‘বিজেপিত গ’লেই সকলো মাফ’, ‘সকলো দুৰ্নীতিবাজ বিজেপিত গ’লেই ৱাশ্বিং মেচিনত নিকা হৈ পৰে’, ৰাজনীতিত গেৰুৱা শিবিৰক লৈ এনে ধৰণৰ কটুক্তি অতি পৰিচিত। দেশৰ শাসকীয় দলটো যিটো কাৰণত ইমান চৰ্চিত তাৰ এক উদাহৰণ সোমবাৰে কৰ্ণাটকত প্ৰতিষ্ঠা হ’ল।
ৰাজ্যিক বিজেপিত প্ৰত্যাৱৰ্তন ঘটিছে ঘটিছে বাল্লাৰীৰ গালি জনাৰ্দন ৰেড্ডীৰ। সোমবাৰে দৌল পূৰ্ণিমা উদযাপনৰ মাজতে তেওঁক বিজেপিয়ে ঘৰলৈ ওভতাই আনিছে।
ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে যে ৪০০ আসন দখলৰ স্বাৰ্থতে বিজেপিয়ে প্ৰাৰ্থী নিৰ্বাচনত কোনো বাচ-বিচাৰ নকৰে! বিশেষকৈ গালি জনাৰ্দন ৰেড্ডী আৰু তেওঁৰ ভাতৃক ইয়াৰ পূৰ্বে দুবাৰকৈ গেৰুৱা শিবিৰে দলত ল’বলৈ অস্বীকাৰ কৰিছিল।
এই ব্যক্তিজনক লৈ বিতৰ্ক ক’ত? বিজেপিৰ সূত্ৰ অনুসৰি, গালি জনাৰ্দন ৰেড্ডীৰ বিৰুদ্ধে ৯টা কেলেংকাৰিৰ গোচৰৰ তদন্ত কৰি আছে চিবিআইয়ে। বৰ্তমান তেওঁ জামিনত মুকলি হৈ আছে। সেই সকলোবোৰ গোচৰ বল্লাৰীৰ খনিৰ পৰা কয়লা আৰু অন্যান্য খনিজ সম্পদৰ অবৈধ নিষ্কাশন আৰু বিক্ৰীৰ সৈতে জড়িত।
অভিযোগ অনুসৰি, চিবিআইয়ে তেওঁলোকৰ এখন চাৰ্জশ্বীটত ৰেড্ডী ভাতৃক মাফিয়া চৰ্দাৰ হিচাপে নাম উল্লেখ কৰিছে।
সোমবাৰে বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলৰ সংসদীয় ব’ৰ্ডৰ জ্যেষ্ঠ সদস্য বি এছ য়াদুৰাপ্পাৰ উপস্থিতিত ৰেড্ডী ভাতৃদ্বয়ক দলত পুনৰ ঘুৰাই অনা হয়।
লগতে পঢ়কঃ জলসংকট! পানীৰ অপব্যৱহাৰৰ বাবে ২২ টা পৰিয়ালক জৰিমনা প্ৰশাসনৰ
বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শেট্টৰে দল ত্যাগ কৰি কংগ্ৰেছলৈ গৈছিল। ভুল স্বীকাৰ কৰি তেওঁ এইবাৰ নিজৰ পুৰণি দললৈ উভতি আহিছে। দলত্যাগৰ অপৰাধ ক্ষমা কৰি দি বিজেপিয়ে এতিয়া তেওঁক বেলগাভি সমষ্টিত টিকট দিছে।
গালি জনাৰ্দন ৰেড্ডী এসময়ত বিজেপিৰ এজন প্ৰভাৱশালী নেতা তথা মন্ত্ৰী আছিল। মাফিয়া কামকাজত জড়িত থকাৰ অভিযোগত দলটোৱে তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিছিল।
যোৱা বছৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ পুনৰ বিজেপিলৈ ঘূৰি আহিব বিচাৰে। কিন্তু গেৰুৱা শিবিৰৰ সন্মতি নোপোৱাত এইজন মাফিয়া নেতাই ৰাতিটোৰ ভিতৰতে কল্যাণৰাজ প্ৰগ্ৰেছিভ পাৰ্টি গঠন কৰি বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়ে। নিজৰ আসনত তেওঁ জিকিও যায়।
লগতে পঢ়কঃ কুখ্যাত মাফিয়া বীৰপ্পনক মনত আছেনে ? লোকসভা নিৰ্বাচনত থিয় হ’ব বীৰপ্পনৰ কন্যা বিদ্যা ৰাণী
নিজৰ পুৰণি দললৈ উভতি আহি সোমবাৰে ৰেড্ডীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈয়েই তেওঁ এই সিদ্ধান্ত থৈছে।