কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ ছয়গৰাকী বিষয়া আৰু জোৱানক বুধবাৰে শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয় আৰক্ষী স্মৃতিচাৰণ দিৱস। এই উপলক্ষে গুৱাহাটীৰ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ দশম বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ আৰক্ষী স্মৃতিসৌধত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ বেদীত পুষ্প অৰ্পণ কৰি কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা আৰক্ষীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্ঠানত স্মৃতিচাৰণ কুচকাৱাজো অনুষ্ঠিত হয়।
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা এবছৰত সমগ্ৰ দেশতে কৰ্তব্য পালন কৰি ১৫৬গৰাকী আৰক্ষী কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে। তেওঁ কয়, “যোৱা এবছৰত অসম আৰক্ষীৰ ছয়গৰাকী বিষয়া আৰু জোৱানে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱাইছে। আজি আমি সেই ছয়গৰাকী বীৰ আৰক্ষী কৰ্মীক স্মৰণ কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। স্বাধীনতাৰ পিছৰে পৰা অসম আৰক্ষীয়ে ৯০০ৰো অধিক কৰ্মীক হেৰুৱাইছে।” দেশ আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া আৰক্ষী কৰ্মীসকলৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্ৰতিও মুখ্যমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে।
উল্লেখ্য যে প্ৰতি বছৰে ২১ অক্টোবৰত আৰক্ষী স্মৃতিচাৰণ দিৱস পালন কৰা হয়। ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিংছ অঞ্চলত চীনা সৈন্যৰ অতৰ্কিত আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-ৰ ১০গৰাকী জোৱানে প্ৰাণ আহুতি দিছিল। সেই বীৰ জোৱানসকলৰ সাহস আৰু ত্যাগক সন্মান জনোৱাৰ লগতে দেশৰ নিৰাপত্তা আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে কৰ্তব্য পালন কৰি প্ৰাণ হেৰুওৱা আৰক্ষী কৰ্মীসকলক স্মৰণ কৰিবলৈ এই দিৱস পালন কৰা হয়।
ইফালে, নতুন দিল্লীত অনুষ্ঠিত আৰক্ষী স্মৃতিচাৰণ দিৱসৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ কয় যে কেইবাটাও শান্তি চুক্তি স্বাক্ষৰিত হোৱা আৰু হাজাৰ হাজাৰ লোকে অস্ত্ৰ সম্বৰণ কৰাৰ ফলত অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ পথ প্ৰশস্ত হৈছে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ অনুকূল পৰিৱেশ গঢ় লৈ উঠিছে বুলিও তেওঁ উল্লেখ কৰে।
দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কৰ্মীসকলে আগবঢ়োৱা অৱদানৰো প্ৰশংসা কৰে গৃহমন্ত্ৰীগৰাকীয়ে। বিশেষকৈ নক্সালবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ইয়াৰ কোব্ৰা বেটেলিয়নে পালন কৰা ভূমিকাৰ শলাগ লয় তেওঁ। এই অভিযানত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীসকলে আগবঢ়োৱা সাহস, ত্যাগ আৰু অৱদানৰ কথাও তেওঁ উল্লেখ কৰে।





