• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোৱাৰীয়েকৰ মেকআপ লুকুৱাই ব্যৱহাৰ কৰে শাহুৱে; পুত্ৰৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিলে পত্নীয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 30, 2024 11:34 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

5.5k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী মহিলাই স্বামীৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছে কিয়নো তেওঁৰ শাহুৱেকে অনুমতি অবিহনে তেওঁৰ মেকআপ ব্যৱহাৰ কৰে। এয়া উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ঘটনা। অনুমতি অবিহনে মেকআপ ব্যৱহাৰক লৈ শাহুৱেকৰ সৈতে হোৱা বিবাদৰ বাবে স্বামীয়ে তেওঁক আৰু ভগ্নীক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে গৃহিণীগৰাকীয়ে।

আগ্ৰাৰ মালপুৰাৰ বাসিন্দা মহিলাগৰাকী আৰু তেওঁৰ ভগ্নীয়ে ৮ মাহ পূৰ্বে দুই ভাতৃক বিয়া কৰাইছিল। সকলো ঠিকেই আছিল যেতিয়ালৈকে মহিলাগৰাকীয়ে গম পোৱা নাছিল যে তেওঁৰ শাহুৱেকে তেওঁৰ অনুমতি অবিহনে তেওঁৰ মেকআপ ব্যৱহাৰ কৰি আছে।

লগতে পঢ়কঃ ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যসভাৰ ৫৬খন আসনৰ বাবে নিৰ্বাচন; ইণ্ডিয়া মিত্ৰজোঁটৰ বাবেও আশাৰ খবৰ!

গৃহিণীগৰাকীয়ে লগতে কয় যে যেতিয়াই কোনো অনুষ্ঠানলৈ যাবলগীয়া হয় তেতিয়াই শাহুৱেকে মেকআপৰ সঁজুলি ব্যৱহাৰ কৰা বাবে তেওঁৰ মেকআপ কৰা নাছিল। মহিলাগৰাকীয়ে আগ্ৰা আৰক্ষীৰ ‘পৰিবাৰিক পৰমৰ্শ কেন্দ্ৰ’ক জনোৱা মতে, শাহুৱেকে তেওঁৰ কাপোৰ পিন্ধি ঘৰৰ ভিতৰতে মেকআপ কৰিছিল। তাৰ পাছত গৃহিণীজনী মালপুৰা থানালৈ যায়। গৃহিণীক ঘৰৰ ভিতৰত মেকআপ লগাবলৈ মানা কৰাৰ বাবে শাহুৱেকৰ লগত কাজিয়া হোৱা বুলিও কয়।

মহিলাগৰাকীৰ মতে, যেতিয়া তেওঁৰ শাহুৱেকে পুত্ৰক এই কথা ক’লে, তেতিয়া তেওঁৰ স্বামীয়েও তেওঁক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰিল আৰু মহিলাগৰাকী আৰু তেওঁৰ ভনীয়েকক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হ’ল। দুমাহ ধৰি মোমায়েকৰ ঘৰত বসবাস কৰি আছে ভগ্নীদ্বয়ে।

কাউন্সেলাৰ অমিত গৌৰে জনায় যে দেওবাৰে গৃহিণী আৰু শাহুৱেকক পৰিয়াল পৰমৰ্শ কেন্দ্ৰলৈ কাউন্সেলিঙৰ বাবে মাতি অনা হৈছিল। অমিত গৌৰে লগতে কয় যে মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদ বিচাৰি অটল আছিল কাৰণ তেওঁৰ মতে বিষয়টো এতিয়া তেওঁৰ অনুমতি অবিহনে প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাত সীমাবদ্ধ নহয়।

লগতে পঢ়কঃ ‘এয়া ষ্টেচন নহয়, বিচাৰিলেই যিকোনো ৰে’লত উঠিব নোৱাৰি’, অধিবক্তাক শিষ্টাচাৰ শিকালে মুখ্য ন্যায়াধীশে

অমিত গৌৰে কয়, ‘মহিলাগৰাকীয়ে কৈছিল যে তেওঁৰ স্বামীয়ে কেৱল মাকৰ কথা শুনিছিল বাবে তেওঁ ঘৰুৱা হিংসাৰ বলি হবলগীয়া হৈছিল। মহিলাগৰাকী আৰু তেওঁৰ স্বামীক অধিক পৰামৰ্শৰ বাবে পুনৰ মাতি অনা হ’ব।’

Recent News

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd