• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধিক্! ৰাজপথত নামাজ পঢ়া মুছলমান ব্যক্তিক গোৰ শোধালে আৰক্ষীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2024 9:23 pm
Delhi cop seen kicking Muslim men
28.2k
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজধানী দিল্লীত আজি দেখিবলৈ পোৱা গ’ল এক ঘৃণনীয় কাণ্ড। ৰাজপথত জুমাৰ নামাজ পঢ়া একাংশ মুছলমান লোকক বৰ্বৰভাৱে গোৰ শোধালে দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই।

এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বিতৰ্কিত এই ঘটনা সংঘটিত হৈছে দিল্লীৰ ইণ্ডাৰলক অঞ্চলত। ইতিমধ্যে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে বিষয়াগৰাকীক।

প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবৰীয়া নামাজৰ সময়ত ইণ্ডাৰলক অঞ্চলৰ এটা মছজিদত বৃহৎ জনসমাগম হয় আৰু অধিক ভিৰ হোৱাৰ বাবে পথত কেইবাজনো লোকে নামাজ পঢ়ে।

নামাজৰ সময়ত কেইজনমান আৰক্ষী বিষয়াই সেই স্থানত উপস্থিত হৈ মুছলমান লোকসকলক সেইস্থানৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰে। সেই সময়তে এজন আৰক্ষীয়ে আঁঠু লৈ নামাজ পঢ়ি থকা লোকসকলক গোৰ শোধায়।

আৰক্ষী বিষয়াজনৰ এই কাৰ্যই সেইস্থানত ব্যাপক ক্ষোভৰ সৃষ্টি কৰে। সমবেত লোকসকলে আৰক্ষী বিষয়াজনক ঘেৰি ধৰি তেওঁৰ আচৰণত আপত্তি প্ৰকাশ কৰে।

 

नमाज़ पढ़ते हुए व्यक्ति को लात मारता हुआ ये @DelhiPolice का जवान शायद इंसानियत के बुनियादी उसूल नहीं समझता, ये कौन सी नफ़रत है जो इस जवान के दिल में भरी है, दिल्ली पुलिस से अनुरोध है कि इस जवान के खिलाफ़ उचित धाराओं में मुक़दमा दर्ज करिये और इसकी सेवा समाप्त करिये। pic.twitter.com/SjFygbQ5Ur

— Imran Pratapgarhi (@ShayarImran) March 8, 2024

কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ইমৰাণ প্ৰতাপগড়ীয়ে ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰি কয়, “নামাজ আগবঢ়াই থকা অৱস্থাত এজন ব্যক্তিক গোৰ মাৰি দিয়া এই দিল্লী আৰক্ষী জোৱানজনে হয়তো মানৱতাৰ মৌলিক নীতি বুজি নাপায়।”

“এই সৈনিকজনৰ হৃদয়ত ভৰি থকা এই ঘৃণা কি? দিল্লী আৰক্ষীক এই বিষয়াজনৰ বিৰুদ্ধে উপযুক্ত ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিবলৈ আৰু তেওঁৰ সেৱা বাতিল কৰিবলৈ অনুৰোধ জনাইছো।”- কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়।

ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে উপ-আয়ুক্ত (উত্তৰ) এম কে মীনাই বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিষয়াজনক নিলম্বন কৰা হৈছে আৰু অনুশাসনমূলক ব্যৱস্থাও গ্ৰহণ কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰে। ইফালে এই ঘটনাৰ পিছতে অঞ্চলটোত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে।

Recent News

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd