• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

দেওবাৰে অস্পষ্ট কাৰণত চাৰিজনকৈ জামিনদাৰৰ আবেদন নাকচ হোৱাৰ পাছত সোমবাৰে নতুন বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয় নেতা দুগৰাকীক।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2026 7:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ককৰোচ জনতা পাৰ্টী’ৰ যুটীয়া আহ্বায়ক আশুতোষ ৰাংকা আৰু সৌৰভ দাসৰ পাঁচদিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ পাছত সোমবাৰে আবেলি ২ বজাত দুয়োগৰাকী নেতাকে নতুন বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ (এছ ই এম) সন্মুখত হাজিৰ কৰোৱাৰ সূচী নিৰ্ধাৰণ কৰা হয়। সমাজকৰ্মী তথা চিজেপিৰ আইনী শাখাৰ মুৰব্বী ৰত্না সিঙে জানিবলৈ দিয়া মতে, নেতা দুগৰাকীৰ জামিন সন্দৰ্ভত যিকোনো মুহূৰ্ততে সিদ্ধান্ত ঘোষণা হোৱাৰ সম্ভাৱনা আছে। শুনানি প্ৰক্ৰিয়াত যাতে পুনৰ কোনো ধৰণৰ বিলম্ব বা হস্তক্ষেপ নহয়, তাৰ বাবে সিঙে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰক পৰোক্ষভাৱে কটাক্ষ কৰি তেওঁ কয় যে শুনানি বিলম্বিত কৰিবলৈ কোনো ধৰণৰ ‘ওপৰৰ নিৰ্দেশ’ অহা উচিত নহয়।

 

Apply Now

সামাজিক মাধ্যম ‘এক্স’ত (পূৰ্বৰ টুইটাৰ) দিয়া এক বাৰ্তাত ৰত্না সিঙে লিখে যে এইবাৰ তদন্তকাৰীয়ে ঘণ্টাৰ পাছত ঘণ্টা ধৰি ফোন বন্ধ কৰি ৰখা, ভাবুকিভৰা বাৰ্তা পোৱা, সন্ধিয়া ৬ বজাত শুনানি পতা বা বাহনৰ টায়াৰ ফুটাৰ দৰে অজুহাত দেখুৱাই অভিযুক্তক আদালতত হাজিৰ কৰাত ব্যৰ্থ হোৱাৰ দৰে কোনো ঘটনা নঘটিব বুলি তেওঁ আন্তৰিকতাৰে আশা কৰিছে। ইয়াৰ পূৰ্বে দেওবাৰে চিজেপিৰ আইনী মুৰব্বীগৰাকীয়ে অভিযোগ কৰিছিল যে জামিন আবেদনৰ সমৰ্থনত দাখিল কৰা চাৰিজনকৈ জামিনদাৰৰ নথিপত্ৰ অত্যন্ত ‘অস্পষ্ট’ কাৰণত নাকচ কৰা হৈছিল। তেওঁ লগতে উল্লেখ কৰে যে দেওবাৰে দুপৰীয়া ১২ বজাত শুনানিৰ সময় নিৰ্ধাৰণ কৰা হৈছিল আৰু তেওঁ পুৱা ১১ বজাৰ পৰাই মন্দিৰ মাৰ্গ আৰক্ষী থানাত উপস্থিত আছিল যদিও সহকাৰী আৰক্ষী আয়ুক্তগৰাকী আবেলি ৪:৪২ বজালৈকে থানাত উপস্থিত হোৱা নাছিল। কেৱল প্ৰতিবাদত অংশ লোৱাৰ বাবেই এজাহাৰ পঞ্জীয়ন হোৱা লোকসকলক আৰক্ষীয়ে ‘অপৰাধমূলক পটভূমি’ থকা ব্যক্তি হিচাপে গণ্য কৰি জামিনদাৰ হ’বলৈ নিদিয়াটো অত্যন্ত উদ্বেগজনক বুলি তেওঁ মন্তব্য কৰে।

 

উল্লেখযোগ্য যে প্ৰতিবাদী স্থান হিচাপে নিষিদ্ধ ঘোষিত যন্তৰ মন্তৰৰ তলা বন্ধ গেট বগাই ভিতৰত প্ৰৱেশ কৰাৰ অভিযোগত যোৱা ১৪ অক্টোবৰত সৌৰভ দাস আৰু আশুতোষ ৰাংকাক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। অৱশ্যে চিজেপি নেতাদ্বয়ে তাত কেৱল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা বুলি দাবী কৰি আহিছে। আনহাতে, দেওবাৰে জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি থকা বিশেষ কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে শুনানিৰ সময়ত কেতবোৰ ‘ভাবুকিভৰা বাৰ্তা’ লাভ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। দণ্ডাধীশগৰাকীৰ এই দাবীৰ পাছতে দিল্লী আৰক্ষীয়ে অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

শেহতীয়া তথ্য  অনুসৰি, ‘ককৰোচ জনতা পাৰ্টী’ৰ যুটীয়া আহ্বায়ক সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ দুদিনলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত নেতাদ্বয়ে তাৎক্ষণিকভাৱে জামিন লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত অহা ২১ অক্টোবৰত এই গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

October 19, 2026 7:23 pm
উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm
সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

October 19, 2026 7:23 pm
উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd