• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্রধানমন্ত্ৰীকো সাক্ষাৎ কৰিব বিৰোধী ঐক্য মঞ্চই : ‘কা’ প্রত্যাহাৰৰ বাবে ৰাজ্যপালক স্মাৰক পত্ৰ ১৬টা বিৰোধী দলৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 29, 2024 7:47 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কা’ বলৱৎ কৰা বিষয়টোৰ বিৰোধিতা কৰি আজি অসমৰ ১৬ টা বিৰোধী দলৰ ঐক্য মঞ্চই ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে। 

বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নেতৃত্বত ১৬টা দলৰ শীৰ্ষ নেতৃত্বই আজি পুৱা ১০ বজাত  ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰে আৰু ‘কা’ প্রযোজ্য হ’লে হ’ব পৰা ভয়াৱহ পৰিস্থিতিৰ কথা অৱগত কৰে। 

Apply Now

‘কা’ৰ বিধিসমূহ প্রয়োগ হোৱাৰ লগে লগে অসমৰ অস্তিত্বৰ প্রতি পুনৰ সংকট আহিব, বিশেষকৈ জাতি-জনগোষ্ঠীৰ ভৱিষ্যতক লৈ অনিশ্চয়তা আহি পৰাৰ লগতে অসমীয়া জাতিৰ সাংস্কৃতিক, ভাষিক আৰু অর্থনৈতিক অস্থিৰতা আহি পৰিব। বিদেশীৰ বোজা অসমে আৰু ল’ব নোৱাৰে বুলি ৰাজ্যপালক বিৰোধী ঐক্য মঞ্চৰ নেতাসকলে স্পষ্ট কৰি দিয়ে। 

বিৰোধী দলৰ নেতৃত্বৰ যুক্তি মন দি শুনি ৰাজ্যপালগৰাকীয়ে কয় যে স্মাৰক পত্ৰত উল্লেখ কৰা বিষয়সমূহ তেওঁ ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্রেৰণ কৰিব আৰু বিষয়টো আলোচনা কৰিব। 

অৱশ্যে ৰাজ্যপালগৰাকীৰ সীমাৱদ্ধতাৰ কথাও তেওঁ উনুকিয়াই আৰু চৰকাৰে কৰিম বুলি কৰা কাম পুনৰ বিবেচনা কৰিবৰ বাবে তেখেতে পৰামৰ্শহে দিব পাৰে বুলি উল্লেখ কৰে। 

বিৰোধী দলৰ নেতাসকলে দেশৰ প্রধানমন্ত্ৰীক সাক্ষাৎ কৰি ‘কা’ৰ পৰা হ’ব পৰা ভয়াৱহতাৰ কথা অৱগত কৰিব বুলি ৰাজ্যপালক জনাই আৰু প্রধানমন্ত্ৰীৰ এক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি দিবৰ বাবে অনুৰোধ জনায়।

ৰাজ্যপালগৰাকীয়ে বিৰোধী দলৰ নেতাসকলক প্রধানমন্ত্ৰী কাৰ্যালয়লৈ সাক্ষাৎকাৰ বিচাৰি এখন পত্ৰ প্রেৰণ কৰিবলৈ পৰামৰ্শ দিয়ে আৰু তাৰ প্রতিলিপি ৰাজ্যপালক দিবৰ বাবে আহ্বান জনায়। 

সৌহাৰ্দাপূৰ্ণ এই আলোচনা প্রায় ৪০ মিনিটযোৰা হয় যদিও বিৰোধী নেতাসকলে ‘কা’ প্রত্যাহাৰ কৰিবৰ বাবে সজোৰে দাবী উত্থাপন কৰে আৰু অসমৰ ৰাইজৰ ভৱিষ্যতৰ বিষয়টো সাংবিধানিক মুৰব্বী হিচাপে বিবেচনা কৰাৰ দায়িত্ব ৰাজ্যপালগৰাকীৰ বুলি তেখেতক জানিবলৈ দিয়ে। 

অসম প্রদেশ কংগ্ৰেছৰ সভাপতি, ভূপেন কুমাৰ বৰা, তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, পিএলপিৰ সভাপতি চৰণ ডেকাই ৰাজ্যপালৰ আগত অসমৰ ৰাইজৰ হৈ ‘কা’ বাতিল কৰিবলৈ যুক্তি প্রদৰ্শন কৰে। 

বিৰোধী ঐক্য মঞ্চৰ প্রতিনিধি হিচাপে চিপিএম দলৰ ইছফাকুৰ ৰহমান, আপৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰী, এনচিপিৰ (শাৰদ) পৰেশ বৰুৱা, সমাজবাদী পাটীৰ অসমৰ ৰাজ্যিক সভাপতি আব্দুল আজিজৰ লগতে আৰজেডি, অসম জাতীয় দলৰ নেতৃত্বও উপস্থিত থাকে। 

অসম প্রদেশ কংগ্ৰেছৰ হৈ প্রতিনিধি দলটোত সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, বিপুল গগৈ, জিন্টু হাজৰিকা আৰু বিৰোধী ঐক্য মঞ্চৰ সমন্বয়ক বেদব্ৰত বৰাও উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd