আকৌ বিপদত পৰিছে প্ৰাক্তন সাংসদ তথা অভিনেত্ৰী জয়াপ্ৰডা। আদালতে প্ৰাক্তন সাংসদগৰাকীক পলাতক বুলি ঘোষণা কৰিছে। কেৱল সেয়াই নহয়, আদালতে তেওঁক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবলৈও নিৰ্দেশ দিছে।
উত্তৰ প্ৰদেশৰ ৰামপুৰত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। ইয়াৰ পূৰ্বে আদালতে এখন চিনেমা হলৰ শ্ৰমিকে দাখিল কৰা গোচৰত অভিনেত্ৰীগৰাকীক জেল আৰু জৰিমনা বিহাৰ নিৰ্দেশ দিছিল। এইবাৰ নিৰ্বাচনৰ সৈতে জড়িত গোচৰত অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়।
জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ ৰামপুৰৰ প্ৰাক্তন সাংসদ জয়াপ্ৰদাৰ বিৰুদ্ধে দুটা গোচৰত এজাহাৰ দাখিল কৰা হৈছে। কেমাৰি আৰু সোৱাৰ থানাত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে।
২০১৯ চনৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল। বিশেষ সাংসদ-বিধায়ক আদালতে অভিযোগ দাখিল কৰাৰ পাছত তেওঁক কেইবাবাৰো হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু উপস্থিত হোৱা নাছিল অভিনেত্ৰীগৰাকী। একেৰাহে সাতবাৰ তেওঁৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্টো জাৰি কৰা হৈছিল। কিন্তু আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰিব নোৱাৰিলে।
আৰক্ষীয়ে আদালতত জনায় যে জয়াপ্ৰদাই বাৰে বাৰে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ পলায়ন কৰি আহিছে। লগতে আৰক্ষীয়ে আদালতত কয় যে তেওঁৰ সকলো মোবাইল নম্বৰ চুইচ অফ হৈ আছে।
মঙলবাৰে আদালতত এই গোচৰটো উত্থাপন হোৱাৰ সময়ত ন্যায়াধীশ শোৱিত বংশালে জয়াপ্ৰদাক পলাতক বুলি ঘোষণা কৰে।
ৰামপুৰৰ আৰক্ষী অধীক্ষকক চক্ৰ বিষয়াৰ নেতৃত্বত এটা দল গঠন কৰি ৬ মাৰ্চৰ ভিতৰত অভিনেত্ৰীগৰাকীক আদালতত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰামপুৰৰ বিজেপিৰ প্ৰাৰ্থী আছিল অভিনেত্ৰী জয়া প্ৰডা। তেওঁ সমাজবাদী পাৰ্টিৰ নেতা আজম খানৰ হাতত পৰাস্ত হৈছিল। ইয়াৰ পূৰ্বে ২০০৪ আৰু ২০০৯ চনত তেওঁ সেই ৰামপুৰ সমষ্টিৰ পৰা সমাজবাদী পাৰ্টিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল। পিছত তেওঁক সমাজবাদী পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হয়।