• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ শ্বেতপত্ৰত `আদৰ্শ দুৰ্নীতি’; সেই গোচৰতে চকী হেৰুওৱা অশোক চৱনে যোগ দিব বিজেপিত!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 13, 2024 11:09 am
মহাৰাষ্ট্ৰৰ প্ৰাক্তন 
মুখ্যমন্ত্ৰী অশোক চৱন। ফাইল ফটোঃ সংগ্ৰহীত।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱন। ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ সংসদত এখন ‘শ্বেতপত্ৰ’ প্ৰকাশ কৰি ইউ পি এৰ কাৰ্যকালত দেশৰ অৰ্থনৈতিক অৱস্থাৰ খতিয়ান দাঙি ধৰিছিল। সেই শ্বেতপত্ৰখনত মহাৰাষ্ট্ৰৰ ‘আদৰ্শ দুৰ্নীতি’ৰ উল্লেখ আছিল।

মহাৰাষ্ট্ৰৰ তদানীন্তন মুখ্যমন্ত্ৰী অশোক চৱনে এই গৃহ নিৰ্মাণ কেলেংকাৰীত জড়িত হোৱাৰ বাবেই চকী হেৰুৱাবলগীয়া হৈছিল। সেই অশোকে সদ্যহতে কংগ্ৰেছ এৰিছে। এইবাৰ কংগ্ৰেছৰ কেইবাজনো বিধায়কৰ লগতে অশোক চৱনে বিজেপিত যোগদান কৰিব বুলি বাতৰি ওলাইছে।

উল্লেখ্য যে আদৰ্শ দুৰ্নীতিৰ গোচৰত বম্বে উচ্চ ন্যায়ালয়ে কেইবাজনো ৰাজনৈতিক ব্যক্তি আৰু তদানীত্বন মন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল। প্ৰসংগক্ৰমে দক্ষিণ মুম্বাইৰ কোলাবা অভিজাত অঞ্চলত আদৰ্শ গৃহ নিৰ্মাণ কৰা হৈছিল। কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ পত্নী আৰু ভাৰতীয় সেনাবাহিনীৰ সদস্যসকলৰ বাবে নিৰ্মাণ কৰা হৈছিল এই বাসগৃহ।

Apply Now

লগতে পঢ়কঃ এইবাৰ ৰামায়ণৰ ‘দশৰথ’ৰ চৰিত্ৰত অভিনয় কৰিব অমিতাভ বচ্চনে!

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছিল। কিন্তু অভিযোগ উত্থাপন হৈছিল যে মহাৰাষ্ট্ৰৰ তেতিয়াৰ মন্ত্ৰী-আমোলাসকলে সেই বাসগৃহত অবৈধভাৱে নিজৰ নামত ফ্লেট লৈছিল। ২০১০ চনত প্ৰথম আদৰ্শ কেলেংকাৰীৰ খবৰ পোহৰলৈ আহে।

অভিযোগ উত্থাপন হৈছিল যে তেতিয়াৰ মুখ্যমন্ত্ৰী অশোক চৱনে নিজৰ প্ৰভাৱ খটুৱাই  তিনিজন আত্মীয়ক পানীৰ দৰত ফ্লেট লাভ কৰাত সহায় কৰিছিল। হেঁচাত পৰি সেই বছৰ অশোক চৱনে পদত্যাগ কৰিবলৈ বাধ্য হয়।

মহাৰাষ্ট্ৰৰ আন দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখ আৰু সুশীল শিণ্ডেও এই কেলেংকাৰিত জড়িত হৈ আছিল। ইডি আৰু চিবিআইয়ে তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। ইফালে অভিযোগ উত্থাপন হৈছিল যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই গৃহ নিৰ্মাণ কৰা হোৱা নাই। এই বহুমহলীয়া ঘৰবোৰ উপকূলৰ ওচৰতে কোনো পৰিৱেশৰ সেউজ সংকেত নোহোৱাকৈ নিৰ্মাণ কৰা হৈছিল। পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰে যে ইয়াৰ বাবেই মুম্বাইৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন হ’ব।

লগতে পঢ়কঃ খেল চলি থকাৰ সময়তে খেলপথাৰত বজ্ৰ পৰি মৃত্যু ফুটবলাৰৰ; চাওক শিহৰণকাৰী ভিডিঅ’

এতিয়া এই কেলেংকাৰীত জড়িত অশোক চৱন বিজেপিত যোগদান কৰিব পাৰে। ইতিমধ্যে মহাৰাষ্ট্ৰত কংগ্ৰেছৰ অৱস্থা অস্বস্তিকৰ। কিছুদিন পূৰ্বে মিলিন্দ দেওৰা আৰু বাবা ছিদ্দিকীৰ দৰে ডাঙৰ নেতাই কংগ্ৰেছ এৰি এন ডি এত যোগদান কৰিছিল। মিলিন্দে একনাথ শিণ্ডেৰ শিৱসেনাত যোগদান কৰে আৰু পিতৃ ছিদ্দিকীয়ে অজিত পাৱাৰৰ এন চি পিত যোগদান কৰে।

ইপিনে, অশোক চৱনে বিজেপিত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে। বিজেপিয়ে অশোক চৱনক ৰাজ্যসভালৈ পঠিয়াব পাৰে বুলি ধাৰণা কৰা হৈছে। ইয়াকে লৈসৰৱ হৈ পৰিছে উদ্ধৱ থাকৰে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd