• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধোনীৰ সন্মুখত তাণ্ডৱ, তাৰপিছত নিয়ম ভংগৰ অভিযোগ! পকেটৰ পৰা ১২ লাখ টকা যাব `বেচেৰা‘ পন্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2024 1:43 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে নিশা মনত ৰাখিবলগীয়া মেচ এখন উপহাৰ দিলে ঋষভ পন্তে। ফৰ্মৰ বাহিৰত থকা পৃথ্বী শ্ব’ৱেই নহয়, প্ৰত্যাৱৰ্তনৰ দৌৰত সফলতাৰ তালিকাত নাম  নাম লিখিলে পন্তেও। ভিজাগ ষ্টেডিয়ামত ডেভিদ ৱাৰ্নাৰৰ বেটিং বিক্ৰমৰ সাক্ষী হৈছিল দৰ্শক। বলেৰে জিলিকি উঠে মথিছা পাথিৰানা। দিল্লীৰ হৈ পাৱাৰ প্লে’ত খলিল আহমেদ, ডেথ অভাৰত মুকেশ কুমাৰ, দেওবাৰে নিশা দেখা গ’ল ইটোৰ পিছত সিটোকৈ ব্যক্তিগত কীৰ্তিৰ জিলিকনি।

কিন্তু সকলো প্ৰদৰ্শনকে অকলে ম্লান কৰি পেলালে মহেন্দ্ৰ সিং ধোনীয়ে। পৰাজিত মেচখনত তেওঁৰ বেট পুনৰ উজলি উঠিল। শেষত দিল্লীৰ বলাৰক বিধ্বস্ত কৰি ধোনীয়ে ১৬টা বলত ৩৭ ৰানৰ ছুনামীৰে অনুৰাগীৰ দেহ মন জুৰ পেলালে।

কিন্তু দেওবাৰৰ নিশাটো চেন্নাইৰ অনুৰাগীৰ বাবে নাছিল। একেৰাহে দুখন মেচত জয়লাভ কৰাৰ পিছত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ছিজনৰ প্ৰথমটো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় চি এছ কে। আনহাতে, প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পাছত দিল্লীয়ে বিজয়ৰ পথ মুকলি কৰে।

Apply Now

বেটিং আৰু অধিনায়কত্বত সকলোকে চেৰ পেলালে ঋষভ পন্তে। চি এছ কেৰ বিৰুদ্ধে খেলখনত তেওঁ নেতৃত্ব দি দলক বিজয়ী কৰিলে। কিন্তু মেচৰ পিছতে শাস্তিৰ সন্মুখীন হ’ব লগা হ’ল পন্ত। তেওঁ এতিয়া লেহেমীয়া অভাৰ ৰেটৰ বাবে ১২ লাখ টকা জৰিমনা ভৰিব লাগিব। বৰ্তমানৰ আই পি এলত এয়া তেওঁৰ প্ৰথম নিয়ম উলংঘা! গতিকে আৰ্থিক জৰিমনা লৈয়ে তেওঁক ৰেহাই দিয়া হ’ব।

অৱশ্যে পন্তেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে চলিত লীগত শুভমন গিলেও জৰিমনা ভৰিবলগীয়া হৈছিল। যোৱা মঙলবাৰে চি এছ কেৰ বিৰুদ্ধে খেলা খেলখনত গিলক স্লো অভাৰ ৰেটৰ বাবে জৰিমনা বিহা হৈছিল।

২০২২ চনৰ ডিচেম্বৰৰ পিছত চলিত আই পি এলত প্ৰথমবাৰৰ বাবে খেলিছে পন্তে।  তৃতীয় মেচতে অৰ্ধশতক অৰ্জন কৰিলে। পৃথ্বী শ্ব’ আৰু ডেভিদ ৱাৰ্নাৰে প্ৰথম ১০ অভাৰত ৯৩ ৰান সংগ্ৰহ কৰাৰ পিছত দিল্লীয়ে মথিছা পাথিৰানাৰ বলিঙৰ বাবে অলপ বেকফুটত যায়। মিডল অভাৰত ৰানৰ গতিও কমি আহে। কিন্তু পণ্টে ৩২টা বলত ৫১ ৰান সংগ্ৰহ কৰি দলটোক ১৯১ ৰান সংগ্ৰহ কৰাত সহায় কৰে।

ৰান চেজৰ বাবে নামি পাৱাৰপ্লেত খলিল আহমেদ আৰু ঈশান্ত শৰ্মাৰ গতিত আবদ্ধ হৈ পৰে চি এছ কে। দুই অ’পেনাৰ ৰুতুৰাজ গাইকোৱাড আৰু ৰচীন ৰবিন্দ্ৰৰ বেটিং তেনেদৰে কামত নাহিল। পিছত অজিংক্য ৰাহানে আৰু অৱশেষত মহেন্দ্ৰ সিং ধোনীয়ে বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰে।

Rishabh Pant becomes the 2nd captain after Gill to be fined 12 Lakhs for maintaining slow overrate. pic.twitter.com/AFBOtPkOx3

— Mufaddal Vohra (@mufaddal_vohra) April 1, 2024

দেওবাৰে শিৱম ডুবেও ফ্ল’প হয়। বেটৰ সহায়ত ৰাহানেৰ সৈতে অৰ্ধশতকৰ পাৰ্টনাৰশ্বিপত অৰিহণা আগবঢ়ায় ডেৰেল মিচেলে। শেষত ধোনীৰ দুৰ্দান্ত ইনিংছটোৱে দৰ্শকক উচ্ছসিত কৰি তোলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd