• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিৰোধী-শূন্য গণতন্ত্ৰ

আবু নাছাৰ চাঈদ আহমদ by আবু নাছাৰ চাঈদ আহমদ
April 23, 2024 6:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি সৰ্বসাধাৰণ নাগৰিকে যি অৰ্থত গণতন্ত্ৰৰ সংজ্ঞা বিচাৰি পাওঁ আৰু ইয়াৰ তাত্ত্বিক তথা প্রয়োগিক দিশসমূহৰ কথা যিদৰে বুজি পাওঁ সেই সূত্ৰত বিশ্বৰ ভালেকেইখন দেশত গণতন্ত্র বর্তি আছে বুলি ক’ব নোৱাৰোঁ। বহুতে ভুলকৈ ধাৰণা কৰি লয় যে কেৱল একোটা নির্ধাৰিত সময়ত নির্বাচন অনুষ্ঠিত কৰি থকা দেশকে গণতান্ত্রিক বুলি ক’ব পাৰি। গণতান্ত্রিক দেশ এখনত নাগৰিকসকলে মুক্তভাবে বাষ্ট্র নির্মাণৰ সকলো কামত অংশগ্রহণ কৰিবলৈ সুযোগ পাব লাগিব, মুক্তচিন্তা, বাক স্বাধীনতা, ৰাষ্ট্ৰৰ হিতৰ সীমাবদ্ধতাৰ মাজত থকা যিকোনো অনুষ্ঠান-প্রতিষ্ঠান, সংগঠন গঠন কৰিব পাৰিব লাগিব, ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত অবাধে বিচৰণ কৰিবলৈ সুবিধা পাব লাগিব। এইবিলাক মানৱ অধিকাৰৰ ভিতৰত পৰে আৰু ভাৰতৰ সংবিধানে তৃতীয় অধ্যায়ত নাগৰিকৰ বাবে এইখিনি অধিকাৰ অর্পণ কৰিছে। এই অধিকার খর্ব হ’লে ন্যায়ালয়ে বিধিমতে তাৰ সুৰক্ষা প্রদান কৰিব। যিবিলাক দেশত এই সকলোবিলাক অধিকাৰ আৰু সুযোগ আছে সেইবিলাক দেশকে আমি গণতান্ত্রিক দেশ বুলি কওঁ।

লগতে পঢ়ক: ঘৃণামূলক ভাষণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত ২ হাজাৰ নাগৰিকৰ নিৰ্বাচন আয়োগলৈ পত্ৰ

ইয়াৰ বিপৰীতে এনেবিলাক দেশো আছে যিবিলাকে নিজকে গণতান্ত্রিক বুলি দাবী কৰে। ইয়াৰ সমর্থনত তেওঁলোকে কয যে তেওঁলোকৰ দেশত সময়ে সময়ে নির্বাচন পতা হয় আৰু যিসকলৰ বিজয় হয় তেওঁলোককে শাসনৰ গুৰু দায়িত্ব দিয়া হয়। উদাহৰণ স্বৰূপে উত্তৰ কোৰিয়া, চীন আৰু ৰাছিয়াৰ কথাকে ক’ব পাৰি। তেওঁলোকৰ দাবী সকলো গণতান্ত্রিক আৰু বিবেকবান লোকে আৰু সংগঠনে নসাৎ কৰি আহিছে। এই দেশবিলাক ৰাজনৈতিক ব্যৱস্থাত এক-দলীয় শাসনৰ অসীম দমন নীতিৰ প্রাদুর্ভাব চলি থাকে। তাৰ বিৰোধিতা কৰা মানে নির্যাতন আৰু শাস্তিৰ সন্মুখীন হোৱা। তাত বিৰোধী দল বা সংগঠনৰ অস্তিত্ব নাথাকে। কেবল এটা দলকহে যেতিয়া নির্বাচনত নামিবলৈ দিয়া হয় তাত সেই দলৰ নেতাসকলকহে নির্বাচন কৰা হয়। তেনেকুৱা নির্বাচনক কোনোবে মান্যতা নিদিয়ে। সেই দেশৰ প্রধান নেতাগৰাকীৰ কথাই আইন আৰু তেওঁৰ বিৰোধিতা কৰা মানেই নির্যাতিত হ’বলৈ প্রস্তুত হোৱা। সেইবিলাক দেশত একনায়কত্ববাদী শাসন চলি আছে।

Apply Now

লগতে পঢ়ক: মেট্ৰিকত চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফল : স্থানপ্ৰাপ্তৰ তালিকাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সাফল্য

আন কিছুমান দেশত দেখাত কেইবাটাও বাজনৈতিক দল আছে। তেওঁলোকক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিয়া হয়। কিন্তু তেওঁলোকৰ ওপৰত নানা ধৰণৰ প্রশোধমূলক কার্য ব্যৱস্থা লোবা হয় যাতে তেওঁলোকে প্রকৃতার্থত নির্বাচনী প্রচাৰ কৰিব নোৱাৰা হৈ পৰে। জনতাক একগোট কৰি ৰাজহুৱা সভা বা মঞ্চত তেওঁলোকৰ বক্তব্য প্রকাশ কৰাত শাসক পক্ষ আৰু তথা-কথিত আইন বলবৎকাৰী সংস্থাই বিধি-পথালি দিয়ে যাৰ ফলত নির্বাচন প্ৰচাৰ আধৰুৱা বা বাধাগ্রস্থ হৈ পৰে। আমাৰ দেশতো দেখা গৈছে যে বিৰোধী দলৰ নেতাৰ বাহন প্রায়ে জব্দ কৰা হয়, তাত কিমান টকা আনিছে সেয়া খুচৰি চোৱাৰ নামত হাৰাশাস্তি কৰা হয় আৰু গন্তব্য স্থান পোৱাত বিলম্ব কৰা হয়। এইবিলাক কাম কিছুমান চৰকাৰী সংস্থাই উদ্দেশ্য প্রণোদিত আৰু বৈষম্যমূলকভারে কবি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াকে ‘নির্বাচনী অতপালি’ বা ইংৰাজীত ‘electoral autocracy’ বুলি কোৱা হয়। এইবিলাক কৰাব উদ্দেশ্য এটাই-বিৰোধীৰ কোনো প্রার্থী যাতে জয়ী হ’ব নোৱাবে তাক সুনিশ্চিত কৰা আৰু বিধান সভা বা সংসদত কেৱল শাসক দলৰ সদস্যই আটাইবিলাক বা সর্বাধিক সংখ্যক আসন অধিকাৰ কৰি ল’ব পাৰে। অর্থাৎ সংসদ বা বিধান সভা বিবোধীশূন্য কৰাটো তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্য-সেইটো প্রকট হৈ পৰে। শাসক দলব হৈ এইবিলাক সংস্থায়ো নির্বাচনী খুঁজত নামি পৰিছে বুলি প্ৰচাৰ মাধ্যমত অভিযোগ উঠিছে। এনেবিলাক অভিযোগ তেওঁলোকে তথ্য আৰু যুক্তিৰে খণ্ডন কৰা আমি দেখা নাই। গতিকে আমাৰ দৰে সাধাৰণ জনতাৰ মনত চৰকাৰী সংস্থাৰ নিৰপেক্ষতাৰ ওপৰত সন্দেহ থাকি গৈছে।

লগতে পঢ়ক: অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ দিন ৭ মে’লৈ বৃদ্ধি

সদ্যহতে চলি থকা সংসদীয় নির্বাচনী বাতাবৰণত কেইবাগৰাকী শাসক দলৰ নেতাই ভাৰতবৰ্ষক বিৰোধীশূন্য কৰাৰ উদ্দেশ্যৰ কথা মুকলিভাবে প্রচাৰ কৰি আহিছে। তেওঁলোকৰ ফেচিবাদী-নাজীবাদী সদৃশ শ্লোগান হৈছে এক দেশ, এক নেতা, এক ৰাজনৈতিক দল, এক ভাষা আৰু এক ধর্ম। ভাৰতবৰ্ষৰ দৰে বিশাল আৰু বিবিধাৰে ভৰা বৈচিত্রময়ী দেশ এখনত এনেকুৱা সংবিধান-বিৰোধী প্রচাৰ কিমান ক্ষতিকাৰক তাক ব্যাখ্যা কৰাৰ প্রয়োজন নাই কাৰণ সেইবিলাক কথা যিকোনো গণতান্ত্রিক মূল্যবোধক বুজি পোৱা নাগৰিকে ভালদৰে হৃদয়ংগম কৰিব পাৰে। কিন্তু বিপজ্জনক দিশটো হৈছে সেইবিলাক প্রমূল্যৰ কথাই হিতাধিকাৰী হোৱাৰ আবেগ, বিবেকক কেইটামান টকাৰ বিনিময়ত বিক্রী হোৱা তথাকথিত নাগৰিকে বুজি পাব নোৱাৰে আৰু শাসকে যি কয় তাকে চকু কাণ বন্ধ কৰি তেওঁলোকে মানি লয়। তেওঁলোকৰ মনত এটা শংকা থাকে। যদি শাসকক সন্তুষ্ট কৰি বাখিব নোৱাৰে, তেওঁলোকে পাই থকা অর্থিক সাহার্যৰ বিলুপ্তি ঘটিব পাবে। গতিকে বর্তমানটোক সাৱটি ধৰি ভবিষ্যক একাষৰীয়া কৰাটোকে উত্তম বুলি ভাবি দিন পাৰ কৰে। এদিন জোৰপুৰি হাত গালেয়ে সম্বিৎ ঘূৰাই পাব আৰু তেতিয়া তেওঁলোকো জনতার বিক্ষোভও নামি পবি। তেতিয়ালৈকে দেশৰ অপূৰণীয় ক্ষতি সাধন হৈ যাব।

লগতে পঢ়ক: ঢোকে-ঢোকে পানী খাইছে বাবা ৰামদেৱে ; বিজ্ঞাপনৰ আকাৰত ক্ষমা বিচাৰিবনে পতঞ্জলিয়ে- প্ৰশ্ন ছুপ্ৰীম কোৰ্টৰ

এনেবিলাক ঘটনা আৰু পৰিঘটনা বিৰোধী শক্তিয়ে ভালদৰে বিশ্লেষণ কৰিব লাগিব। গণতান্ত্রিক প্রমূল্যৰ বিষয়ে জনতাক সজাগ কৰাৰ দায়িত্ব তেওঁলোকে গ্রহণ কৰিব লাগিব। শাসকদলে যে দেশত হিৰোধীশূণ্য কৰিবলৈ উঠিপৰি লাগিছে তাব প্রতি সচেতন হ’ব লাগিব। তেওঁলোকৰ শক্তি হৈছে নিজৰ মাজত থকা একতা। তাক অটুট কৰি ৰাখিব লাগিব আৰু নিজৰ মাজত থকা ক্ষুদ্র দ্বন্দ্বায়ক মনোভাৱ আৰু স্বার্থ পৰিহাৰ কৰিব লাগিব। শাসকগোষ্ঠীয়ে সদায়ে তেওঁলোক বিভাজিত হৈ থকাটো বিচাৰে আৰু তাৰ কাৰণে নানা কূটকৌশল বচনা কৰি একোটা ফাণ্ড পাতি বাখে। সেই ফাণ্ডত বিৰোধী পৰিব নালাগিব। ভাৰতৰ দৰে বিশাল দেশৰ বিবিধাক দুর্বলতা বুলি নহয়, সবলতাৰ খুটা বুলি গণ্য কৰি ল’ব লাগিব। ঐক্যবদ্ধ বিৰোধী শক্তি দেশৰ ভবিষ্যৎ, যদিহে তেওঁলোক গণতান্ত্রিক, প্রগতিবাদী আৰু ধর্মনিৰপেক্ষ হয়। তেওঁলোকৰ অস্তিত্বৰ প্রতি অহা ভাবুকিক নিজে প্রতিহত কৰিব লাগিব। এই ভাবুকি দেশৰ প্রতি দেখা দিয়া ভাবুকি বুলি গণ্য কৰিব লাগিব।

আবু নাছাৰ চাঈদ আহমদ

আবু নাছাৰ চাঈদ আহমদ

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd