• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

এটা নিৰ্জন দুপৰীয়া

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
March 13, 2024 11:54 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌনতা বা যৌন-সম্পৰ্ক কোনো অপৰাধ নহয়। খাদ্য-বস্ত্ৰ-বাসস্থানৰ দৰেই এক মৌলিক প্ৰয়োজন যৌনতাও। অৱশ্যেই আমাৰ সমাজ-ব্যৱস্থাত এতিয়াও প্ৰাক-বৈবাহিক যৌন সম্পৰ্কক এক অপৰাধ বুলিয়েই গণ্য কৰা হয় বা তেনে দৃষ্টিৰেই চোৱা হয়। যদিওবা আমাৰ দেশীয় আইন ব্যৱস্থাত তেনে কোনো বাধা-নিষেধ নাই। অৰ্থাৎ প্ৰাপ্তবয়স্ক দুই ব্যক্তিৰ মাজত তেওঁলোকৰ দুয়োৰে সন্মতি অনুসৰি যৌন-সম্পৰ্ক ঘটিব পাৰে। অথচ এই যৌন সম্পৰ্কক লৈয়েই কত কি সামাজিক সমস্যা নহয়। এনেধৰণৰ বিষয় আন বিভিন্ন চলচ্চিত্ৰত কোনো এক অংশ হিচাপে প্ৰদৰ্শিত হৈছে,পিছে আমাৰ অসমৰ ছবিজগতত এনে এটি নিৰ্দ্দিষ্ট ঘটনাকে বিষয়বস্তু কৰি পূৰ্বে ছবি নিৰ্মিত হোৱা নাছিলে। গত মাহত সমকামিতাৰ ওপৰত নিৰ্মিত অসমীয়া ছবি “সত্য দা ট্ৰুথ””এটা নিৰ্জন দুপৰীয়া”ৰ দৰে ছবিয়ে হয়তো কলাৰ এই শক্তিশালী দৃশ্য-শ্ৰাব্য মাধ্যমৰ জড়িয়তে সামাজিক স্তৰত পৰিৱৰ্তন অনাৰ দিশত নিৰ্মাতাসকলৰ এক সাহসী তথা আশাপ্ৰদ পদক্ষেপেই বুলিব লাগিব। যিহেতু এনেবোৰ দিশত এতিয়াও যথেষ্ট ৰক্ষণশীল আমাৰ সমাজ-ব্যৱস্থা। এনেধৰণৰেই এক বিষয়বস্তুক কেন্দ্ৰ কৰি নিৰ্মিত ছবি এটা নিৰ্জন দুপৰীয়া। এটা নিৰ্জন দুপৰীয়াৰ কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা খঞ্জন কিশোৰ নাথৰ। উল্লেখনীয় যে এটা নিৰ্জন দুপৰীয়া খঞ্জন কিশোৰ নাথৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। গত ১ মাৰ্চ তাৰিখে ছবিখনে অসমৰ ভিন্ন ছবিগৃহত মুক্তিলাভ কৰিছিলে।

অসমৰে এখন সৰু চহৰ(নগাওঁ)ৰ সৰস্বতী পূজাৰ দিনটোত এহাল যুৱক-যুৱতীৰ দিনটোৰ চৰ্যাৰেই কাহিনী এটা নিৰ্জন দুপৰীয়া। ছবিখনৰ আৰম্ভণি ঘটে মহাবিদ্যালয়ত অনুষ্ঠিত সৰস্বতী পূজাৰ কিছু বিক্ষিপ্ত দৃশ্যাংশৰ মাজেৰে। দুই যুৱক-যুৱতীৰ পূৰ্ব পৰিকল্পিত ধৰণে তেওঁলোকৰ কায়িক নৈকট্যৰ বাবে যুৱকজনৰ বন্ধুৰ কোঠালিটো নেপাই,দুয়ো বিবুদ্ধিত পৰে। এইদৰে আৰম্ভ হয় আন আন স্থান বিচৰাৰ প্ৰয়াস। সেই প্ৰয়াসসমূহ অসফল হোৱাত এইবাৰ যুৱকজনে হোটেলৰ কোঠা বুক কৰি কিছু সময় কটোৱাৰ প্ৰস্তাব দিয়ে। অৱগুণ্ঠিত যুৱতীগৰাকীয়েও অৱশেষত সন্মতি জনাই। দুয়ো মুখ্য চৰিত্ৰত অভিনয় কৰা পাৰ্ভি বৰুৱা আৰু কৌশিক নাথৰ মুখাৱয়বত অস্থিৰতা আৰু উদ্বিগ্নতাৰ প্ৰকাশ স্পষ্টভাৱে ফুটি উঠে। এইবাৰ হোটেলৰ অন্বেষণ আৰম্ভ হয়। ছবিৰ আৰম্ভণিৰে পৰাই কাহিনীৰ গতি মন্থৰ। যদিওবা বিষয়বস্তু কিছু স্পৰ্শকাতৰ বা সমাজ-বিৰোধী প্ৰকাৰৰ,ছবিখন চাই থাকোতে,এই লৈ মনোগ্ৰাহীতা বা পৰৱৰ্তী পৰ্যায়ত কি হ’ব তাক লৈ আগ্ৰহৰ সৃষ্টি নহয়। ইয়াৰ কাৰণ দুৰ্বল চিত্ৰনাট্যৰ লগতেই দুৰ্বল সম্পাদনাও। কিছুমান দৃশ্য অধিক দীঘলীয়া হোৱা যেন অনুভূত হ’ল। যেনে দুয়োৱে হোটেল বিচাৰি বিচাৰি যেতিয়া এখন অতি ব্যয়বহুল হোটেলৰ সমুখত ৰয়গৈ-তেতিয়া সেইখন হোটেললৈ ৰাস্তাৰ পৰা দুয়ো একেলগে চাই থকাৰ শ্বটটো অধিক তথা অপ্ৰয়োজনীয়ভাৱে দীঘলীয়া হৈছে। সমগ্ৰ ছবিখনতেই উৎকন্ঠা আৰু শিহৰণ জন্মাব পৰা বহুখিনি থল আছিলে,যিখিনি উপাদানৰ অভাৱত ছবিখন বহু পৰিমাণে দুৰ্বল হৈ ৰ’ল। চিত্ৰানাট্যখ্নত নিশ্চিতভাৱে আৰু অধিক কাম কৰিব পৰা গ’লহেঁতেন। জয়ন্ত চেথু মাধৱনৰ চিনেমেট’গ্ৰাফীৰ কাম সুন্দৰ। আলোকশিল্পৰ কাম ভাল। দুয়োৰে কায়িক মিলনৰ সময়খিনিত উত্তেজনাৰ উপস্থাপন খুব স্বাভাৱিক তথা সমুচিত। কাহিনীয়ে গতি সলায়,যদিওবা অপ্ৰত্যাশিত নাছিলে,তথাপিও এই গতিৰ পৰিৱৰ্তন জৰুৰী আছিল। মাজভাগৰ পৰা ছবিখনলৈ কিছু উৎকন্ঠা আহি পৰে। যদিওবা হোটেলৰ দৃশ্যাৱলীৰ দৈৰ্ঘ্যই এই উৎকন্ঠাত বিৰূপ প্ৰভাৱ পেলাই। দেৱজিত গায়নৰ শব্দ গ্ৰহণ আৰু সংমিশ্ৰণৰ কাম প্ৰশংসনীয়।
এটা নিৰ্জন দুপৰীয়াৰ আটাইতকৈ ভাল লগা দিশটি হৈছে ইয়াৰ চৰিত্ৰ নিৰ্বাচন। মুখ্য চৰিত্ৰ দুটিত অভিনয় কৰা পাৰ্ভি বৰুৱা আৰু কৌশিক নাথৰ বিকল্প যেন আন কোনো হ’ব পাৰিব এই ছবিখনত এনে নেলাগিল। বিশেষকৈ অন্তিম দৃশ্য পৰ্যন্ত পাৰ্ভি বৰুৱাৰ অভিনয়ৰ যি সুযোগ আছিলে,পাৰ্ভি বৰুৱাই সেই সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিছে। কৌশিক নাথৰ অভিনয়ো প্ৰতিশ্ৰুতিসম্পন্ন। লগতে ধনঞ্জয় দেৱনাথৰ চৰিত্ৰৰ অভিনয়ো স্বাভাৱিক। ছবিখনৰ অন্তিম সময়ত দেৱী বিসৰ্জনৰ উদ্দেশ্যে লগোৱা ভিন্নসুৰী উদ্ভট সংগীত আৰু অস্পষ্ট-ধূঃসৰ ছবি আৰু মুখাৰ ব্যৱহাৰ ছবিখনৰ ক্ষেত্ৰত এক প্ৰতীকী সমুচিত প্ৰয়োগ,যিদৰে পূজাৰ পিছত বাটৰ কাষত ৰাখি থোৱা শাৰী শাৰী প্ৰতিমাৰ মাজত অদিতি(পাৰ্ভি বৰুৱা)ই ঘৰলৈ যাবৰ বাবে গাড়ীলৈ ৰৈ থকাৰ দৃশ্যটোৱে অদিতিৰ সেই সময়ৰ মনোদশাক সম্পূৰ্ণৰূপে তুলি ধৰিছিলে। এই দুটি দৃশ্য সমগ্ৰ ছবিখনৰে আটাইতকৈ ভাল লগা দৃশ্য।”এটা নিৰ্জন দুপৰীয়া”কোনো অগতানুগতিক ছবি নহয়,পিছে অসমৰ ছবিজগতৰ প্ৰেক্ষাপটত এনে ছবিৰ প্ৰাসংগিকতা নিশ্চয়কৈ আছে।

Apply Now

Mail- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd