“হিমন্ত বিশ্ব শৰ্মা এটা নক্ষত্ৰ, আমি সৰু সৰু জোনাকী পৰুৱা। হিমন্ত বিশ্ব শৰ্মা এজন কিংবদন্তী। অসমখনক নতুন ধৰণে গঢ়িব লগা হয়, সঁচাসঁচিকৈ যদি উন্নত ৰাজ্য গঢ়িবলৈ হয়, সমাজৰ নিম্ন শ্ৰেণীৰ জীৱন ধাৰণ উন্নত কৰিব লগা হয়, হিমন্ত বিশ্ব শৰ্মাই কৰিব। উন্নয়নৰ সংজ্ঞাই সলনি কৰি পেলালে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই”
বিজেপিত যোগদান কৰি এইদৰে মূৰত গেৰুৱা টুপি পিন্ধি তৈলমৰ্দনেৰে উপচাই পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কমল কুমাৰ মেধিয়ে। আজি অ’ত কালি ত’তকৈ জোৰা লগাই লগাই ৰাজনৈতিক জীৱন চলাই নিয়া কমল কুমাৰ মেধিয়ে এসময়ত হিটলাৰ বুলি আক্ৰমণ কৰা হিমন্ত বিশ্ব শৰ্মাক আজি নক্ষত্ৰ আৰু কিংবদন্তী ৰাজনীতিক বুলি তেলেৰে উপচাই পেলালে।
উল্লেখ্যে যে নিজকে সততাৰ প্ৰতিমূৰ্তি বুলি দাবী কৰি সোমবাৰে বাজপেয়ী ভৱত বিজপিত যোগদান কৰে কমল কুমাৰ মেধিয়ে। ৰাজনৈতিক উচ্চাকাংক্ষা নাই বুলি দাবী কৰা কমল মেধিয়ে সাপে মুট সোলোৱাৰ দৰে দল সলাই থাকে। ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিৰ ইতিহাসত নিলৰ্জ্জৰ দৰে ডলাৰ বগৰীৰ কৃতিত্ব নিজে নিজে আজুৰি লৈছে কুমল কুমাৰ মেধিয়ে। ক্ষমতাৰ লালসাত দৌৰি দৌৰি ভাগৰি পৰি অৱশেষত এটা শাসকীয় দলত যোগদান কৰি নিজকে সততাৰ প্ৰতিমূৰ্তি অতি হাস্যকৰ দাবীও কৰিলে কমল মেধিয়ে। এসময়ত হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আৰু বিজেপি ফেচিষ্ট শক্তি বুলি দাবী কৰা কমল কুমাৰ মেধিয়ে এতিয়া নিজেই ফেচিষ্ট আৰু হিটলাৰৰ একান্ত অনুগত হ’ল।
এইদৰে এসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ সৈতে তুলনা কৰিছিল কমল কুমাৰ মেধিয়ে। লগতে বিজেপিক কৈছিল ফেচিষ্ট শক্তি। সেই শক্তি এতিয়া জাহ গৈ ফেচিষ্ট হৈ পৰিল কমল কুমাৰ মেধিয়ে। সেয়ে এসময়ত নিজেই ফেচিষ্ট বুলি দাবী কৰাৰ বিজেপিক এতিয়া উন্নয়নক কৰুণাধাৰা বুলি জ্ঞান কৰিছে মেধিয়ে। কিন্তু মহানগৰৰ হাৱা পানী খাই নুদুকা পুদুকা হোৱা মেধিয়ে হয়তো পাহৰিছে যে ল’ৰি ফুৰা কেঁকোৰাৰ তেল নাথাকে। সেয়ে তেওঁ এময়ৰ ফেচিষ্টৰ চৰণ পখালিবলৈ গৈ কমল কুমাৰ মেধিয়ে এতিয়া দিছে কেতবোৰ অদ্ভূদ যুক্তি। যিবোৰ যুক্তি শুনি এতিয়া সচেতন মানুহ হৈ পৰিছে অবাক। মেধিৰ দাবীৰ মতে বিজেপি হৈছে এখন মহাসাগৰ আৰু সেই মহাসাগৰৰ তেওঁ এটা মাত্ৰ কণিকাহে। মৰীছিকাৰ দৰে ক্ষমতাৰ খকত দৌৰি দৌৰি ভাগৰি শেষত এটা ক্ষমতাসীন দলত যোগদান কৰা ডলাৰ বগৰী কমল কুমাৰ মেধিয়ে এই স্বভাৱ ইমানতে সামৰে নে আকৌ নিলৰ্জ্জৰ দৰে ভৱিষ্যতে অন্য দললৈ বাগৰে সেয়া লক্ষণীয় হ’ব।





