চ’ছিয়েল নেটৱৰ্কিং চাইট টুইটাৰত আজি দেখিবলৈ পোৱা গ’ল এক বিশেষ ট্ৰেণ্ড। শাসকীয় বিজেপি দলৰ নেতাসকলে সূচনা কৰিছে এই ট্ৰেণ্ডৰ। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ এক বিশেষ মন্তব্যক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিল আজি বিজেপি নেতৃত্ব।
আজি বিজেপিৰ গৰিষ্ঠ সংখ্যক নেতাই নিজৰ টুইটাৰ হেণ্ডলত নামৰ পিছফালে সংযোজন কৰিলে এটি শ্ল’গান – মোদী কা পৰিৱাৰ। অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, দলৰ সভাপতি জে পি নড্ডা, স্মৃতি ইৰাণী, যোগী আদিত্যনাথ, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ শীৰ্ষ নেতাসকলে সংযোজন কৰে এই শ্ল’গান।
কিয় হঠাতে বিজেপি নেতাসকলে গ্ৰহণ কৰে এই পদক্ষেপ! দেওবাৰে বিহাৰত বিৰোধী মিত্ৰজোঁট INDIAৰ এক সমাৱেশত লালু প্ৰসাদ যাদৱে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি মোদীৰ নিজৰ পৰিয়াল নাই বুলি মন্তব্য কৰিছিল।
মোদীয়ে বিৰোধীৰ বিৰুদ্ধে তোলা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অভিযোগৰ প্ৰত্যুত্তৰ হিচাপে লালুৱে কৰিছিল এই মন্তব্য। মোদীৰ অভিযোগক কটাক্ষ কৰি লালু প্ৰসাদ যাদৱে কৈছিল, “যদি নৰেন্দ্ৰ মোদীৰ নিজৰ পৰিয়াল নাথাকে, তেন্তে আমি কি কৰিব পাৰোঁ?”
বয়োজ্যেষ্ঠ নেতাগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপেই বিজেপি নেতাসকলে আজি টুইটাৰত নিজৰ একাউণ্টত ‘মোদী কা পৰিৱাৰ’ শ্ল’গান সংযোজন কৰে। ইফালে লালুৰ মন্তব্যৰ বিপৰীতে মোদীয়ে তেলেংগানাত এখন ৰাজহুৱা সভাত সমগ্ৰ দেশৰ ১৪০ কোটি লোক তেওঁৰ পৰিয়াল বুলি মন্তব্য কৰে।
“মোৰ জীৱন এখন মুকলি কিতাপ, দেশৰ ১৪০ কোটি লোক মোৰ পৰিয়াল। আজি দেশৰ কোটি কোটি কন্যা, মাতৃ আৰু ভগ্নী মোদীৰ পৰিয়াল। দেশৰ প্ৰতিজন দৰিদ্ৰ ব্যক্তি মোৰ পৰিয়াল।“- মোদীয়ে কয়। তেওঁ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে “আপুনি মোদীৰ আৰু মোদী আপোনাৰ“ তেওঁৰ নতুন শ্লোগান হ’ব বুলি উল্লেখ কৰে।