• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAA ভাৰতৰ সংবিধান বিৰোধী; কোৱা হৈছে আমেৰিকান কংগ্ৰেছৰ স্বতন্ত্ৰ প্ৰতিবেদনত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2024 12:50 pm
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী আইন বা CAA ৰ কিছুমান বিষয় ভাৰতৰ সংবিধানৰ বিৰোধী। এয়া দেশৰ বিৰোধী দল বা কোনো সমাজসেৱী মানৱ অধিকাৰ সংগঠনৰ দাবী নহয়। আমেৰিকান কংগ্ৰেছৰ এটা স্বতন্ত্ৰ গৱেষণা গোটৰ প্ৰতিবেদনত এই দাবী কৰা হৈছে।

১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰি CAA প্ৰস্তুত কৰা হৈছে। সংসদে ইয়াক গৃহীত কৰাৰ চাৰি বছৰৰ পাছত যোৱা মাৰ্চ মাহত মুকলি কৰা হৈছে।

সংশোধিত আইনখনে নাগৰিকত্বৰ প্ৰমাণ অবিহনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা শৰণাৰ্থী হিচাপে ভাৰতলৈ অহা অমুছলমানসকলক নাগৰিকত্বৰ অনুমতি প্ৰদান কৰিছে। ২০১৪ চনৰ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহাসকলক কোনো নথি-পত্ৰ অবিহনে নাগৰিকত্ব প্ৰদান কৰা হ’ব।

Apply Now

লগতে পঢ়কঃ Fact Checking: দেশৰ সম্পদ মুছলমানক দিয়াৰ কথা কৈছিল মনমোহনে! মোডীৰ দাবীৰ সত্যতা ক’ত?

আমেৰিকান কংগ্ৰেছৰ নিৰপেক্ষ গৱেষণা প্ৰতিবেদন অনুসৰি CAA ৰ মূল কথা হ’ল তিনিখন দেশৰ শৰণাৰ্থী হৈ অহা ৬ টা ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদানৰ বাট মুকলি কৰা। য’ত মুছলমানসকলক ৰখা হোৱা নাই। আৰু ইয়াত ভাৰতীয় সংবিধানৰ কিছুমান নিৰ্দিষ্ট ধাৰা উলংঘা কৰা হৈছে।

ৰাষ্ট্রীয় নাগৰিকপঞ্জী বা এন আৰ চিৰ সৈতে জড়িত ‘CAA’ই ভাৰতৰ মুছলমান জনসাধাৰণৰ অধিকাৰ বিপন্ন কৰিব পাৰে বুলি প্রতিবেদনত উদ্বেগ প্রকাশ কৰে৷ ‘CAA’ৰ বিৰোধিতা কৰাসকলে শাসকীয় বিজেপিৰ উদ্দেশ্যক লৈ সন্দেহ প্ৰকাশ কৰা বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷

ভাৰতত CAA বিৰোধীৰ ধাৰণা অনুসৰি বিজেপিয়ে হিন্দু সংখ্যাগৰিষ্ঠতাৰ আধিপত্য জাপি দিবলৈ চেষ্টা কৰিছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। তেওঁলোকৰ মুছলমান বিৰোধী এজেণ্ডাই ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ কাঠামোত আঘাত কৰিব। যিয়ে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন আৰু নিয়ম উলংঘা হ’ব।

লগতে পঢ়কঃ ট্ৰেক এৰি দৰ্শকৰ পিনে দৌৰিল ৰেচিং কাৰ; আচম্বিত দুৰ্ঘটনাত ৭জনৰ মৃত্যু শ্ৰীলংকাত

আমেৰিকান এই ৰিপোৰ্টতো CAAক বিজেপিৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু নিৰ্বাচনী চমক বুলি অভিহিত কৰা হৈছে। সমালোচনাৰ উদ্ধৃতি দি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে CAA কেৱল কিছুমান অনুমোদিত ধৰ্মৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। যিটো মোডী-বিজেপিৰ অন্যতম লক্ষ্য। ই ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ভাবমূৰ্তি খৰ্ব কৰি হিন্দু সংখ্যাগৰিষ্ঠৰ আধিপত্যৰ প্ৰসাৰ ঘটাব। অহিন্দুক দ্বিতীয় শ্ৰেণীৰ মৰ্যাদা দিয়া হ’ব।

উল্লেখ্য যে এই নিৰপেক্ষ বা স্বতন্ত্ৰ গৱেষণা প্ৰতিবেদন আমেৰিকান কংগ্ৰেছৰ অংশ যদিও কংগ্ৰেছৰ মতামতৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। অৱশ্যে ইয়াৰ ওপৰত ভিত্তি কৰি কংগ্ৰেছে যিকোনো সিদ্ধান্ত ল’ব পাৰে।

লগতে পঢ়কঃ অসুস্থ ৰাহুল গান্ধী, আজি ৰাঁচীৰ ‘ইণ্ডিয়া’ৰ সমাৱেশত উপস্থিত নাথাকিব কংগ্ৰেছ নেতাগৰাকী

প্ৰসংগক্ৰমে পূৰ্বে CAA ৰ অধিসূচনা জাৰি কৰাৰ পিছত বাইডেন প্ৰশাসনে জনাইছিল যে তেওঁলোকে ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। যদিও ভাৰত চৰকাৰে সকলো সমালোচনা অগ্ৰাহ্য কৰি স্পষ্ট কৰি দিছে যে CAA অক্ষুণ্ণ থাকিব আৰু কোনো কাৰণতে ইয়াক বাতিল কৰা নহ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd