• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৰুষতকৈ মহিলাক প্ৰয়োজন অধিক টোপনিৰ , কিন্তু কিয়? গৱেষণাই কি কয়?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 18, 2024 7:34 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুস্থ শৰীৰ বজাই ৰাখিবলৈ সকলোকে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। ৭ৰ পৰা ৮ ঘণ্টা টোপনি নাহিলে ভাগৰুৱা যেন অনুভৱ হয়। ভালকৈ টোপনি নাহিলে শৰীৰত শক্তি কমি যায়। কিন্তু বিশেষজ্ঞৰ মতে, পুৰুষতকৈ মহিলাক বেছি টোপনিৰ প্ৰয়োজন। ৭ৰ পৰা ৮ ঘণ্টা টোপনিয়েই যথেষ্ট নহয় মহিলাৰ বাবে।  কিন্তু কিয়?

যদি আপুনি কেতিয়াবা মহিলাক  ৮ ঘণ্টা টোপনিৰ পিছতো শুই থকা দেখিছে তেন্তে আপুনি বুজিব যে তেওঁলোকক শৰীৰৰ আকৃতিৰ বাবে অধিক টোপনিৰ প্ৰয়োজন। 

Apply Now

এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ মতে, মগজুৰ জটিল কাৰ্যকলাপৰ বাবে পুৰুষতকৈ মহিলাক অধিক টোপনিৰ প্ৰয়োজন। তেওঁৰ মতে দিনৰ ভাগত মহিলাৰ মগজুৱে সৰ্বাধিক কাম কৰে। সেয়েহে মহিলাক মগজুৰ জিৰণিৰ বাবে অধিক টোপনিৰ প্ৰয়োজন। 

যদিহে মহিলা সকলে অধিক সময় টোপনি যাব পাৰে তেন্তে হৃদৰোগৰ সম্ভাৱনা  কমি যায়। ছালখনৰো উজ্জ্বল বাঢ়ে। চুলিৰ ঘনত্ব বৃদ্ধি পায়।

পৰ্যাপ্ত টোপনিয়ে কৰ্মক্ষমতা বৃদ্ধি কৰে। কাৰণ মহিলাসকলে একেলগে বহু কাম কৰে। সঠিকভাৱে কাম কৰিবলৈ মহিলাসকলক অধিক টোপনিৰ প্ৰয়োজন। পৰ্যাপ্ত টোপনি প্ৰয়োজনীয়, কিন্তু দীঘলীয়া টোপনি শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। ইয়াৰ ফলত পৰৱৰ্তী সময়ত ডিমেনচিয়া আৰু এলঝেইমাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। কেৱল সেয়াই নহয়, হাৰ্ট এটেক হোৱাৰ সম্ভাৱনাও আছে। ওজন বৃদ্ধিয়ে ষ্ট্ৰোকৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।

যদি আপুনি সঠিক পৰিমাণৰ টোপনি নাপায় তেন্তে ই আপোনাৰ শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব। মানসিক চাপো বাঢ়িব। আনকি স্মৃতিশক্তিও কমি যাব। 

বিশেষজ্ঞসকলৰ মতে বয়সৰ লগে লগে টোপনিৰ সময়ো সলনি হয়। নৱজাতক আৰু কেঁচুৱাক অধিক টোপনিৰ প্ৰয়োজন। তেতিয়াহে তেওঁলোকৰ শৰীৰ সুস্থ হ’ব। 

প্ৰাপ্তবয়স্ক লোকক ৭ৰ পৰা ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। কিন্তু বয়সৰ লগে লগে টোপনি কমি যোৱাৰ প্ৰৱণতা থাকে। ইয়াৰ উপৰিও গৱেষকে কয় যে ৪০ বছৰ বয়সৰ পিছত টোপনিৰ পৰিৱৰ্তন অধিক হোৱা দেখা যায়। 

শেহতীয়াকৈ এক অধ্যয়নত দেখা গৈছে যে পুৰুষতকৈ মহিলাক ২০ মিনিট বেছি টোপনিৰ প্ৰয়োজন। উৎকণ্ঠাৰ বাবে মহিলাসকলৰ প্ৰায়ে ভালদৰে টোপনি নাহে।

টোপনিৰ অভাৱৰ বাবে মহিলাসকলৰ মাহেকীয়া প্ৰায়ে অনিয়মিত হয়। আকৌ, গৰ্ভাৱস্থাত মহিলাৰ প্ৰায়ে টোপনিৰ সমস্যা হয়। 

 ভাল টোপনিৰ বাবে কেইটামান কিটিপ – 

১) সদায় একেটা সময়তে শুবলৈ চেষ্টা কৰিব লাগে। 

২) ভাল টোপনিৰ বাবে শোৱাৰ আগতে গা বা মুখখন ধুব লাগে। পাৰিলে ৰাতি শোৱাৰ আগতে কিছু সময় ব্যায়াম বা ধ্যান কৰিব লাগে। 

৩) শোৱা কোঠাটো আন্ধাৰ হ’ব লাগে। শোৱাৰ সময়ত মানসিক দুচিন্তাবোৰ মনলৈ আনিব নালাগে।

৪) ৰাতি বিচনাত পৰি থকা অৱস্থাত কোনো বৈদ্যুতিক যন্ত্ৰ ব্যৱহাৰ কৰিব নালাগে। যেনে লেপটপ আৰু মোবাইল ব্যৱহাৰ নকৰাই ভাল। কাৰণ ইয়াৰ পৰা নিৰ্গত হোৱা নীলা পোহৰ চকুৰ বাবে ভাল নহয়। নীলা পোহৰে মেলাটনিন হৰম’ন উৎপাদনত বাধা দিয়ে। যাৰ ফলত টোপনিৰ অসুবিধা হয়। 

৫) শোৱাৰ আগতে কেফেইনযুক্ত খাদ্য যেনে চাহ, কফি আদি পৰিহাৰ কৰিব লাগে। শোৱাৰ আগতে কেতিয়াও মদ খাব নালাগে। ই টোপনিৰ ব্যাঘাত জন্মায়। 

৬) প্ৰতিদিনে ৰাতিপুৱা নিয়মিতভাৱে ব্যায়াম কৰিব লাগে। ই ৰাতি ভালদৰে টোপনি অহাত সহায় কৰে।

৭) পৰ্যাপ্ত পৰিমাণে টোপনি যাবলৈ ৰাতি চৰ্বিযুক্ত খাদ্য, গধুৰ খাদ্য পৰিহাৰ কৰক। 

৯) এইবোৰ অনুসৰণ কৰিও যদি টোপনি নাহে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

দুটা দশকৰ পাছত অসম বিধানসভাত বদৰুদ্দিন আজমল

June 22, 2026 3:37 pm
পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd