• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

প্ৰাৰ্থীৰ সম্পত্তিৰ সবিশেষ জনাৰ অধিকাৰ নাই ভোটাৰৰ; ক’লে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2024 3:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ সকলো সম্পত্তিৰ বিষয়ে জনাটো ভোটাৰৰ অধিকাৰ নাই। প্ৰাৰ্থী পদৰ সৈতে জড়িত নোহোৱা বিষয়সমূহ গোপনীয় ৰখাৰ অধিকাৰ আছে প্ৰাৰ্থীৰো। মঙলবাৰে উচ্চতম ন্যায়ালয়ে এক গোচৰত এইদৰে কয়।

উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছে যে প্ৰাৰ্থীসকলে নিজৰ বা পৰিয়ালৰ মালিকানাধীন প্ৰতিটো অস্থাৱৰ সম্পত্তি প্ৰকাশ কৰাৰ প্ৰয়োজন নাই যদিহে সেইবোৰৰ মূল্য অতি বেছি নহয় বা তাত তেওঁলোকৰ বিলাসী জীৱনশৈলী প্ৰতিফলিত নহয়।

২০১৯ চনৰ নিৰ্বাচনত অৰুণাচল প্ৰদেশৰ তেজু বিধানসভাৰ আসনৰ নিৰ্দলীয় বিধায়ক কাৰিখো ক্ৰীৰ বিৰুদ্ধে দাখিল কৰা গোচৰত এই কথা পৰ্যবেক্ষণ কৰিছে উচ্চতম ন্যায়ালয়ে। এজন কংগ্ৰেছ নেতাই কাৰিখো ক্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল যে তেওঁ মনোনয়ন দাখিল কৰাৰ সময়ত শপতনামাত তেওঁৰ সকলো সম্পত্তিৰ কথা উল্লেখ কৰা নাছিল। সেয়েহে তেওঁৰ প্ৰাৰ্থীত্ব বাতিল ঘোষণা কৰিব লাগে।

Apply Now

লগতে পঢ়কঃ নামাজ পঢ়াই হ’ল অপৰাধ! গুজৰাট বিশ্ববিদ্যালয়ৰ ৭ বিদেশী ছাত্ৰক হোষ্টেল এৰিবলৈ নিৰ্দেশ কৰ্তৃপক্ষৰ

আৱেদনকাৰীৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰথমে কাৰিখোৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা বাতিল ঘোষণা কৰে। ইয়াৰ বাহিৰেও কাৰিখোৰ সকলো সম্পত্তি প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিবলৈ আদালতক অনুৰোধ জনোৱা হৈছিল। উচ্চতম ন্যায়ালয়ে গুৱাহাটী আদালতৰ সেই ৰায় নাকচ কৰিলে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু সঞ্জয় কুমাৰৰ বিচাৰপীঠে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰে। লগতে মন্তব্য কৰে যে কাৰিখোৰ সকলো সম্পত্তি পোহৰলৈ অনাৰ প্ৰয়োজন নাই।

আবেদনকাৰীয়ে অভিযোগ কৰিছিল যে নিৰ্বাচনী শপতনামা দাখিল কৰাৰ সময়ত কাৰিখো ক্ৰীয়ে শপতনামাত পত্নী আৰু পুত্ৰৰ তিনিখন গাড়ীৰ কথা উল্লেখ কৰা নাছিল। আবেদনকাৰীৰ যুক্তি আছিল যে কাৰিখোৱে নিৰ্বাচনী প্ৰচাৰত প্ৰভাৱ পেলোৱাটো স্পষ্ট।

আবেদনকাৰীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আদালতে কয় যে, এতিয়াও বাহনসমূহ ক্ৰীৰ পত্নী আৰু পুত্ৰৰ মালিকাধীন বুলি ধৰিব নোৱাৰি। আদালতে মনোনয়ন পৰ্যবেক্ষণ কৰাৰ আগতেই এইবোৰ উপহাৰ বা বিক্ৰী কৰা হৈছে। গতিকে শপতনামাত তিনিখন বাহনৰ কথা উল্লেখ নকৰি কোনো অন্যায় কৰা বুলি বিবেচিত নহয়। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ১২৩(২)ৰ অধীনত বাহনৰ তথ্য প্ৰকাশ নকৰাটো দুৰ্নীতিগ্ৰস্ত নীতি বুলি ধৰিব নোৱাৰি।

লগতে পঢ়কঃ ফুটুকাৰ ফেন! সংসদত মহিলা সংৰক্ষণৰ সপক্ষে সকলো দল; প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলা প্ৰাৰ্থী মাত্ৰ ৮ শতাংশ

বিচাৰপীঠে ৰায় দিয়ে যে এজন নিৰ্বাচনী প্ৰাৰ্থীয়ে নিজৰ বা পৰিয়ালৰ মালিকানাধীন প্ৰতিটো অস্থাৱৰ সম্পত্তি প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। আদালতে স্পষ্ট কৰি দিয়ে যে শপতনামাত প্ৰাৰ্থী পদৰ সৈতে সম্পৰ্ক নোহোৱা সম্পত্তিৰ কথা উল্লেখ কৰাৰ প্ৰয়োজন নাই। কেৱল প্ৰাৰ্থী পদৰ সৈতে জড়িত সম্পত্তিৰ কথা উল্লেখ কৰিলেই যথেষ্ট বুলি গণ্য কৰা হ’ব। আদালতৰ পৰ্যবেক্ষণ যে কাৰিখো ক্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত যিমান সম্পত্তিৰ প্ৰয়োজন আছিল সিমান সম্পত্তি অধিগ্ৰহণৰ কথা উল্লেখ কৰিছিল।

ভোটাৰসকলে এজন প্ৰাৰ্থীৰ সকলো সম্পত্তিৰ বিষয়ে জনাৰ অধিকাৰ আছে আৰু কাৰিখো ক্ৰীয়েও সকলো সম্পত্তিৰ তথ্য প্ৰকাশ কৰিব লাগে বুলি কৰা আবেদন উচ্চতম ন্যায়ালয়ে আবেদন খাৰিজ কৰে। বিচাৰপীঠে ৰায় দিয়ে যে এজন নিৰ্বাচনী প্ৰাৰ্থীয়ে নিজৰ বা পৰিয়ালৰ মালিকানাধীন প্ৰতিটো অস্থাৱৰ সম্পত্তি প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। আদালতে কয় যে তেওঁৰ প্ৰাৰ্থীত্বত যথেষ্ট প্ৰভাৱ পেলোৱা সম্পত্তি বা সম্পত্তিৰ বিষয়ে কেৱল প্ৰকাশ কৰিব লাগিব। এই গোচৰত আদালতে কেইবাটাও কথাৰ উদাহৰণো দাঙি ধৰিছে।

বিচাৰপীঠে কয় যে, আড়ম্বৰপূৰ্ণ সাজপোছাক, জোতা, বাচন-বৰ্তন, ষ্টেচনাৰী, আচবাব আদি বস্তুৰ উল্লেখ অপ্রাসংগিক যদিহে ইয়াৰ পৰিমাণ জব্দ কৰা ধনৰ সমান নহয়৷ যদি সেইবোৰ তেওঁৰ প্ৰাৰ্থীত্বৰ লগত প্ৰাসংগিক নহয় তেন্তে শপতনামাত সেইবোৰ উল্লেখ কৰাটো অপ্ৰয়োজনীয়।

লগতে পঢ়কঃ কৃষকৰ ক্ষোভ! নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কৃষকৰ প্ৰতিবাদৰ সন্মুখীন হ’ল বিজেপি প্ৰাৰ্থী

বিচাৰপীঠে লগতে কয় যে যদি কোনো প্ৰাৰ্থীৰ পৰিয়ালৰ কেইবাটাও উচ্চ মূল্যৰ বিলাসী ঘড়ী আছে তেন্তে সেইবোৰৰ কথা উল্লেখ কৰিব লাগিব। কাৰণ এই বিষয়টোৱে তেওঁৰ বিলাসী জীৱনশৈলীক প্ৰতিফলিত কৰে আৰু লগতে প্ৰমাণ কৰে যে তেওঁৰ উচ্চ মূল্যৰ সম্পত্তি আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd