• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জোলোঙাৰ মেকুৰী ওলাল! নিৰ্বাচনী বণ্ডত ৪ হাজাৰ কোটি টকা ‘চান্দা’ দিয়া ১৪টা কোম্পানী আছিল ইডি-চিবিআইৰ নজৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2024 8:42 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী বণ্ডক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে দেশৰ ৰাজনৈতিক দলসমূহক ৪ হাজাৰ কোটি টকাৰ দান আগবঢ়োৱা ১৪টা কোম্পানী ইডি-চিবিআইৰ নজৰত আছিল বুলি জানিব পৰা গৈছে। ষ্টেট বেংক অফ ইণ্ডিয়াৰ তথ্য নিৰ্বাচন আয়োগে প্ৰকাশ কৰাৰ পিছৰে পৰা ইমান দিনে গোপনে ৰখা ৰহস্যাটো চাঞ্চল্যকৰভাৱে ওলাই পৰিছে।

জানিব পৰা গৈছে যে কেন্দ্ৰীয় তদন্ত সংস্থাই ইয়াৰ পূৰ্বেও কেইবাবাৰো দানবীৰ কোম্পানীসমূহৰ ভিতৰত ১৪টা কোম্পানীৰ দুৱাৰত টোকৰ মাৰিছিল। এই তালিকাৰ শীৰ্ষত আছে ‘লটাৰী কিং’ মাৰ্টিন চেণ্টিয়াগোৰ ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছ। যিয়ে ১৩৬৮ কোটি বণ্ড ক্ৰয় কৰিছিল।

এই পৰিপ্ৰেক্ষিতত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাবী কৰে যে নিৰ্বাচনী বণ্ড ক্ৰয় আৰু সংস্থাটোৰ তদন্তৰ সম্পৰ্ক সম্পূৰ্ণৰূপে জল্পনা-কল্পনাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তেওঁ পূৰ্বৰ অৰ্থাৎ কংগ্ৰেছৰ শাসনকালৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় `আমি পূৰ্বৰ ব্যৱস্থাৰ পৰা সলনি হ’বলৈ চেষ্টা কৰিছো।‘

Apply Now

লগতে পঢ়কঃ ‘মই পদ্মশ্ৰী পোৱা উচিত’, মন্তব্য শ্বীনা বৰাৰ হত্যাৰ অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ

প্ৰকাশিত তথ্য অনুসৰি দেশৰ দলসমূহক ৪ হাজাৰ কোটি টকা বৰঙণি আগবঢ়োৱা বহু কোম্পানী বিগত চাৰি বছৰ ধৰি আইনৰ চকুত নজৰবন্দী হৈ পৰিছে। বিৰোধী দল কংগ্ৰেছ এই বিষয়ত সৰৱ হৈ পৰিছে। বিৰোধীসকলে অভিযোগ কৰে যে বহু কোম্পানীয়ে চান্দা দিয়াৰ পিছতে বিশাল নিবিদা লাভ কৰে।

ষ্টেট বেংকে নিৰ্বাচন আয়োগক প্ৰদান কৰা তথ্য অনুসৰি ২০১৯ চনৰ পৰা ২০২৪ চনলৈ লটাৰী মাফিয়াই ১৩৬৮ কোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। ২০১৯ চনৰ পৰা ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত ইডিৰ নজৰত আছে ছান্টিয়াগো মাৰ্টিন।

২০২৩ চনৰ মে’ মাহত কইম্বাটুৰ আৰু চেন্নাইত ইডিৰ বিষয়াসকলে তালাচী চলাইছিল। চিবিআইৰ চাৰ্জ শ্বীটতো তেওঁৰ নাম আছে। ইয়াত অভিযোগ কৰা হৈছিল যে ফিউচাৰ গেমিংয়ে ছিকিম চৰকাৰৰ লটাৰীক কেৰালাৰ খুচুৰা ব্যৱসায়লৈ ৰূপান্তৰিত কৰিছিল। ফলত ছিকিম চৰকাৰৰ লোকচান হ’ল ৯১০ কোটি টকা।

নিৰ্বাচনী বণ্ড ক্ৰেতাসকলৰ ভিতৰত আছে হায়দৰাবাদৰ মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ। যিয়ে ৯৬৬ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল। ইয়াৰ মালিক তেলেগু ব্যৱসায়ী কৃষ্ণ ৰেড্ডী। তেওঁ ইডি আৰু চিবিআইৰ নজৰত আছে। কেৱল এয়াই নহয়, মেঘাৰ সহযোগী কোম্পানীসমূহেও বণ্ড ক্ৰয় কৰিছে। সৰ্বমুঠ মূল্য ১২০০ কোটি টকাৰ।

লগতে পঢ়কঃ দিল্লী সুৰা নীতি গোচৰত বি আৰ এছ নেত্ৰী কে কবিতাক গ্ৰেপ্তাৰ ইডিৰ

ইডি আৰু চিবিআইৰ নজৰত থকা আন দানবীৰ কোম্পানী নাম হ’ল, এপ’ল’ টায়াৰ, ভাৰতী এয়াৰটেল, ছিট টায়াৰ, চিপলা, ডিএলএফ কমাৰ্চিয়েল ডেভেলপাৰ্ছ, ডাঃ ৰেড্ডীজ লেবৰেটৰীজ, এডেলৱেইছ, গ্ৰাছিম ইণ্ডাষ্ট্ৰীজ, ইণ্ডিগো, আইটিচি, জিন্দাল গ্ৰুপ, কভেণ্টাৰ, কেপি এণ্টাৰপ্ৰাইজ, ফিলিপছ কাৰ্বন ব্লেক, পিৰামল এণ্টাৰপ্ৰাইজেছ, পিভিআৰ, স্পাইচজেট , চুলা ৱাইনছ, ছান ফাৰ্মা, টৰেণ্ট পাৱাৰ, আল্ট্ৰাটেক চিমেণ্ট, বুৰ্ডৱান টেক্সটাইলছ, বেদান্ত আৰু ৱেলস্পান। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd