• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলীউডৰ পৰা ৰাজনীতিলৈ! বিজেপিলৈ শংকা কঢ়িয়াই আনিব নেকি মনোজ বাজপেয়ীয়ে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 5, 2024 10:04 am
322
VIEWS
Share on FacebookShare on Twitter

মনোজ বাজপেয়ী দেশৰ অন্যতম শ্ৰেষ্ঠ আৰু সুদক্ষ অভিনেতা। ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিল্পীগৰাকীয়ে বিভিন্ন চলচ্চিত্ৰ, ধাৰাবাহিক আৰু ৱেবচিৰিজৰ দ্বাৰা দৰ্শকৰ মন জয় কৰি আহিছে।  

অভিনয়ৰ দ্বাৰাই বিভিন্ন সময়ত সামাজিক বাৰ্তা প্ৰদান কৰি আহিছে অভিনেতাগৰাকীয়ে। এইবাৰ  নিজে সামাজিক কাম কৰাৰ উদ্দেশ্যেৰে ৰাজনীতিৰ পথাৰত ভৰি দিবলৈ মন মেলিছে নেকি মনোজ বাজপেয়ীয়ে?

উল্লেখ্য যে যোৱা এবছৰ ধৰি মনোজ বাজপেয়ী ৰাজনীতিলৈ অহাৰ চৰ্চা চলি আহিছিল। শেহতীয়াকৈ কিছু সূত্ৰই প্ৰকাশ কৰা মতে ৰাজনীতিত যোগ কৰিব অভিনেতাগৰাকীয়ে।  বিহাৰৰ পশ্চিম চম্পাৰণ লোকসভা আসনৰ পৰা বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে অভিনেতাগৰাকী। 

চিনেমাৰ জগতখনৰ লগত ৰাজনীতিৰ সম্পৰ্ক বহু পুৰণি। যোৱা কেইটামান দশকত ৰাজনীতিলৈ আহিছে এক বুজন পৰিমাণৰ শিল্পী তথা কলা-কুশলী। ভাৰতীয় ৰাজনীতিত সুনীল দত্ত, জয়া বচ্চনৰ দৰে অভিনেতাৰ প্ৰৱেশ ঘটিছে।  এতিয়া সেই তালিকাত নামভৰ্তি কৰাৰ মানস কৰিছে  নেকি মনোজ বাজপেয়ীয়ে?

খবৰ অনুসৰি বিহাৰত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰিছে মনোজ বাজপেয়ীয়ে। শেহতীয়াকৈ এটা নিউজ পৰ্টেলে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে , মনোজ বাজপেয়ীয়ে পশ্চিম চম্পাৰণ লোকসভা সমষ্টিৰ পৰা বিৰোধী প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।

কিন্তু উক্ত নিউজ পৰ্টেলটোৱে কৰা দাবীক অস্বীকাৰ কৰিছে মনোজ বাজপেয়ীয়ে। এক্স হেণ্ডেলৰ এটা পোষ্টত তেওঁ কৈছে, “বাৰু কওকচোন, কোনে ক’লে এই কথা? নে যোৱা নিশা সপোন দেখিছিল? মোক কওক!” 

Achcha ye bataiye ye baat kisne bola ya kal raat Sapna aaya ? Boliye boliye! https://t.co/8pIbjoxrGR

— manoj bajpayee (@BajpayeeManoj) January 4, 2024

আচলতে লালুপ্ৰসাদক লগ পোৱাৰ পিছত যেতিয়া তেওঁৰ ৰাজনীতিত যোগদানৰ জল্পনা-কল্পনা আৰম্ভ হৈছিল, তেতিয়া মনোজ বাজপেয়ীয়ে সংবাদ সংস্থা পিটিআইক দিয়া সাক্ষাৎকাৰত এই বিষয়ে মুকলিকৈ কৈছিল। সেই সময়ত তেওঁ কৈছিল- যোৱাবাৰ বিহাৰলৈ যোৱাৰ সময়ত লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পুত্ৰ তথা উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক লগ পাইছিলো। তেতিয়াৰ পৰাই মই ৰাজনীতিত যোগদান কৰিম বুলি জল্পনা-কল্পনা আৰম্ভ হ’ল। মই ২০০ শতাংশ নিশ্চিত যে মই ৰাজনীতি নকৰোঁ। ৰাজনীতিত যোগদানৰ কোনো প্ৰশ্নই নাই।”

Recent News

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd