ৰাছিয়াই ইউক্ৰেইনৰ বিভিন্ন চহৰত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নেৰে ব্যাপক আক্ৰমণ চলাইছে। শুকুৰবাৰে পুৱা এই আক্ৰমণত মৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে। এই আক্ৰমণৰ ঘটনাত বহুলোক আহত হয়।
ইউক্ৰেইনৰ বায়ুসেনাই কয় যে ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ ইমানবোৰ চহৰ একে সময়তে ৰাছিয়াৰ বাহিনীয়ে আক্ৰমণ কৰা নাছিল।
ইউক্ৰেইনৰ সেনাই প্ৰদান কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি ৰাছিয়াই কালি দেশখনৰ বিভিন্ন অঞ্চলত ১৫৮টা বিমান আক্ৰমণ চলায়। ইয়াৰে ১১৪টা মিছাইল আৰু ড্ৰ’ন ধ্বংস কৰা হৈছে।
লগতে পঢ়কঃ ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত IPL খেলি যোৱা নেপালৰ তাৰকা ক্ৰিকেটাৰ সন্দীপ লামিছানে
দীৰ্ঘদিন ধৰি ৰক্ষণাত্মক অৱস্থানত থকাৰ পিছত শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ মাজতে শুকুৰবাৰে এই ভয়ংকৰ আক্ৰমণ সংঘটিত হয়।
ইউক্ৰেইন চৰকাৰৰ তথ্য অনুসৰি এই দিনটোতে দেশখনৰ ৰাজধানী কিয়ভ, পশ্চিমে লিভ চহৰ, দক্ষিণে অডেছা আৰু জাপৰিজ্জিয়া আৰু পূবত ড্নিপ্ৰ’ আৰু খাৰকিভ চহৰকে ধৰি বিভিন্ন অঞ্চলত আক্ৰমণ চলোৱা হয়।
ইউক্ৰেইনৰ মুখ্য কনছুল এড্ৰি কষ্টিনে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে ৰাছিয়াৰ আক্ৰমণত হতাহত হোৱা লোকৰ কথা নিশ্চিত কৰিছে।
লগতে পঢ়কঃ চাঞ্চল্য! বন্ধ ঘৰৰ ভিতৰত উদ্ধাৰ একেটা পৰিয়ালৰ পাঁচ সদস্যৰ কংকালৰ অৱশিষ্ট
ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ মুৰব্বী ভেলেৰী জালুজনীয়ে কয় যে ৰাছিয়াই ইৰাণ নিৰ্মিত শ্বাহেদ ড্ৰ’নেৰে আক্ৰমণ কৰিছিল। তেওঁ কয়, ইয়াৰ পিছত ৰাছিয়াই ৫৫টা ক্ৰুজ মিছাইল, পাঁচটা এৰ’বেলিষ্টিক মিছাইল আৰু কেইবাটাও এণ্টি ৰাডাৰ মিছাইল বিভিন্ন লক্ষ্যত নিক্ষেপ কৰে।