• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: কুলদীপৰ স্পিন ঘূৰ্ণীত দিশহাৰা ৰাহুল বাহিনী; দিল্লীৰ হাতত পৰাজিত হৈ থমকিল লক্ষ্ণৌৰ জয়ৰ ধাৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2024 8:17 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আইপিএলত খেলা পাঁচখন মেচৰ ভিতৰত চাৰিখন মেচত পৰাস্ত। লীগ তালিকাৰ তলত আছে ঋষভ পন্তৰ দিল্লী কেপিটেলছ। প্লে অফৰ যুঁজত টিকি থাকিবলৈ শুকুৰবাৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক পৰাস্ত কৰাটো জৰুৰী আছিল। কুলদীপ যাদৱৰ দুৰ্দান্ত বলিং প্রদর্শনেৰে সেই কামটো কৰিলে৷ কে এল ৰাহুলৰ  লক্ষ্ণৌক ৬ ৰানত পৰাস্ত কৰি পুনৰ জয়ৰ ধাৰালৈ উভতি আহিল দিল্লী।

লক্ষ্ণৌত খেলপথাৰত প্ৰৱেশ কৰাৰ পূৰ্বে দলৰ প্ৰশিক্ষক ৰিকি পণ্টিঙে কৈছিল যে যিকোনো দলক পৰাস্ত কৰিবলৈ তেওঁলোক সাজু। সেই আত্মবিশ্বাস পৰিস্ফুট  হৈছিল দিল্লীৰ খেলত।

লক্ষ্ণৌৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু খেলৰ আৰম্ভণিৰ পৰাই তেওঁলোকে অবিৰতভাৱে উইকেট হেৰুৱাই থাকিল। অধিনায়ক ৰাহুলে (৩৯) এটা দিশে ধৰি ৰাখিছিল যদিও তেওঁৰ লগত আগবাঢি়বলৈ কোনো নাছিল। পাঁচ অভাৰৰ ভিতৰত দিল্লীৰ ডি কক (১৯) আৰু দেৱদত্ত পাড্ডিকালক (৩) ঘূৰাই পঠিয়ায় খলিল আহমেদে।

Apply Now

ইয়াৰ পিছতে দেখা গ’ল কুলদীপৰ যাদু (২০/৩)। আঘাতৰ বাবে তেওঁ বহুদিন বাহিৰত আছিল। শুকুৰবাৰৰ দিনটোত কুলদীপ পুনৰ নিজৰ শৈলীৰে ঘূৰি আহিল। ষ্ট’ইনিছ (৮) আৰু পুৰানৰ (০)বেক টু বেক উইকেট লয় স্পিনাৰগৰাকীয়ে। তেওঁ হেট্ৰিক কৰিব নোৱাৰিলে যদিও, পিছৰ অভাৰতে কে এল ৰাহুলক আউট কৰে।

মাত্ৰ ৯৪ ৰানতে ৭টা উইকেট হেৰুওৱা লক্ষ্ণৌক পুনৰ যুঁজৰ মাজলৈ ওভতাই আনে আয়ুষ বদোনীয়ে। তেওঁৰ ৩৫ বলত ৫৫ ৰানৰ বিস্ফোৰক ইনিংছৰ সহায়ত অৱশেষত ১৬৭ ৰানত লক্ষ্ণৌৰ ইনিংছ সামৰণি পৰে।

টী-২০ত এই ৰান ইমান ডাঙৰ লক্ষ্য নহয়। দিল্লীক মাত্ৰ এটা ভাল অপেনিং পাৰ্টনাৰশ্বিপৰ প্ৰয়োজন আছিল। কিন্তু ডেভিদ ৱাৰ্নাৰে (৮) হতাশ কৰে। পৃথ্বী শ্ব’ (৩২)য়ে ভাল আৰম্ভণি কৰাৰ পিছতো ডাঙৰ স্কোৰ কৰিব নোৱাৰিলে। লক্ষ্ণৌৰ ৰবি বিষ্ণোই আৰু যশ ঠাকুৰৰ বলিঙে লাহে লাহে দিল্লীক চাপত আনিছিল।

কিন্তু ঋষভ পন্ত (৪১) আৰু নৱাগত জেক ফ্ৰেজাৰ (৫৫)য়ে দিল্লীক সেই চাপৰ পৰা মুক্ত কৰে। তেওঁলোকে দ্ৰুতগতিত ৰানৰ গতি বৃদ্ধি কৰে। বিশেষকৈ ফ্ৰেজাৰৰ বিধ্বংসী ইনিংছেৰে দিল্লী লক্ষ্যত উপনীত হোৱাৰ পথত আগবাঢ়িল। লক্ষ্ণৌৱে মায়ংক যাদৱৰ পেচৰ অভাৱ অনুভৱ কৰিছিল।

অৱশ্যে কিছু প্ৰয়াস কৰে ৰবি বিষ্ণোই। লক্ষ্ণৌৰ স্পিনাৰগৰাকীয়ে ঋষভক স্পিন মেজিকৰ দ্বাৰা ষ্টাম্প আউট হ’বলৈ বাধ্য কৰাইছিল। তেতিয়া জয়ী হ’বলৈ মাত্ৰ ২২ ৰান বাকী আছিল। দিল্লীৰ বাকী বেটছমেনে সেই ৰানখিনি সহজেই তুলিছিল। ৬ উইকেটত জয়ী হ’ব দিল্লী।

খেলৰ মাজতে দিল্লীৰ দুই মন্ত্ৰণাদাতা সৌৰভ গাংগুলী আৰু ৰিকি পন্টিঙৰ মুখত হাঁহি বিৰিঙা দেখা গৈছিল। তেওঁলোকৰ মুখত যেন নতুন যাত্ৰাৰ আভাস। কিন্তু কুলদীপক আঘাতপ্ৰাপ্ত স্থানত হাত ৰাখি উভতি যোৱা দেখা গ’ল। খেলখনত জয়ী হোৱাৰ আনন্দৰ মাজতেই ই দিল্লী শিবিৰক চিন্তিত কৰিও ৰাখিব।

সংক্ষিপ্ত স্কোৰঃ

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ- ১৬৭/৭ (ৰাহুল ৩৯, আয়ুষ বদোনী অপৰাজিত ৫৫, কুলদীপ ২০/৩)

দিল্লী কেপিটেলছ- ১৭০/৪ (ফ্ৰেজাৰ ৫৫, ঋষভ ৪২, বিষ্ণই ২৫/২)

দিল্লীয়ে ৬ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd