• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: মুখৰ কথা নহয়! টী-২০ত হাফ চেঞ্চুৰীৰ চেঞ্চুৰী, কোহলীৰ ‘বিৰাট’ অভিলেখ; বেংগালুৰুৰ হাতত পৰাস্ত পঞ্জাৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2024 8:26 am
ফটো সৌজন্যঃ আইপিএল।

ফটো সৌজন্যঃ আইপিএল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰাট কোহলী মানেই অভিলেখৰ পিছত অভিলেখ। এইবাৰৰ আই পি এলৰ পূৰ্বে তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্টৰ শৃংখলাত খেলা নাছিল। শেষবাৰৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে টী-২০ ফৰ্মেটত খেলিছিল। তাকো কেইমাহমান হ’ল। সেই কোহলীয়ে সোমবাৰে আৰচিবিক বিজয়ী কৰিলে। ছচিয়েল মিডিয়াত লিখা হৈছে “হোলী কোহলী হায়”। কোহলীয়ে পঞ্জাৱৰ বিৰুদ্ধে ৰানৰ হোলী খেলিছিল!

পঞ্জাৱক পৰাস্ত কৰাৰ পথত কোহলীয়ে কেচ ধৰি এক অভিলেখ গঢ়ি তুলিছিল। কোহলীয়ে টী-২০ ফৰ্মেটত ১৭৩টা কেচ ধৰা প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁ ‘মিষ্টাৰ আই পি এল’ সুৰেশ ৰাইনাক অতিক্ৰম কৰিলে।

বেটৰেও তেওঁ অভিলেখ গঢ়িলে। সোমবাৰৰ দিনটোতে কোহলীয়ে অৰ্ধ শতকৰ শতক (হাফ চেঞ্চুৰীৰ চেঞ্চুৰী) অৰ্জন কৰে। ভাৰতীয় হিচাপে এনে অভিলেখ কাৰো নাই। কোহলীতকৈ আগবাঢ়ি আছে মাত্ৰ ক্ৰীছ গেইল (১১০) আৰু ডেভিড ৱাৰ্নাৰ (১০৯)। ইয়াৰ পিছতে কোহলী (১০০)।

Apply Now
ফটো সৌজন্যঃ আইপিএল।

চেছমাষ্টাৰ বিৰাট কোহলীয়ে চলিত আই পি এলত প্ৰথমটো অৰ্ধ শতক অৰ্জন কৰে। আৰ চি বি অ’য়ে প্ৰথম জয় লাভ কৰে। বিৰাট ধ্বনিত কঁপি উঠিল গেলেৰী। পঞ্জাৱৰ বলাৰসকলে বুজিবই পৰা নাছিল যে তেওঁক কোনটো লেংথত বলিং কৰিব।

বেংগালুৰুৱে টছত জয়লাভ কৰি পঞ্জাবক প্ৰথমে বেটিং কৰিবলৈ পঠিয়ায়। পঞ্জাৱৰ জনী বেয়াৰষ্টো, শিখৰ ধাৱান, লিভিংষ্টোনৰ দৰে বেটছমেন আছে। পঞ্জাবে ধৱন (৪৫), প্ৰৱসীমৰণ (২৫), কুৰাণ (২৩), জিতেশ শৰ্মা (২৭)ৰ সৌজন্যত ১৭৬ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ আইপিএল।

এই ৰানটো টী-২০ ফৰ্মেটত বেয়া বুলি কব নোৱাৰি। আৰম্ভণিতে উইকেট ল’ব পাৰিলে প্ৰতিপক্ষক হেঁচাত ৰাখিব পাৰি। তাৰ ওপৰত পঞ্জাৱত ৰাবাডাৰ দৰে বলাৰ আছে। যিকোনো মুহূৰ্ততে তেওঁ মেচৰ ৰং সলনি কৰিব পাৰে।

আৰম্ভণিতে আৰ চি বিৰ উইকেট দ্ৰুতগতিত পতন ঘটে। ডু প্লেচি (৩), কেমেৰন গ্ৰীণ (৩), গ্লেন মেক্সৱেল (৩) কম ৰাণতে উভতি যায় যদিও বিৰাট কোহলীয়ে আন এক অৱতাৰত ধৰা দিলে। তেওঁ মাত্ৰ ৪৯টা বলত ৭৭ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত আছিল ১১টা চাৰি আৰু ২টা ছয়।

ফটো সৌজন্যঃ আইপিএল।

ঠিক যেতিয়া এনে লাগিছিল যে কোহলীয়ে অকলেই মেচখন শেষ কৰি পেভলিয়নলৈ ঘূৰি আহিব, তেতিয়াই কাহিনীত টুইষ্ট দেখা যায়। হৰ্শল পেটেলৰ বলত হৰপ্ৰীত ব্ৰাৰে তেওঁৰ কেচ ধৰিলে। ইয়াৰ পিছত পুনৰ উইকেট হেৰুৱালে বেংগালুৰুৱে। কুৰানে অনুজ ৰাৱটক পুনৰ শুন্য ৰাণতে পঠিয়াই দিলে।

হঠাৎ আৰ চি বিৰ অনুৰাগীৰ ধ্বনি নিস্তেজ হৈ পৰিল। মেচখনত পৰাস্ত হোৱাৰ আশংকা প্ৰৱেশ কৰে আৰ চি বিৰ ড্ৰেছিং ৰুমতো। কোহলীৰ এনে দুৰ্দান্ত ইনিংছৰ পাছতো মেচত পৰাস্ত হ’ব লাগিব? এনে এটা প্ৰশ্নই অনুৰাগীৰ মনত এক ধুমুহাৰ সৃষ্টি কৰিলে।

ফটো সৌজন্যঃ আইপিএল।

কিন্তু চাপত পৰি কাৰ্তিক আৰু মহিপালে বেলেগ চিন্তাই কৰিছিল। আৰচিবিক পুনৰ যুঁজলৈ আনিলে। এই ক্ষেত্ৰত দীনেশ কাৰ্তিকে ফিনিছাৰৰ ভূমিকা গ্ৰহণ কৰে। শেষৰ অভাৰত জয়ী হ’বলৈ বেংগালুৰুৰ প্ৰয়োজন হৈছিল ১০ ৰানৰ। কাৰ্তিকে নিজৰ স্বকীয় শৈলীত ছয় মাৰি আৰচিবিক মেচখনত জিকাই দিয়ে।

সংক্ষিপ্ত স্কোৰঃ

পঞ্জাৱ কিংছঃ ১৭৬/৬ (ধৱন-৪৫, জিতেশ-২৭)

আৰ চি বি : ১৭৮/৬ (কোহলী-৭৭, কাৰ্তিক-২৮*)

আৰ চি বিয়ে ৪ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd