দেশৰ ৰাজধানী দিল্লী পুনৰ কঁপিব কৃষক বিদ্ৰোহত। এক দীৰ্ঘদিনীয়া কৃষক আন্দোলনৰ সাক্ষী হ’ব পাৰে ৰাজধানী দিল্লী। এই উদ্দেশ্যে ইতিমধ্যে ‘দিল্লী চলৌ’ কাৰ্যসূচী আৰম্ভ কৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে।
দিল্লী অভিমুখী কৃষকসকলক বাধা দিয়াৰ বাবে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰে। পদযাত্ৰা বন্ধ কৰিবলৈ বিপুল নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে স্থাপন কৰিছে বেৰিকেড। ৰাজধানীত প্ৰৱেশ কৰিব নোৱাৰাকৈ সীমান্ত ছীল কৰা হৈছে।
কেৱল সিমানেই নহয়, পথত গজাল পুতিও কেন্দ্ৰই প্ৰতিবাদী কৃষকসকলক বাধা দিয়াৰ চেষ্টা কৰিছে। তাৰ মাজতে আজি হাৰিয়ানা আৰক্ষীয়ে পঞ্জাৱৰ সীমান্তৰ শম্ভূত বহুকেইগৰাকী প্ৰতিবাদকাৰী কৃষকক আটক কৰে।
প্ৰতিবাদকাৰী কৃষকসকলে বেৰিকেড ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰাৰ পিছত নিৰাপত্তাৰক্ষীয়ে ড্ৰ’ন ব্যৱহাৰ কৰি কন্দুৱা গেছ নিক্ষেপ কৰিছে কৃষকসকলৰ ওপৰত। নিৰাপত্তাৰক্ষীৰ এনে স্থিতিৰ পিছত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি।
ইয়াৰ পাছতো কৃষকসকল সাজু হৈছে দিল্লীত প্ৰতিবাদ গঢ়ি তুলিবলৈ। দাবী পূৰণ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে প্ৰতিবাদী কৃষকসকলে। অৰ্থাৎ দিল্লীত এক দীৰ্ঘম্যাদী আন্দোলনৰ বাবে প্ৰতিবাদী কৃষকসকল সাজু হৈছে।
এই সন্দৰ্ভত এগৰাকী কৃষক নেতাই জানিবলৈ দিয়া মতে, তেওঁলোকে প্ৰায় ছয়মাহ ধৰি খাব পৰাকৈ ৰেচন আৰু পৰ্যাপ্ত ইন্ধন লগত লৈ আহিছে। এটা বেজীৰ পৰা আৰম্ভ কৰি হাতুৰীলৈকে সকলো প্ৰয়োজনীয় সামগ্ৰী লগত অনা বুলি জানিবলৈ দিয়ে কৃষক নেতাজনে।
উল্লেখ্য যে নিজা দাবীসমূহৰ সন্দৰ্ভত প্ৰতিবাদী কৃষক নেতৃত্ব আৰু চৰকাৰৰ প্ৰতিনিধিৰ মাজত কেইবাঘণ্টা জোৰা আলোচনা চলিছিল যদিও দুয়োপক্ষৰ মাজৰ এই আলোচনা একমতত উপনীত হোৱা নাছিল।
নূন্যতম সমৰ্থন মূল্য (MSP)ৰ আইন প্ৰণয়ন, কৃষক ঋণ ৰেহাই আৰু স্বামীনাথন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাকে ধৰি তিনিটা মূল দাবীৰ ওপৰত আলোচনাত একমতত উপনীত হ’ব পৰা নগ’ল।
এই দাবীসমূহৰ লগতে বিদ্যুৎ আইন ২০২০ বাতিল, উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত নিহত কৃষকক ক্ষতিপূৰণ দিয়া, কৃষকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ আদি আনুসংগিক দাবী উত্থাপনেৰে প্ৰতিবাদী কৃষকসকলে ‘দিল্লী চলৌ’ কাৰ্যসূচী গ্ৰহণ কৰিছে।
কৃষকসকলক দিল্লীত প্ৰৱেশত বাধা দিয়াৰ উদ্দেশ্যে দিল্লী সীমান্তত ব্যৱস্থা লোৱাৰ উপৰিও হাৰিয়ানাৰ কৰ্তৃপক্ষই পঞ্জাৱৰ সৈতে ৰাজ্যখনৰ সীমান্তত নিৰাপত্তা অধিক শক্তিশালী কৰি তুলিছে।
হাৰিয়ানাত অৰ্ধসামৰিক জোৱানৰ ৬৪টা কোম্পানী আৰু হাৰিয়ানা আৰক্ষীৰ ৫০টা কোম্পানী বিভিন্ন জিলাত মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও ড্ৰ’ন আৰু চিচিটিভি কেমেৰা ব্যৱহাৰ কৰা হৈছে।