• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: দুৰ্দান্ত প্ৰদৰ্শেনেৰে জয় কাঢ়ি নিলে পন্থ বাহিনীয়ে; তথাপি ধোনীৰ খেল দেখি মুগ্ধ অনুৰাগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2024 7:57 am
IPL 2024: দুৰ্দান্ত প্ৰদৰ্শেনেৰে জয় কাঢ়ি নিলে পন্থ বাহিনীয়ে; তথাপি ধোনীৰ খেল দেখি মুগ্ধ অনুৰাগী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ ৯০৩ দিনৰ দীঘলীয়া অপেক্ষাৰ অৱসান ঘটাই ঋষভ পন্থৰ বেটৰ পৰা আহিল অৰ্ধশতক। আনহাতে, চলিত আই পি এলত চেন্নাইৰ দুখন মেচৰ অপেক্ষাৰ পাছত তৃতীয়খন মেচত আহিল সেই আকাংখিত মুহূৰ্ত। বেট হাতত লৈ খেলপথাৰত নমা দেখা গ’ল মহেন্দ্ৰ সিং ধোনীক।

ধোনীয়ে বুজাই দিলে যে বয়স মাত্ৰ এটা সংখ্যা। সেই পুৰণি চিনাকি ছন্দতেই তেওঁ চাৰি-ছয় মাৰিলে। কিন্তু সেয়াও যথেষ্ট নহ’ল। একেৰাহে দুখন মেচত পৰাস্ত হোৱাৰ পিছত অৱশেষত জয়ৰ মুখ দেখিবলৈ পালে পন্থৰ দিল্লী কেপিটেলছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ ১৪ মাহৰ পাছত পুনৰ ২২ গজ ক্ৰিকেটলৈ ঘূৰি আহে পন্থ। সমগ্ৰ ক্ৰিকেট জগতে আই পি এলত দিল্লীৰ নেতাজনৰ ফালে দৃষ্টি ৰাখিছিল। প্ৰথমখন মেচত যদিও তেওঁক চিনাকি ছন্দত দেখা গৈছিল, তথাপিও তেওঁৰ বেটৰ পৰা ডাঙৰ ৰান অহা নাছিল।

তদুপৰি, দিল্লী কেপিটেলছে প্ৰথম দুখন মেচত পঞ্জাৱ আৰু ৰাজস্থানৰ হাতত পৰাস্ত হৈ বেকফুটত আছিল। কিন্তু পন্থ ইমান সহজে হাৰ মনা মানুহ নহয়। কঠিন সময়ৰ অন্তত ক্ৰিকেটলৈ ঘূৰি অহাৰ লগে লগে তেওঁ দায়িত্বশীলতাৰে ইনিংছ খেলিছিল। তেওঁ ৩২টা বলত ৫১ ৰান সংগ্ৰহ কৰি দুৰ্দান্ত কামবেক কৰে।

অৱশ্যে দুই অ’পেনাৰ ডেভিদ ৱাৰ্নাৰ (৫২) আৰু পৃথ্বী শ্ব’ (৪৩)-ই পন্থ খেলপথাৰত নমাৰ পূৰ্বেই দিল্লীৰ ভেটি অধিক শক্তিশালী কৰি তুলিছিল। সেই ভেটিৰ ওপৰত ভিত্তি কৰিয়েই দিল্লীয়ে ইনিংছ শোেষত ১৯১ ৰান সংগ্ৰহ কৰে।

কিন্তু চেন্নাইৰ তৰুণ পাথিৰানাক প্ৰশংসা নকৰাকৈ নোৱাৰি। তেওঁ অকলে তিনিটা উইকেট দখল কৰে। তাৰ লগতে ৱাৰ্নাৰকো দ্ৰুত কেচ লৈ পেভিলিয়নলৈ ঘূৰাই পঠিয়ায়। পাথিৰানাৰ ফিল্ডিং দেখি ধোনীয়ে হাত চাপৰি বজাই অভিনন্দন জনায়।

দিল্লীৰ জয়ৰ পথ কেৱল বেটছমেনসকলে নহয়, বলাৰসকলেও সহজ কৰি তুলিছিল। পেচাৰ মুকেশ কুমাৰে ৩ অভাৰত ২১ ৰান দি ৩টা উইকেট দখল কৰে। আৰু যেতিয়া শিৱম ডুবে মিডল অৰ্ডাৰত আউট হৈ ওলাই আহিল, তেতিয়াই ক্ৰিকেট প্ৰেমীসকলে অপেক্ষা কৰি থকা মুহূৰ্তটো আহিল।

এই ছিজনত প্ৰথমবাৰৰ বাবে বেটিং কৰিবলৈ নামিছিল ধোনীয়ে। কোনে ক’ব তেওঁৰ বয়স বিয়াল্লিছ? বয়সে তেওঁৰ খেলত একেবাৰেই কোনো প্ৰভাৱ পেলোৱা নাই। যাৰ বাবে তেওঁ দৰ্শনীয় ৪টা বাউণ্ডেৰী আৰু ৩টা অভাৰ বাউণ্ডেৰী মাৰি ১৬টা বলত ৩৭টা ৰানৰ ইনিংছ উপহাৰ দিবলৈ সক্ষম হয়।

আকৌ এবাৰ ক্ৰিকেট অনুৰাগীৰ হৃদয় জুৰ কৰি ধোনী মেজিক চোৱাৰ সুযোগ দিলে কেপ্তেইন কুলে। অৱশ্যে তাৰ আগতে তেওঁ উইকেটৰ পিছফালে থিয় হৈ অভিলেখ গঢ়িছিল। ধোনীয়ে প্ৰথম উইকেটকীপাৰ হিচাপে টী-২০ত ৩০০ টা আউট কৰাৰ অভিলেখ গঢ়ে।

Vintage Dhoni 👌#TATAIPL fans were treated to some strong hitting by MS Dhoni

Watch the match LIVE on @JioCinema and @StarSportsIndia 💻📱#DCvCSK | @ChennaiIPL pic.twitter.com/eF4JsOwmsa

— IndianPremierLeague (@IPL) March 31, 2024

দেওবাৰৰ খেলখনৰ ফলাফল যিয়েই নহওক কিয়, দুই উইকেটকীপাৰৰ চিনাকি ছন্দই দিনটোৰ ক্ৰিকেটৰ সকলো লাইমলাইট কাঢ়ি নিলে।

সংক্ষিপ্ত স্কোৰঃ

দিল্লী কেপিটেলছ: ১৯১/৫ (ৱাৰ্নাৰ-৫২, পন্থ-৫১)

চেন্নাই ছুপাৰ কিংছঃ ১৭১/৬ (ৰাহানে-৪৫, ধোনী-৩৭*)

২০ ৰানত জয়লাভ কৰে দিল্লী কেপিটেলছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm
‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

August 21, 2025 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd