• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত প্ৰতিবছৰে ১০০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে স্তনৰ আকাৰ সৰু কৰাৰ অস্ত্ৰোপচাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 22, 2024 7:17 pm
ভাৰতত প্ৰতিবছৰে ১০০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে স্তনৰ আকাৰ সৰু কৰাৰ অস্ত্ৰোপচাৰ
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত প্ৰত্যেক বছৰে বৃদ্ধি পাইছে অস্ত্ৰোপচাৰৰ দ্বাৰা স্তনৰ আকাৰ সৰু কৰা মহিলাৰ সংখ্যা। এই কথা প্ৰকাশ কৰিছে নতুন দিল্লীৰ ডিভাইন এষ্টেটিক্স অস্ত্ৰোপচাৰৰ প্লাষ্টিক চাৰ্জন ডাঃ অমিত গুপ্তাই।

চিকিৎসকগৰাকীয়ে লগতে কৈছে, ‘‘দুৰ্ভাগ্যজনকভাৱে ভাৰতত অস্ত্ৰোপচাৰৰ কোনো গণনা পঞ্জীয়ন  নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে পৰিসংখ্যাৰ পঞ্জীয়ন কৰা হয়। কিন্তু মোৰ অভিজ্ঞতা অনুসৰি মই অনুমান কৰিম যে যোৱা পাঁচ বছৰত বছৰি এনে অস্ত্ৰোপচাৰ সংখ্যা ১০০% তকৈও অধিক বৃদ্ধি পাইছে।”

ডাঃ গুপ্তাৰ এই মন্তব্যক সমৰ্থন কৰিছে ডাঃ আকাংক্ষা গোৱেল আৰু ডাঃ সুধাংশু পুনিয়াই। 

ডাঃ পুনিয়াই কয় যে প্ৰতিমাহে ৪ টাৰ পৰা ৬ টা পৰ্যন্ত এনে অপাৰেশ্যন। 

ইফালে ডাঃ গুপ্তাই কয় যে স্তনৰ আকাৰ হ্ৰাস কৰিবলৈ অহা মহিলাসকলৰ ভিতৰত যথেষ্ট পৰিমাণে কম বয়সীয়া যুৱতীও আছে।

কিন্তু কিয় হঠাতে অস্ত্ৰোপচাৰৰ সংখ্যা বৃদ্ধি পাইছে? বিশেষজ্ঞ সকলৰ মতে স্তনৰ আকাৰ সৰু কৰিবলৈ মহিলাসকল আগ্ৰহী হোৱাৰ কেইবাটাও কাৰণ আছে। 

১/ পশ্চিমৰ প্ৰভাৱ

ভাৰতীয় মহিলাসকলে পৰম্পৰাগতভাৱে শাৰী আৰু কুৰ্তা পৰিধান কৰি আহিছে। কিন্তু সাজপাৰত পাশ্চাত্যৰ প্ৰভাৱ পৰাৰ বাবে মহিলাসকলে টি চাৰ্ট আৰু টান কাপোৰ পৰিধান কৰিবলৈ লৈছে। স্তনৰ আকাৰ ডাঙৰ মহিলাসকলে এনে টান কাপোৰ পৰিধান কৰাৰ ফলত ডিঙি আৰু কান্ধৰ বিষয় ভুগিবলৈ ধৰে। স্তনৰ আকাৰ ডাঙৰ হ’লে এনে কাপোৰে মহিলাগৰাকীক দেখাত দৃষ্টিকটু কৰি তোলে। সেয়েহে মহিলাসকলে অস্ত্ৰোপচাৰৰ দ্বাৰা স্তনৰ আকাৰ সৰু কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। 

২) মহিলাসকল অধিক স্বাধীন হৈ পৰিছে

অমিত ডাঃ গুপ্তাই কয় যে, “এদশকৰ আগতে মহিলাসকল পিতৃ-মাতৃ বা স্বামীৰ ওপৰত অধিক নিৰ্ভৰশীল আছিল, গতিকে অস্ত্ৰোপচাৰ কৰিবলৈ সদায় দ্বিধাবোধ কৰিছিল। এতিয়া ডাঙৰ স্তনৰ ফলত হোৱা বিষৰ মাজেৰে কষ্ট পোৱাৰ পৰিৱৰ্তে তেওঁলোকে এই অস্ত্ৰোপচাৰ কৰিবলৈ ধন সঞ্চয় কৰে, যাতে তেওঁলোকে আৰু ডিঙি বা কঁকালৰ বিষ সহ্য কৰিব নালাগে।”

৩/ আত্মবিশ্বাস বৃদ্ধি কৰা

ডাঃ গুপ্তাই কয়, “মোৰ অস্ত্ৰোপচাৰৰ পিছত ৰোগীয়ে তেওঁলোকৰ ফলাফল দেখাৰ পিছত আনন্দত কান্দি উঠা দেখিছোঁ। অস্ত্ৰোপচাৰৰ পিছত তেওঁলোকে এনে অনুভৱ কৰে যেন তেওঁলোকৰ শৰীৰৰ পৰা এটা গধুৰ বোজা আঁতৰি গৈছে। 

সৰ্বভাৰতীয় সংবাদ মাধ্যম  ইণ্ডিয়া টুডেৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত অস্ত্ৰোপচাৰৰ দ্বাৰা নিজৰ স্তনৰ আকাৰ হ্ৰাস কৰা মীনাক্ষী আৰু জছপ্ৰীত নামৰ দুগৰাকী মহিলাই কয় যে অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে আমাৰ শৰীৰে আৰামদায়ক অনুভৱ কৰা নাছিল। অস্ত্ৰোপচাৰৰ পিছত আমি যথেষ্ট আৰাম অনুভৱ কৰোঁ।

মীনাক্ষীয়ে কয়, “সামাজিক ঠাইলৈ গ’লে মোৰ আত্মবিশ্বাস একেবাৰে কমি গৈছিল। মোৰ এতিয়াও মনত আছে সৰুতে মোৰ গধুৰ স্তনৰ বাবে মই অতি সচেতন আছিলো, গতিকে মানুহৰ আগলৈ ওলাই যোৱাটোও মোৰ বাবে অতি কঠিন আছিল। আনকি স্তনৰ আকাৰ ডাঙৰ হোৱাৰ বাবে মই জিমলৈ যাবলৈও বাদ দিছিলোঁ। অৱশেষত মই অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু স্তনৰ আকাৰ ৩৮ ৰ পৰা ৩৪ লৈ হ্ৰাস কৰিছিলোঁ। এতিয়া মই যথেষ্ট আত্মবিশ্বাসী অনুভৱ কৰোঁ।

লগতে যশপ্ৰীতে লগতে কয় যে যিকোনো পোচাকতে মই মোৰ গধুৰ স্তনৰ বাবে সদায় অস্বস্তিকৰ অনুভৱ কৰিছিলোঁ। বিশেষকৈ গৰমত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল। অস্ত্ৰোপচাৰ কৰাৰ পিছত মই যথেষ্ট আৰামত আছোঁ।

৪/ ছ’চিয়েল মিডিয়া

বিশেষজ্ঞ সকলৰ মতে ছ’চিয়েল মিডিয়াই এনে অস্ত্ৰোপচাৰ বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। সামাজিক মাধ্যমত এই অস্ত্ৰোপচাৰৰ বিষয়ে প্ৰচাৰ হোৱাৰ আগেয়ে বহুতে জনা নাছিল যে এনেকুৱা অস্ত্ৰোপচাৰৰো অস্তিত্ব আছে।

ইয়াৰ উপৰিও ডাঙৰ বা উলমি থকা স্তনৰ বাবে মহিলাসকলে বিভিন্ন ৰাজহুৱা স্থানত অস্বত্বিকৰ অনুভৱ কৰে। ডাঙৰ স্তনৰ বাবে মহিলাসকলক একাংশ পুৰুষে ঘৃণনীয়ে দৃষ্টিৰে চায়।

এই অস্ত্ৰোপচাৰৰ কিবা পাৰ্শ্বক্ৰিয়া আছে নেকি?

বিশেষজ্ঞসকলৰ মতে এনে অস্ত্ৰোপচাৰৰ পাৰ্শ্বক্ৰিয়াম অতি বিৰল। এই অস্ত্ৰোপচাৰৰ পিছত কটা দাগ ম্লান কৰাৰ বিভিন্ন চিকিৎসা উপলব্ধ। সাধাৰণতে অস্ত্ৰোপচাৰৰ বাবে হোৱা দাগ সময়ৰৰ লগে লগে নোহোৱা হৈ যায়। 

অৱশ্যে কিছুমান মহিলাই  অস্ত্ৰোপচাৰৰ পিছত নিপল বা স্তনৰ সংবেদনশীলতাত সাময়িক বা স্থায়ী পৰিৱৰ্তন অনুভৱ কৰিব পাৰে, য’ত অজ্ঞানতা বা অতি সংবেদনশীলতাও অন্তৰ্ভুক্ত।

স্তনৰ আকাৰ হ্ৰাস কৰা অস্ত্ৰোপচাৰে স্তনপান কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে যদিও কিছুমান মহিলাই এই প্ৰক্ৰিয়াৰ পিছতো স্তনপান কৰাবলৈ সক্ষম হয়।

অস্ত্ৰোপচাৰৰ পিছত স্তন দুটা অসমান হোৱাৰ সম্ভাৱনা থাকে যদিও সমতা লাভৰ বাবে প্ৰচেষ্টা চলোৱা হয়।

যিকোনো অস্ত্ৰোপচাৰৰ দৰেই ইয়াতো সংক্ৰমণৰ আশংকা থাকে, যাৰ বাবে এন্টিবায়টিক চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd