচৰলৈ মাতিছিল আৰু তাৰ পিছত ধৰ্ষণ তথা যৌন নিৰ্যাতন চলাইছিল। তেওঁৰ অপৰাধমূলক কাৰ্যকলাপত ৰাবিয়া বীয়ে সহযোগিতা আগবঢ়াইছিল বুলি অভিযোগ উত্থাপন হৈছিল।
২০২০ চনৰ ১১ জুলাইত ঘটনাটো পোহৰলৈ আহে। অভিযোগ অনুসৰি, ভূপালৰ শ্বাহপুৰা অঞ্চলৰ এটা ফ্লেটত এগৰাকী ছোৱালীৰ জন্মদিন উদযাপনৰ অজুহাতেৰে এগৰাকী নাবালিকাক মাতি নিয়া হৈছিল। তাত তেওঁক বলপূৰ্বকভাৱে সুৰাপান কৰোৱাৰ পিছত প্যাৰে মিঞাই যৌন নিৰ্যাতন চলায়। পৰৱৰ্তী সময়ত আন কেইবাগৰাকীও নাবালিকাই একেধৰণৰ নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে।
গোচৰটোৰ তদন্ত চলাই আৰক্ষীয়ে প্যাৰে মিঞাক গ্ৰেপ্তাৰ কৰিছিল। পিছত তেওঁৰ লগতে ৰাবিয়া বী আৰু আন সহযোগীসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। চৰকাৰী অধিবক্তা পি এন সিং ৰাজপুতৰ মতে, অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ প্ৰমাণ কৰিবলৈ সক্ষম হোৱাৰ পিছতে আদালতে তেওঁক ১০টাকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।





