• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নিৰ্বাচনী সমাবেশ

by
April 13, 2024 7:39 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আপোনালোকে মোৰ কথা লিখি ৰাখক। মই কৈছো – ২০২৬ চনৰ এপ্ৰিলত অসমত আম আদমী পাৰ্টিয়ে চৰকাৰ গঠন কৰিব। ” আজি বিশ্বনাথ চাৰিআলিত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আয়োজিত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি এনেদৰে কয় পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। দলৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মুখ্যমন্ত্ৰী মানে তেওঁৰ অসম ভ্ৰমণৰ দ্বিতীয় দিনতো অসম চৰকাৰে ৰাজ্যখনৰ ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰাৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয়।

সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি তেওঁ কয়-“অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ স্কুল আৰম্ভ কৰিছে। যি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ স্কুল খুলে, সেই ৰাজ্যত চৰকাৰী স্কুল বন্ধ হ’বই। ” মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ কয়-“২০২২ চনত কংগ্ৰেছ চৰকাৰৰ আমোলত বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী অসমৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিল। তেওঁৰ যদি সদিচ্ছা থাকিলেহেঁতেন, তেতিয়াই অসমৰ শিক্ষানুষ্ঠান আৰু স্বাস্থ্য কেন্দ্ৰ সমূহৰ অৱস্থা তেতিয়াই দিল্লী আৰু পঞ্জাৱৰ দৰে কৰিব পাৰিলোহেঁতেন। অসমৰ মানুহে যিকোনো ৰোগৰ উন্নত চিকিৎসা লাভৰ বাবে চণ্ডীগড় অথবা দিল্লীলৈ দৌৰি যাব নালাগিলহেঁতেন। ” পঞ্জাবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- তেওঁৰ ৰাজ্যত বিগত দুবছৰৰ ভিতৰত ৪৩ হাজাৰ চৰকাৰী নিযুক্তি প্ৰদান কৰিছে। পঞ্জাবৰ বৰ্তমান চৰকাৰে ৰাজ্যখনত দুৰ্নীতি মুক্ত প্ৰশাসন গঢ়ি তুলিছে।” বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰৰ পৰা চহৰৰ মূল পথেৰে কেইবা কিলোমিটাৰ জোৰা বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মানে অসমৰ চাহ শ্ৰমিকৰ মজুৰি ৪৫০ টকালৈ বৃদ্ধিৰ গেৰাণ্টি দিয়ে। চাহ বাগিছাৰ লোকৰ মাটিৰ পট্টা প্ৰদানৰ সংকল্পও ঘোষণা কৰে। আম আদমি পাৰ্টীৰ হাজাৰ হাজাৰ দলীয় কৰ্মী – সমৰ্থকৰ উপৰি বিভিন্ন সাংস্কৃতিক দল, হুচৰি দল তথা সাধাৰণ নাগৰিকৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহণে এই ৰোড শ্ব’ৰ গুৰুত্ব বৃদ্ধি কৰে।

এনে অভূতপূৰ্ব জন সমৰ্থন প্ৰত্যক্ষ কৰি ভগৱন্ত মানে কয়- আমি অসমৰ জনসাধাৰণৰ অপৰিসীম মৰম লাভ কৰিছো। এনে ভালপোৱা মই পঞ্জাৱত পাইছো। এতিয়া অসমতো একেই অৱস্থা। এয়া অসমৰ ৰাজনৈতিক ইতিহাসৰ পৰিবৰ্তনৰ ইংগিত। ” এনেদৰে উচ্ছসিত বক্তব্যৰে হাজাৰ হাজাৰ ৰাইজৰ মনোযোগ আকৰ্ষণ কৰে পঞ্জাবৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে। অসম আৰু পঞ্জাৱৰ সাংস্কৃতিক সাদৃশ্যৰ বিষয়েও সদৰি কৰে মুখ্যমন্ত্ৰী মানে। অসমত যেতিয়া ৰঙালী বিহু উৎযাপন কৰা হয় তেতিয়া পঞ্জাবত বৈশাগু পালন কৰা হয়। অসমীয়াৰ ভোগালী বিহুৰ সময়ত পাঞ্জাৱী সকলে লহৰি উৎসৱ পালন কৰে। আজিৰ ৰোড শ্ব’ৰ মাজতে খোলা ভানৰ পৰা নামি গৈ বিশ্বনাথ চাৰিআলি চহৰস্থিত গুৰুদ্বাৰত মুখ্যমন্ত্ৰী মানে ভক্তি নিবেদন কৰে। কাৰ্যসূচীত ভগৱন্ত মানৰ সৈতে দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য, আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়েও অংশগ্ৰহণ কৰে।

Apply Now

“অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেতিয়া তেওঁ ইচ্ছা কৰিলে ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ যথেষ্ট পৰিবৰ্তন কৰিব পাৰিলেহেঁতেন। কিন্তু সেয়া নকৰিলে। এতিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰিছে।” আজি তিনিচুকীয়া জিলাৰ টিংৰাই বাঙালী বালিজান খেলপথাৰত অনুষ্ঠিত আম আদমী পাৰ্টিৰ বিশাল নিৰ্বাচনী সমাবেশত অংশগ্ৰহণ কৰি এই অভিযোগ উত্থাপন কৰে পঞ্জাবৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় নেতা ভগৱন্ত মানে। আপৰ নেতাগৰাকীয়ে কয়-‘ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ – ছাত্ৰী নথকাৰ অজুহাতত স্কুল বন্ধ কৰা হৈছে। আনহাতে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰি ব্যৱসায় আৰম্ভ কৰিছে। যি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰে, তাত চৰকাৰী বিদ্যালয় বন্ধ হ’বই।’ এনেদৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনাৰে থকা সৰকা কৰে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

তেওঁ দিল্লী আৰু পঞ্জাৱৰ চৰকাৰী স্কুল আৰু মহল্লা ক্লিনিকৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয়, – দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শাসনভাৰ লোৱাৰ সময়ত আৰু পঞ্জাৱত ভগৱন্ত মানে চৰকাৰ গঠনৰ সময়ত সেই দুয়োখন ৰাজ্যৰ চৰকাৰী স্কুল আৰু হাস্পতালৰ অৱস্থাও অসমৰ দৰে আছিল। কিন্তু আপৰ চৰকাৰে তাৰ পৰিৱৰ্তন সাধন কৰিলে। আনহাতে, অসমৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে গেৰাণ্টি দিয়ে যে নিৰ্বাচনত জয় লাভ কৰি আপে ক্ষমতা লাভ কৰিলে অসমৰ চাহ শ্ৰমিকৰ মজুৰি ৪৫০ টকালৈ বৃদ্ধি কৰিব। তদুপৰি, চাহ বাগিছাৰ লোকসকলৰ মাটিৰ পট্টা প্ৰদানৰ গেৰাণ্টিও দিয়ে। আদিবাসী সকলৰ বাবে পানী, বনাঞ্চল আৰু মাটিৰ অধিকাৰৰ প্ৰসংগ উত্থাপন কৰি মাটিৰ পট্টাৰ সমস্যা সমাধানৰ আশ্বাস দিয়ে। সমাবেশত ভাষণ দি বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বৰ এন ডি এ চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হয় পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান । তেওঁৰ অভিযোগ -“দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰি আম আদমী পাৰ্টিক নিঃশেষ কৰিব বিচাৰিছে। কিন্তু তেওঁলোকে নাজানে যে অৰবিন্দ কেজৰিৱাল এটা আদৰ্শ, বিচাৰধাৰা। ইয়াক শেষ কৰিব নোৱাৰি। এজন কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত অগণন কেজৰিৱাল ওলাই আহিছে। ” আনহাতে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধেও কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰে নেতাগৰাকীয়ে। বিদেশী বেংকত জমা থকা ক’লা ধনৰ প্ৰসংগতো সৰৱ হয় মুখ্যমন্ত্ৰী মান।

প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশী বেংকৰ পৰা ক’লা ধন ঘূৰাই আনি প্ৰতিজন ভাৰতীয়ৰ একাউন্টত ১৫ লাখকৈ টকা দিব বুলি যি ভুৱা প্ৰতিশ্ৰুতি দিছিল সেয়া “ঝুমলা” বুলি উল্লেখ কৰে মানে । এনেদৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হয় আপৰ শীৰ্ষ নেতাগৰাকী। সমাবেশত আপৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক হাতত ধৰি মানে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ কয়। সমাবেশত আপৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জেছমিন শ্বাহৰ উপস্থিতিত প্ৰাৰ্থী মনোজ ধানোৱাৰ, আম আদমী পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, মুখপাত্ৰ গুৰপ্ৰীত সিং উপ্পল আৰু অনুৰূপা ডেকাৰজা আৰু মামুন ইমদাদুল হক চৌধুৰীয়েও ভাষণ দিয়ে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd