• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কম বয়সীয়া নাৰী পছন্দ আছিল বিল ক্লিণ্টনৰ! নাৰী নিৰ্যাতনকাৰী এপষ্টেইনৰ নথিত চাঞ্চল্যকৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2024 10:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, ব্ৰিটেইনৰ ৰাজকুমাৰ এণ্ড্ৰু আৰু কেইবাজনো বিখ্যাত ব্যক্তিৰ সৈতে আমেৰিকাৰ কুখ্যাত নাৰী নিৰ্যাতনকাৰী জেফ্ৰি এপষ্টেইনৰ সম্পৰ্ক আছিল। বুধবাৰে প্ৰকাশিত আমেৰিকাৰ আদালতৰ নথি-পত্ৰত এই তথ্য প্ৰকাশ পাইছে।

জেফ্ৰি এপষ্টেইনৰ সৈতে সম্পৰ্কত পূৰ্বৰ গোপন আদালতৰ নথি-পত্ৰৰ নতুন তথ্য অনুসৰি যৌন অপৰাধীজনে এবাৰ ভুক্তভোগীসকলৰ এজনক কৈছিল যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে “কম বয়সীয়া নাৰী পছন্দ কৰে”।

এই গোচৰটো আছিল এপষ্টেইনৰ প্ৰেমিকা জিছলেন মেক্সৱেলৰ বিৰুদ্ধে। ২০২২ চনত এপষ্টেইনক নাৰী নিৰ্যাতনত সহায় কৰাৰ অপৰাধত তেওঁক ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। যোৱা মাহত আমেৰিকাৰ আদালতে এই গোচৰৰ সৈতে জড়িত নথি-পত্ৰ প্ৰকাশৰ অনুমতি দিছিল। বুধবাৰৰ পৰা নথি-পত্ৰসমূহ মুকলি কৰা হৈছে।

Apply Now

লগতে পঢ়কঃ কেপ টাউনত ঐতিহাসিক জয়েৰে টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাৰ শীৰ্ষত টীম ইণ্ডিয়া

ফাদিল হোৱা নথি অনুসৰি ক্লিণ্টনে এপষ্টেইনৰ ব্যক্তিগত বিমানত উৰা মাৰিছিল। ইয়াৰে এগৰাকী অভিযুক্ত জোহানা ছ’জবাৰ্গে ২০১৬ চনত দিয়া জবানবন্দীত কয় যে এপষ্টেইনে দাবী কৰিছিল যে যৌনতাৰ ক্ষেত্ৰত “ক্লিণ্টনে কম বয়সীয়া নাৰী পছন্দ কৰিছিল”।

ফাদিল হোৱা নথি-পত্ৰত কমেও ৫০ বাৰ ক্লিণ্টনৰ নাম উল্লেখ আছে। মুঠতে আমেৰিকাৰ সুদৰ্শন প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী পুনৰ নেতিবাচক খবৰৰ মাজলৈ আহিছে।

উল্লেখ্য যে মনিকা লিউনেস্কিয়ে ইতিমধ্যে স্বীকাৰ কৰিছিল যে তেওঁ হোৱাইট হাউছত প্ৰশিক্ষণ ল’বলৈ অহাৰ সময়ত বিল ক্লিণ্টনৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। তেওঁ কৈছিল যে তেওঁলোকে ১৯৯৫ চনৰ পৰা ১৯৯৭ চনলৈকে অভাল অফিচত ৯ বাৰকৈ মিলিত হৈছিল। এই সম্পৰ্ক লুকুৱাই ৰখা নাছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়েও। নতুনকৈ জড়িত এই কেলেংকাৰীত অৱশ্যে ক্লিণ্টনে এতিয়াও মুখ খোলা নাই।

২০০৯ চনত এপষ্টেইনে নাবালিকা মহিলাক জোৰকৈ যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল। ২০১৯ চনত যৌন ব্যৱসায়ৰ বিভিন্ন অভিযোগৰ বিচাৰৰ সময়ত কাৰাগাৰতে তেওঁ আত্মহত্যা কৰিছিল।

লগতে পঢ়কঃ বলীউডৰ পৰা ৰাজনীতিলৈ! বিজেপিলৈ শংকা কঢ়িয়াই আনিব নেকি মনোজ বাজপেয়ীয়ে?

বুধবাৰে প্ৰকাশিত নথি-পত্ৰত থকা বিখ্যাত লোকসকলৰ নাম ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি আৰু আদালতৰ প্ৰক্ৰিয়াত জানিব পৰা গৈছে। সমগ্ৰ নথিখন প্ৰকাশ পালে প্ৰায় ২০০ জন লোকৰ নাম পোহৰলৈ আহিব পাৰে বুলি ধাৰণা কৰা হৈছে। ইয়াৰ ভিতৰত এপষ্টেইনৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰা বহু ব্যক্তি, ৰাজনীতিবিদ আৰু ব্যৱসায়ীও থাকিব পাৰে।

বিল ক্লিণ্টন আৰু প্ৰিন্স এণ্ড্ৰুৰ উপৰিও প্ৰয়াত পপ তাৰকা মাইকেল জেকচন, বিশ্ববিখ্যাত যাদুকৰ ডেভিদ কপাৰফিল্ড আৰু আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নামো প্ৰকাশিত নথি-পত্ৰত সন্নিবিষ্ট কৰা হৈছে।

নথি-পত্ৰ অনুসৰি জোহানা ছ’জবাৰ্গে নামৰ এগৰাকী মহিলাই অভিযোগ কৰিছে যে ২০০১ চনত নিউয়ৰ্কৰ মানহাটানত এপষ্টেইনৰ ঘৰত ৰাজকুমাৰ এণ্ড্ৰুৱে তেওঁক যৌন নিৰ্যাতন চলাইছিল। অৱশ্যে বাকিংহাম পেলেছে ইতিমধ্যে এই অভিযোগ ‘মিছা’ বুলি দাবী কৰিছে। কিন্তু নথিখন প্ৰকাশ পোৱাৰ পিছত তেওঁলোকে পুনৰ কোনো মন্তব্য দিবলৈ সন্মত নহ’ল।

এই নথিখনত ​​ক্লিণ্টনৰ বিষয়ে জোহানা ছ’জবাৰ্গৰ বক্তব্যও সন্নিবিষ্ট কৰা হৈছে। খবৰ অনুসৰি ক্লিণ্টনে এপষ্টেইনৰ ব্যক্তিগত জেট বিমানত যাত্ৰা কৰিছিল। এই শতিকাৰ আৰম্ভণিতে ক্লিণ্টনে সেই বিমানত আফ্ৰিকালৈ মানৱীয় ভ্ৰমণলৈ গৈছিল। সেই সময়ত তেওঁ এপষ্টেইনক ‘দানবীৰ’ বুলিও অভিহিত কৰিছিল। অৱশ্যে পিছত ক্লিণ্টনে তেওঁৰ সৈতে বিচ্ছেদ ঘটায়।

লগতে পঢ়কঃ সবিশেষ তদন্ত হ’ব দেৰগাঁৱৰ ভয়াৱহ দুৰ্ঘটনাৰ : দিল্লীৰ পৰা আহিছে বিশেষজ্ঞৰ দল

জোহানা ছ’জবাৰ্গৰ জবানবন্দীত প্ৰকাশ পাইছে যে এপষ্টেইনে তেওঁক কৈছিল যে তেওঁ ২০০১ চনত আমেৰিকাৰ নিউ জাৰ্চি প্ৰদেশৰ এটা কেচিনোলৈ যোৱাৰ পথত ড’নাল্ড ট্ৰাম্পৰ সৈতে যোগাযোগ কৰিব। অৱশ্যে এই নথিখনত ​​ট্ৰাম্পৰ বিৰুদ্ধে কোনো ধৰণৰ ‘অসৎ কাৰ্য্য’ৰ অভিযোগ উত্থাপন কৰা হোৱা নাছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd