• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ নাই অতুল বৰাৰ সমষ্টিত, পথাৰত গেলিলে কেইবা কুইন্টল ৰঙালাও

উত্তম শৰ্মা, বোকাখাত by উত্তম শৰ্মা, বোকাখাত
May 2, 2024 9:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত ডুৱাইলৈ গোলাঘাটৰ ৰঙালাও পঠিয়াই চমক সৃষ্টি কৰা মন্ত্ৰী অতুল বৰাৰ সমষ্টিতে ২৬ বিঘা মাটিৰ ৰঙালাওৰ বিক্ৰীৰ বাবে আজি এখন বজাৰৰ অভাৱ! পথাৰতে গেলিছে কুইন্টলে-কুইন্টলে ৰঙলাও। দুখ আৰু ক্ষোভত ভাঙি পৰা ক্ষুদ্ধ যুৱ কৃষকে কৃষিমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি চপাই আনিলে বিপদ! 

দলৰ পৰা বহিস্কৃত হ’ল ভাস্কৰজ্যোতি দত্তক। অৰ্থাৎ ক্ষোভৰ পৰিণাম হিচাপে পালে বহিস্কাৰৰ পুৰস্কাৰ। এটা সময়ৰ কথা নিশ্চয়কৈ মনত পৰে আপোনাৰ! তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তদানীন্তন উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত কৃষিমন্ত্ৰী অতুল বৰাই গোলাঘাটৰ পৰা ১০ টন ৰঙালাও গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা কাৰ্গো বিমানেৰে ডুবাইলৈ ৰপ্তানি কৰিছিল। আৰু সদম্ভে ঘোষণা কৰিছিল যে বিদেশলৈ এনেদৰেই অসমিৰ কৃষকৰ দ্বাৰা উৎপাদিত সতেজ শাক-পাছলি বিদেশলৈ ৰপ্তানি কৰিব। কিন্তু বাস্তৱত তাৰ ওলোটা ছবিখনহে দেখিবলৈ পোৱা গ’ল কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত। 

Apply Now

যুৱ কৃষক ভাস্কৰজ্যোতি দত্তই গাঁৱৰ আন চাৰিজন যুৱকৰ সৈতে মিলি  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চল ডিফলু পথাৰৰ দেৰগঞা গাৱঁত ২৬বিঘা মাটিত গাঠিৰ ধন ভাঙি ৰঙালাও,আলু আৰু ধনীয়া খেতি কৰিছিল । নিশা টঙীঘৰত থাকি বনৰীয়া হাতী খেদি খেদি অতি কষ্টৰে কৰা উক্ত খেতিৰ ফচল কৃষিবিভাগৰ অন্যমনস্কতাৰ বাবে বজাৰৰ অভাৱত পথাৰতে গেলিপচি গৈছিল । বজাৰৰ অভাৱত প্ৰায় ৬০ টন ৰঙালাও নষ্ট হোৱাত দুখিত তথা ক্ষোভিত হৈ পৰিছিল যুৱক কেইজন। যাৰ বাবে কৃষিবিভাগৰ মন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল যুৱকসকল। 

কৃষিমন্ত্ৰী অতুল বৰাৰ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি অৱশেষত দলীয় নেতৃত্বৰ ৰোষত পৰিল ন অগপ নেতা ভাস্কৰজ্যোতি দত্ত। ইতিমধ্যে দলৰ পৰা বহিস্কাৰ কৰা হৈছে অসম যুৱ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি দত্ত।

উল্লেখযোগ্য যে যোৱা ১৯ ফেব্ৰুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গৈ অসম গণ পৰিষদত  যোগদান কৰি ,৩০ মাৰ্চত অগপৰ যুৱ পৰিষদৰ বোকাখাত বিধান পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল ভাস্কৰজ্যোতি দত্তই।

কিন্তু এজন সু-নিৰ্দিষ্ট বজাৰৰ সৃষ্টি কৰি দিয়াত বিফল মন্ত্ৰীয়ে তীক্ষ্ণ বাক্যবাণ সহ্য কৰিব নোৱাৰি স্বাৱলম্বী হ’বলৈ চেষ্টা কৰা যুৱকক দলৰ পৰা বহিস্কাৰ কৰি কটা ঘাত যেন চেঙা তেলহে ঢালিলে। অৱশেষত উপায়ন্তৰ হৈ এখন বজাৰৰ অভাৱত পথাৰৰ মাটিতে ৬০ টন ৰঙালাও গেলি যোৱাতকৈ অসমবাসী ৰাইজক যদি ৰঙালাওৰ প্ৰয়োজন তেন্তে ক্ৰয় কৰিবলৈ অনুৰোধ জনালে ভাস্কৰজ্যোতি দত্তই। 

কৃষিমন্ত্ৰী তথা কৃষিবিভাগৰ অমনোযোগিতাই চৰকাৰৰ পথাৰো আমাৰ বজাৰো আমাৰ শ্লোগান যেন পুনৰ ধোঁৱাচাঙত তুলিলে । নিশ্চয়কৈ ভাস্কৰজ্যোতি দত্তই যদি ৰঙালাও নষ্ট হোৱাৰ দুখ কষ্ট সামৰি সুতৰি মুখত এমুকুৰা হাঁহি লৈ অন্য চেলা চামুণ্ডাৰ দৰে পাছে পাছে ঢেমাধৰা হৈ অতুল বৰা জিন্দাবাদ ধ্বনি দি দাদাৰ গুণানুকীৰ্তনত ব্যস্ত থাকিলহেঁতেন তেন্তে দলৰ পৰা বহিস্কাৰ হোৱাৰ দৰে পুৰস্কাৰ লাভ নকৰিলেহেঁতেন অগপৰ যুৱ পৰিষদৰ পৰা।

উত্তম শৰ্মা, বোকাখাত

উত্তম শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd