লোকসভা নির্বাচনৰ পূর্বে ভাৰত জুড়ো ন্যায় যাত্ৰাত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে পূবৰ পৰা পশ্চিম ভাৰতলৈ যাত্ৰা কৰিছে। মঙলবাৰে মধ্যপ্ৰদেশত উপস্থিত হোৱাৰ সময়ত বিজেপি কৰ্মীয়ে অন্য ধৰণেৰে আদৰণি জনাই কংগ্ৰেছৰ নেতাগৰাকীক।
মঙলবাৰে পুৱা ৰাহুলৰ ন্যায় যাত্ৰাৰ কনভয় মধ্যপ্ৰদেশৰ সাজাপুৰত উপস্থিত হোৱাৰ লগে লগে পথৰ দুয়োফালৰ পৰা ‘মোদী-মোদী’ বুলি চিঞৰে বিজেপিৰ সমৰ্থক সকলে। ইফালে মোদীৰ নামত শ্লোগান শুনি ৰাহুল গান্ধীয়ে কনভয় ৰখাই দিয়ে।
বিজেপি সমৰ্থক সকলৰ শ্লোগান শুনি নেতিবাচক মন্তব্য কৰাৰ পৰিৱৰ্তে হাত জোকাৰি অভিবাদন জনালে ৰাহুল গান্ধীয়ে। লগতে ‘ফ্লায়িং কিচ’ উৰুৱাই দিলে ৰাহুল গান্ধীয়ে।
দুই এজন বিজেপি কৰ্মীয়ে ৰাহুল গান্ধীক উপহাৰ দিলে আলু। ৰাহুলেও হাঁহি এটা মাৰি গ্ৰহণ কৰিলে সেই উপহাৰ। তাৰ পাছত ৰাহুল পুনৰ নিজৰ গাড়ীলৈ গৈ বিজেপি সমৰ্থকলৈ নিক্ষেপ কৰিলে উৰন্ত চুমা ।
পিছত দুপৰীয়া উজ্জয়িনত এখন ৰাজহুৱা সভাত ৰাহুলে পুৱাৰ ঘটনাটোৰ কথা উল্লেখ কৰে। তেওঁ কয়, ‘যিহেতু মই ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিছো, সেয়ে এইবোৰ পৰিস্থিতি চম্ভালিবলৈ সহজ হৈ পৰিছে। এইবোৰ কথা আৰু কঠিন যেন নালাগে।”
ৰাহুলে কয় , “যাত্ৰাৰ সময়ত কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ’বলগা হয়। বিজেপিৰ তিনি-চাৰিজন মানুহ পতাকা লৈ থিয় থাকে। তেওঁলোকে চিঞৰি থাকে। মই গাড়ীৰ পৰা নামি সিহঁতৰ লগত হাত মিলাই সোধো, কেনে আছা ভাই? তেতিয়া তেওঁলোকে চিঞৰ-বাখৰ বন্ধ কৰি দিয়ে।”
আনহাতে, বিজেপিৰ এগৰাকী কৰ্মীয়েও মোডীৰ এই শ্লোগান সন্দৰ্ভত কয় যে তেওঁলোকে ৰাহুল গান্ধীক মধ্যপ্ৰদেশলৈ আদৰণি জনাইছে। শেহতীয়াকৈ ৰাহুল গান্ধীয়ে আলুৰ পৰা সোণ কৰাৰ কথা কৈছিল, সেয়েহে তেওঁলোকে আলু উপহাৰ দিছিল।
প্ৰসংগক্ৰমে মঙলবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰা মধ্যপ্ৰদেশৰ উজ্জয়িনত উপস্থিত হয়। ৰাহুল গান্ধীয়ে তাত থকা মহাকালেশ্বৰ মন্দিৰত পূজা আগবঢ়ায়। তেওঁৰ সৈতে উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু ৰাজ্যিক সভাপতি জিতু পাটোৱাৰী।





