• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

জাহিৰৰ দিকদৰ্শনেৰে কেৰিয়াৰত সাফল্য এণ্ডাৰছনৰঃ নিজ মুখেৰে কৰিলে স্বীকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 29, 2024 7:22 pm
IND vs ENG Zaheer Khan James Anderson
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বয়স ৪১ বছৰ। এগৰাকী পেচাৰৰ বাবে এই বয়সত আন্তঃ ৰাষ্ট্ৰীয় কেৰিয়াৰ আগবঢ়াই নিয়া স্বাভাৱিকতেই সম্ভৱ নহয়। কিন্তু এই অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছে জেমছ এণ্ডাৰছনে। তাকো পূৰ্বৰ দৰেই প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি।

কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ৰ পৰাই আকৰ্ষণীয় বলিং ষ্টাইলসহ সুকৌশলী ৰিভাৰ্ছ ছুইঙেৰে প্ৰতিপক্ষক ব্যতিব্যস্ত কৰি আহিছে এণ্ডাৰছনে। ইংলেণ্ডৰ বলিং আক্ৰমণক দীৰ্ঘসময় ধৰি নেতৃত্ব দি অহা এণ্ডাৰছন এতিয়া এক কিংবন্তিত পৰিণত হৈছে।

Apply Now

সীমিত অভাৰৰ ক্ৰিকেটৰ পৰা আঁতৰি থাকিলেও টেষ্টত ধাৰাবাহিকভাৱে ইংলেণ্ডক প্ৰতিনিধিত্ব কৰি আহিছে এণ্ডাৰছনে। টেষ্ট কেৰিয়াৰত তাৰকাগৰাকীক ৭০০ উইকেট সম্পূৰ্ণ কৰিবলৈ আৰু মাত্ৰ দুটা উইকেটৰ প্ৰয়োজন।

ভাৰতৰ বিপক্ষে চলি থকা টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টতে এণ্ডাৰছনে ক্ৰিকেট ইতিহাসৰ প্ৰথমগৰাকী পেচাৰ হিচাপে এই অভিনৱ কৃতিত্ব অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেনে সময়তে তাৰকা পেচাৰগৰাকীয়ে জানিবলৈ দিছে তেওঁৰ এই সাফল্যৰ আঁৰৰ ব্যক্তিগৰাকীৰ কথা।

এণ্ডাৰছনে জানিবলৈ দিয়া মতে প্ৰাক্তন ভাৰতীয় তাৰকা পেচাৰ জাহিৰ খানৰ পৰা তেওঁ আয়ত্ব কৰিছিল ৰিভাৰ্ছ ছুইঙৰ লগতে বহুকেইটা পেচ বলিং কৌশল। জাহিৰ খানৰ পৰা শিকা এই কৌশলসমূহে এণ্ডাৰছনক ক্ৰিকেট ইতিহাসৰ এজন মহাতাৰকাত পৰিণত কৰিছে।

জিঅ’ চিনেমাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এণ্ডাৰছনে কয় যে জাহিৰ খান এনেকুৱা এজন ব্যক্তি, যাৰ খেল চাই তেওঁ শিকাৰ চেষ্টা কৰিছিল। জাহিৰ খানৰ বাবেই ৰিভাৰ্ছ ছুইং লাভ কৰিবলৈ সক্ষম হোৱা বুলি স্বীকাৰ কৰিছে এণ্ডাৰছনে।

জাহিৰ খানে বহুত সময় দি ৰিভাৰ্ছ ছুইং শিকাইছিল বুলি সাক্ষাৎকাৰটোত উল্লেখ কৰে ইংলেণ্ডৰ তাৰকাগৰাকীয়ে। সুযোগ পালেই জাহিৰ খানৰ লগত সময় কটাইছিলো বুলি অতীত সুঁৱৰি এণ্ডাৰছনে লগতে ভাৰতীয় পেচাৰগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

উল্লেখ্য যে জাহিৰ খানে আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ তিনি বছৰৰ পাছত ২০০৩ চনত এণ্ডাৰছনে টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৪ চনত ভাৰতীয় তাৰকাগৰাকীয়ে ৬০০ৰো অধিক উইকেটেৰে আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd