• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিগৰাকী অসমীয়ালৈ পদ্ম সন্মান! দেশৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱালৈ পদ্মশ্ৰী

দেশৰ ৫ গৰাকীলৈ পদ্ম বিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ আৰু ১১০ গৰাকীলৈ পদ্মশ্ৰী সন্মান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2024 9:36 am
ভাৰতৰ প্রথমগৰাকী মহিলা মাউত হিচাপে প্ৰসিদ্ধ অসমৰ পাৰ্বতী বৰুৱালৈ আগবঢ়োৱা হৈছে পদ্মশ্রী সন্মান। ফটোঃ সংগ্ৰহীত।

ভাৰতৰ প্রথমগৰাকী মহিলা মাউত হিচাপে প্ৰসিদ্ধ অসমৰ পাৰ্বতী বৰুৱালৈ আগবঢ়োৱা হৈছে পদ্মশ্রী সন্মান। ফটোঃ সংগ্ৰহীত।

10.2k
VIEWS
Share on FacebookShare on Twitter

গণৰাজ্য দিৱস উপলক্ষে চৰকাৰে বৃহস্পতিবাৰে ঘোষণা কৰিছে ২০২৪ বৰ্ষৰ পদ্ম বঁটাসমূহ। সেই অনুসৰি, দেশৰ মুঠ ১৩২ গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৱে এই বঁটাৰ বাবে অনুমোদন জনায়।

ইয়াৰে ৫ গৰাকীলৈ পদ্ম বিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ আৰু ১১০ গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়।

অসমৰ ৩গৰাকী বিশিষ্ট ব্যক্তিলৈ এইবাৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ভাৰতৰ প্রথমগৰাকী মহিলা মাউত হিচাপে প্ৰসিদ্ধ অসমৰ পাৰ্বতী বৰুৱালৈ পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে। সামাজিক কৰ্ম (জীৱ-জন্তু কল্যাণ)ৰ বাবে তেওঁলৈ এই স্বীকৃতি প্ৰদান কৰা হৈছে।

অসমৰ আন এগৰাকী ব্যক্তি সৰ্বেশ্বৰ বসুমতাৰীলৈও পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে। সৰ্বেশ্বৰ বসুমতাৰী চিৰাঙৰ এগৰাকী আদৰ্শ কৃষক আৰু কৃষি ক্ষেত্রলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে।

সেইদৰে, অসমৰ চিপাঝাৰৰ লোকশিল্পী দ্ৰোণ ভূঞালৈও পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

পদ্ম বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত অন্যতম। কলা, সামাজিক কাম, ৰাজহুৱা বিষয়, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, স্বাস্থ্যক্ষেত্ৰ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদিৰ দৰে বিভিন্ন শাখাত আগবঢ়োৱা অৱদানৰ বাবে ক্ৰমে তিনিটা শাখাত পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী  বঁটা প্ৰদান কৰা হয়।

মুঠ পাঁচজন ব্যক্তিক এইবাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছে। চিৰঞ্জীৱী, ভেংকয়া নাইডু, তামিলনাডুৰ বৈজয়ন্তীমালা বালি, বিহাৰৰ সমাজ কৰ্মী বিন্দেশ্বৰ পাঠক (মৰণোত্তৰভাৱে)ৰ উপৰিও তামিলনাডুৰ পদ্ম সুব্ৰমনিয়মে এই সন্মান লাভ কৰিছে।

পদ্মভূষণ ১৭ গৰাকীক দিয়া হৈছে। এইটো কেন্দ্ৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। এই তালিকাৰ ভিতৰত আছে কেৰেলাৰ এম ফাতিমা বিভি (মৰণোত্তৰ), মহাৰাষ্ট্ৰৰ সাহিত্যিক সাংবাদিক হৰমুছজী এন কামা, কৰ্ণাটকৰ উদ্যোগপতি সীতাৰাম জিন্দল, মহাৰাষ্ট্ৰৰ চিকিৎসক অশ্বিনী বলচান্দ মেহতা, মহাৰাষ্ট্ৰৰ ৰাম নাইক, গুজৰাটৰ চিকিৎসক তেজস মধুসুদন পেটেল, কেৰালাৰ অলাঞ্চেৰী ৰাজাগোপাল, মহাৰাষ্ট্ৰৰ দত্তৰায় আম্বাছ মায়ালু ওৰফে ৰাজদুত। লাডাখৰ টোগদান ৰিনপোচে (মৰণোত্তৰ), মহাৰাষ্ট্ৰৰ প্যাৰেলাল শৰ্মা, বিহাৰৰ চন্দ্ৰশ্বৰ প্ৰসাদ ঠাকুৰ, তামিলনাডুৰ বিজয়কান্ত (মৰণোত্তৰ),পশ্চিমবংগৰ মিথুন চক্ৰৱৰ্তী, সত্যব্ৰত মুখাৰ্জী, উষা উত্থুপ আৰু মহাৰাষ্ট্ৰৰ কুন্দন ব্যাস।

এগৰাকী বিদেশীকো পদ্মভূষণেৰে সন্মানিত কৰা হৈছে। টাইৱানৰ বাসিন্দা ফক্সকনৰ চিইঅ’ ইয়ং লিউৱে এই সন্মান লাভ কৰিছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd