• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ শেষ কথা? ‘বিজেপিক দুই তৃতীয়াংশ আসনত জিকালেই সংবিধানৰ পৰা আঁতৰিব ধৰ্মনিৰপেক্ষতা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2024 8:07 am
বিজেপি সাংসদ অনন্ত কুমাৰ হেগড়ে।

বিজেপি সাংসদ অনন্ত কুমাৰ হেগড়ে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছবছৰ পূৰ্বে অনন্তকুমাৰ হেগড়েই কৈছিল যে বিজেপিয়ে সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ শব্দটো আঁতৰাই পেলাব। দেওবাৰে (১০ মাৰ্চ) বিজেপিৰ সাংসদগৰাকীয়ে পুনৰ এই বিষয়টো উত্থাপন কৰে। সংবিধান সলনি কৰিব বিচাৰিলে বিজেপিয়ে যাতে লোকসভাত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰে তাৰ বাবে দেশৰ সকলো ভোটাৰক আহ্বান জনায়।

কংগ্ৰেছে সংবিধানৰ প্ৰস্তাৱনা বিকৃত কৰি তাত অপ্ৰয়োজনীয় সংযোজন কৰা বুলি অভিযোগ উত্থাপন কৰে বিজেপিৰ সাংসদগৰাকীয়ে। সংবিধানৰ প্ৰস্তাৱ সংশোধন কৰিবলৈ সংসদৰ দুয়োটা সদনত বিজেপিক দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ’ব বুলি কয় অনন্তকুমাৰ হেগড়েই। তেওঁ কয়, ইয়াৰ বাবে ২০খনতকৈও অধিক ৰাজ্যত বিজেপি ক্ষমতালৈ আহিব লাগিব৷

কৰ্ণাটকৰ পৰা ৬বাৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে অনন্ত কুমাৰ হেগড়ে। দেওবাৰে তেওঁ কয়, “কংগ্ৰেছে বলপূৰ্বকভাৱে সংবিধানত অপ্ৰয়োজনীয় কথা সংযোজন কৰিছে। ইয়াক বিকৃত কৰিছে। বিশেষকৈ হিন্দু সম্প্ৰদায়ক দমন কৰিবলৈ আইন প্ৰৱৰ্তন কৰা হৈছে। বৰ্তমান বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰে সংবিধান সংশোধন বা এই আইনসমূহৰ পৰিৱৰ্তন সম্ভৱ নহয়।”

তেওঁ কয়, “বহুতে বিশ্বাস কৰে যে লোকসভাত কংগ্ৰেছ নাই আৰু লোকসভাত প্ৰধানমন্ত্ৰী মোদীৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা আছে বাবেই এই কাম কৰিব পৰা যাব। কিন্তু সেয়া সম্ভৱ নহয়। সংবিধান সলনি কৰিবলৈ বিজেপিয়ে লোকসভা আৰু ৰাজ্যসভাৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা আৰু ৰাজ্যৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাটো প্ৰয়োজন।”

তেওঁ লগতে কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে এই শ্লোগান দিছে, ‘অব কি বাৰ ৪০০ পাৰ। ৪০০ তকৈ অধিক আসন কিয় বিচাৰে? লোকসভাত আমাৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা আছে, কিন্তু, ৰাজ্যসভাত আমাৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা নাই। আনকি ৰাজ্য চৰকাৰসমূহতো আমাৰ হাতত পৰ্যাপ্ত সংখ্যাগৰিষ্ঠতা নাই।”

অনন্ত হেগড়েৰ মতে, আগন্তুক লোকসভা নিৰ্বাচনত এন ডি এয়ে যদি ৪০০ৰো অধিক আসন লাভ কৰে তেন্তে ৰাজ্যসভাত বিজেপিয়েও একেধৰণৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে। এই ৪০০খন আসন লাভ কৰিলে ৰাজ্যসমূহৰ দুই তৃতীয়াংশতো ক্ষমতালৈ অহাত সহায়ক হ’ব৷

তেওঁ শেহতীয়াকৈ কৰ্ণাটকৰ ৰাজ্যসভা নিৰ্বাচনৰ কথা উল্লেখ কৰে। কংগ্ৰেছে তিনিখন আসন লাভ কৰিছিল, বিজেপিয়ে মাত্ৰ এখন আসন লাভ কৰিছিল। হেগড়েই কয় যে ৰাজ্যসভাত কংগ্ৰেছৰ সংখ্যা বৃদ্ধি হ’লে বিজেপি চৰকাৰে যদি কোনো সাংবিধানিক সংশোধনী আনে তেন্তে ৰাজ্যসভাত ৰুদ্ধ হৈ পৰিব।

নাগৰিকত্ব (সংশোধনী) আইন বা CAAৰ উদাহৰণ দি তেওঁ কয়, যদিও বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাই গৃহীত কৰিছে, তথাপিও কেইবাখনো ৰাজ্য চৰকাৰে এই আইনত সন্মতি দিয়া নাই। সেয়ে আইনখন কাৰ্যকৰী কৰিব পৰা নাই।

২০১৭ চনত অনন্ত হেগড়ে দক্ষতা বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পদৰ পৰাই সাংবিধানিক সংশোধনী সন্দৰ্ভত মন্তব্য কৰিছিল। যাৰ বাবে তেওঁ তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছিল।

কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে কয় যে বিজেপি সংবিধানৰ বিৰোধী, অনন্ত হেগড়েৰ মন্তব্যৰ পৰা সেয়া স্পষ্ট। তেওঁ কয় যে “তেওঁলোকক সেইটো কৰিবলৈ দিয়ক, সংবিধান সংশোধন কৰক। অৰ্থাৎ কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু বিজেপিৰ সাংসদ বাবাচাহেব আম্বেদকাৰে প্ৰণয়ন কৰা সংবিধানৰ বিৰোধী। মই তেওঁক (অনন্তকুমাৰ হেগড়ে) ক’ম, আপোনাৰ মন্তব্যত প্ৰধানমন্ত্ৰীৰ পৰা ষ্টাম্প মৰাই লওক।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm
ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

September 10, 2025 1:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd