সদৌ নাগালেণ্ড স্কুল শিক্ষক সংস্থা (ANSTA)ই ৰাজ্যখনৰ আগন্তুক লোকসভা নিৰ্বাচনৰ কামত শিক্ষকসকলক নিয়োগ নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে।
সংস্থাটোৱে ২০০৭ চনৰ ৬ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে দিয়া এটা ৰায়ৰ উদ্ধৃতি দি কয় যে শিক্ষকসকলক নিৰ্বাচনৰ কামত লগোৱাটো শীৰ্ষ আদালতখনে দিয়া ৰায়ৰ উলংঘন। উল্লেখযোগ্য যে উক্ত ৰায়টোত সৰ্বোচ্চ ন্যায়ালয়ে কৈছিল যে শিক্ষকসকলক কৰ্মদিন আৰু কৰ্মঘণ্টাৰ সময়ত নিৰ্বাচনৰ কামত নিয়োগ কৰিব নোৱাৰিব।
এটা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংস্থাটোৰ বিষয়ববীয়াসকলে উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ প্ৰসংগ টানি কয় যে শিক্ষকসকলক কেৱল বিদ্যালয় বন্ধ থকা দিনতহে বা শিক্ষাদান বন্ধ থকা অৱস্থাতহে নিৰ্বাচনৰ কামত লগাব পাৰিব।
উল্লেখযোগ্য যে নাগালেণ্ড চৰকাৰে অহা ২৮ মে’ত হ’ব লগীয়া ৰাজ্যখনৰ একমাত্ৰ লোকসভা সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে শিক্ষকসকলক লগোৱাৰ ইতিমধ্যে সিদ্ধান্ত লৈছে। সেই উদ্দেশ্যে অহা ১৪ মে’ৰ পৰা উক্ত শিক্ষকসকলৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছে।
শিক্ষক সংস্থাটোৱে অভিযোগ কৰামতে, এই প্ৰশিক্ষণৰ দিনবোৰ আৰু লগতে নিৰ্বাচনৰ দিনটোও শিক্ষকসকলৰ কৰ্মদিন আছে আৰু এইটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি কৰিব। লগতে এই কথাটোৱে পাঠ্যক্ৰম সময়ত সম্পূৰ্ণ কৰিব নোৱৰা পৰিস্থিতিও সৃষ্টি কৰিব। ই চৰকাৰী বিদ্যালয়ত আধাতে পঢ়া এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ বৃদ্ধি কৰে। সংস্থাটোৱে কয় যে যদিও সৰ্বোচ্চ ন্যায়ালয়ে এইটো কথাও কৈছে যে নিৰ্বাচন অনুষ্ঠিত কৰাটো এটা অতি গুৰুত্বপূৰ্ণ কথা, তথাপি শিক্ষাৰ বিষয়টো অৱহেলিত হোৱা উচিত নহয়। দুয়োটা কথাৰ মাজত সুসমন্বয় থাকিব লাগিব। যিসকল চৰকাৰী কৰ্মচাৰী কামত নিয়োজিত হৈ থকা নাই তেওঁলোকক নিৰ্বাচনৰ কামত লগোৱাৰ পোষকতা কৰিছে সংস্থাটোৱে।