• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত চলি থকা প্ৰতিবাদৰ মাজতে আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ এক ভুৱা 'এআই' নিৰ্মিত ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ অভিযোগত হাৰিয়ানাৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2026 4:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত চলি থকা তীব্ৰ প্ৰতিবাদৰ মাজতে আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ এক ভুৱা ভিডিঅ’ নিৰ্মাণ কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ অভিযোগত হাৰিয়ানাৰ এজন যুৱকক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নাদীম আহমেদ নামৰ ২৪ বছৰীয়া যুৱকজনে কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) সহায়ত এই ভুৱা চিচিটিভি ফুটেজটো নিৰ্মাণ কৰিছিল। হাৰিয়ানাৰ পালৱালৰ বাসিন্দা নাদীমে আৰক্ষীৰ ভাবমূৰ্তি ম্লান কৰা আৰু প্ৰতিবাদকাৰীসকলৰ মনত আৰক্ষীৰ প্ৰতি ঘৃণাৰ ভাৱ জগাই তোলাৰ উদ্দেশ্যেই এই কাৰ্য কৰা বুলি জেৰাৰ সময়ত স্বীকাৰ কৰিছে।

 

Apply Now

দিল্লীৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত (ডিচিপি) মনজিতে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, যোৱা ৩ অক্টোবৰত ছ’চিয়েল মিডিয়াত এটা চিচিটিভি ফুটেজ ভাইৰেল হৈ পৰিছিল। সেই সময়ত ৰাজধানী চহৰখনত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ছাত্ৰ-যুৱকসকলৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছিল। ভিডিঅ’টোত আৰক্ষীৰ পোছাক পৰিহিত এজন লোকে এগৰাকী মহিলাৰ সৈতে দুৰ্ব্যৱহাৰ কৰা দেখা গৈছিল আৰু ইয়াক প্ৰতিবাদস্থলীৰ চিচিটিভি ফুটেজ বুলি দাবী কৰা হৈছিল। আনকি ভিডিঅ’টোত থকা আৰক্ষীজনৰ পৰিচয়ো ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা হৈছিল। কিন্তু আৰক্ষীৰ তদন্তত স্পষ্ট হৈ পৰে যে সমগ্ৰ ভিডিঅ’টো এআই প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এক ভুৱা সমল (Content) আছিল।

 

উল্লেখ্য যে, নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতেই বাস্তৱত এগৰাকী মহিলা সাংবাদিকে দিল্লী আৰক্ষীৰ এজন সহকাৰী আয়ুক্তৰ (এচিপি) বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। এই বাস্তৱ ঘটনাৰ মাজতেই এআই নিৰ্মিত ভুৱা ভিডিঅ’টো প্ৰচাৰ হোৱাটোৱে পৰিস্থিতি অধিক স্পৰ্শকাতৰ কৰি তোলে। অতিৰিক্ত ডিচিপি মনজিতে কয় যে যিটো ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা ভিডিঅ’টো পোষ্ট কৰা হৈছিল, সেয়া পালৱালৰ নাদীম আহমেদৰ বুলি চিনাক্ত কৰাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়। নিজকে সাংবাদিক বুলি পৰিচয় দিয়া নাদীমে দিল্লীৰ ছাকেতৰ এখন মাদ্ৰাছাত দশম শ্ৰেণীলৈকে পঢ়িছিল যদিও উত্তীৰ্ণ হ’ব পৰা নাছিল। আৰক্ষীৰ মতে, তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰায় ২৪ হাজাৰ অনুগামী আছে আৰু তেওঁ এআই সঁজুলি ব্যৱহাৰ কৰি এনে ধৰণৰ ভিডিঅ’ নিৰ্মাণ কৰে।

 

আৰক্ষীৰ জেৰাত অভিযুক্ত যুৱকজনে জনায় যে প্ৰতিবাদকাৰীসকলে যাতে আৰক্ষীক আক্ৰমণ কৰে, তাৰ বাবেই তেওঁলোকৰ মনত আৰক্ষীৰ বিৰুদ্ধে ঘৃণাৰ সৃষ্টি কৰিবলৈ তেওঁ এই ভুৱা ভিডিঅ’টো নিৰ্মাণ কৰিছিল। দিল্লী আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তৰ মোবাইল ফোন জব্দ কৰিছে আৰু ইয়াৰ আঁৰত আন কোনো বৃহৎ ষড়যন্ত্ৰ আছে নেকি, সেই দিশতো তদন্ত অব্যাহত ৰাখিছে।

 

আনহাতে, প্ৰতিবাদস্থলীৰ শেহতীয়া পৰিস্থিতি আৰু সাংবাদিকৰ সৈতে আৰক্ষী বিষয়াৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পাছত দিল্লী আৰক্ষীয়ে মঙলবাৰে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলৰ বাবে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত প্ৰতিগৰাকী সাংবাদিকক নিজৰ প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ পৰিধান কৰিবলৈ কোৱা হৈছে, যাতে কৰ্তব্যৰত আৰক্ষীয়ে তেওঁলোকক সহজে চিনাক্ত কৰিব পাৰে। ইয়াৰ লগতে প্ৰতিবাদস্থলীৰ পৰা বাতৰি সংগ্ৰহ কৰাৰ সময়ত নিৰাপদ দূৰত্ব বজাই ৰাখিবলৈকো আৰক্ষীয়ে সাংবাদিকসকলক পৰামৰ্শ প্ৰদান কৰিছে।ো

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd