আজি পুৱাই আহিল বিনোদন জগতৰ বাবে এটা বেয়া খবৰ। আন এগৰাকী তাৰকাৰ দেহাৱসান ঘটিল। অনুৰাগীসকলক স্তম্ভিত কৰি ইহ সংসাৰ এৰিলে মডেল-অভিনেত্ৰী পুনম পাণ্ডেই।
তেওঁৰ ছ’চিয়েল মিডিয়াতে আহিছে বেয়া খবৰটো। কৰ্কট ৰোগে তেওঁৰ প্ৰাণ কাঢ়ি লৈ গ’ল। ইমান কম বয়সতে তেওঁ ঘূৰি নহাৰ দেশলৈ গুচি গ’ল। জৰায়ুত হোৱা এই মাৰাত্মক ৰোগৰ বিষয়ে বহুতেই নাজানিছিল। বহুতৰ পৰা লুকাই ৰাখিছিল।
ছ’চিয়েল মিডিয়াত তেওঁ যথেষ্ট সক্ৰিয় আছিল। বিশেষকৈ গ্লেমাৰৰ সৈতে জড়িত এই তাৰকাগৰাকীয়ে প্ৰায়ে বিতৰ্কৰ মাজত সোমাই পৰিছে।
অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত তেওঁৰ ছ’চিয়েল মিডিয়াই কয়, ‘আজি আমাৰ বাবে অতি দুখৰ দিন। আমি আমাৰ মৰমৰ পুনমক জৰায়ুৰ কৰ্কট ৰোগত হেৰুৱালোঁ। তেওঁৰ সান্নিধ্যলৈ অহা সকলোৱে দেখিছে তেওঁ কিমান ভাল আৰু দয়ালু। এতিয়া আমি আপোনালোকৰ পৰা কিছু গোপনীয়তা বিচাৰিছো। তেওঁক ভালদৰে মনত ৰাখিব।”
তেওঁৰ মেনেজাৰে জনায় যে যোৱা নিশাই তেওঁৰ মৃত্যু হৈছে। তেওঁৰ বয়স আছিল ৩২ বছৰ। তেওঁক তৃতীয়বাৰৰ বাবে দেখা গৈছিল কংগনা ৰানাৱতৰ Lock Up শ্ব’ (Lock Up by Kangana)ত। তাত জয়ী নহ’লেও অনুৰাগীৰ সংখ্যা বাঢ়িছিল। তেওঁৰ মৃত্যুত বহুতে স্তম্ভিত হৈ পৰিছে যদিও বহুতে তেওঁলোকৰ কুৎসিত মন্তব্য ৰোধ কৰিব নোৱাৰিলে।
উল্লেখ্য যে ২০২০ চনত পুনমে ছেম বম্বৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তাৰ পিছত তেওঁলোকে একেলগে বহুতো ভিডিঅ’ আৰু ছবি শ্বেয়াৰ কৰিছিল। বহুতে তেতিয়াও যথেষ্ট আচৰিত হৈছিল। অৱশ্যে সেই বিবাহ বেছি দিন নিটিকিল। কিছুদিনৰ ভিতৰতে পুনমে স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল।