• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিশ্ব সংবাদ স্বাধীনতা সূচাংকত দুঢাপ আগুৱালে ভাৰতে, তথাপি ভাৰততকৈ আগবাঢ়ি আছে পাকিস্তান আৰু শ্ৰীলংকা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 4, 2024 11:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব সংবাদ স্বাধীনতা সূচকাংকত স্থান আগলৈ আহিছে ভাৰতৰ। যোৱা বছৰ ১৮০খন দেশৰ ভিতৰত ১৬১ স্থানত আছিল ভাৰত। এইবাৰ ভাৰতে ১৫৯ লৈ আগুৱাইছে।

প্ৰতি বছৰে ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ (আৰ এছ এফ)ৰ দ্বাৰা প্ৰেছ ফ্ৰিডম ইনডেক্স প্ৰকাশ কৰা হয়।

Apply Now

উল্লেখ্য যে যদিও ভাৰতে সংবাদ মাধ্যমৰ স্বাধীনতা সূচাংকত দুখোজ আগুৱাই গৈছে, তথাপি ইয়াক “বিভ্ৰান্তিকৰ” বুলি অভিহিত কৰা হৈছে।

এই প্ৰসংগত আৰ এছ এফে কয়, “সাংবাদিকৰ বিৰুদ্ধে হিংসা, সংবাদ মাধ্যমৰ মালিকীস্বত্ব আৰু ৰাজনৈতিক সংযোগৰ কেন্দ্ৰীভূতকৰণৰ ফলত “বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ” ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা সংকটত পৰিছে। ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসননৈ অহাৰ পিছৰে পৰা অৱনমিত হৈছে সংবাদ মাধ্যমৰ স্বাধীনতা সূচাংক।

ইয়াৰ উপৰিও‘এছিয়া-পেচিফিক : প্ৰেছ ফ্ৰিডম অণ্ডাৰ দ্য জ’ক অৱ অটোৰিটেৰিয়ান গভৰ্ণমেণ্টছ’ শীৰ্ষক প্ৰতিবেদনতো ভাৰতৰ কথা উল্লেখ কৰা হৈছে। এই প্ৰসংগত আৰ এছ এফে কয় যে সংবাদ স্বাধীনতাৰ সূচাংকত ভাৰতৰ দুটা স্থান অগ্ৰগতি “বিভ্ৰান্তিকৰ”। ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা বৃদ্ধি পোৱা নাই। ভাৰততকৈ আগস্থানত তথা দেশসমূহ পিছুৱাই যোৱাৰ বাবেহে এই তালিকাত ভাৰত দুখোজ আগুৱাই গৈছে। ভাৰতৰ শেহতীয়া স্থিতি এতিয়াও গণতন্ত্ৰৰ বাবে অনুপযোগী।

প্ৰেছ ফ্ৰিডম ইনডেক্সত দুটা পদক্ষেপ আহিলেও এইবাৰৰ প্ৰেছ ফ্ৰিডম ইনডেক্সত ভাৰতৰ স্ক’ৰ ৩১.২৮। যিটো যোৱা বছৰ আছিল ৩৬.৬৫। ভাৰতৰ সন্দৰ্ভত প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ১৪ কোটি মানুহৰ ঘৰত টিভি আছে। প্ৰায় ৯০০ টা ব্যক্তিগত মালিকানাধীন টিভি চেনেলৰ আধা অংশই বাতৰি সম্প্ৰচাৰ কৰে। ৰাজহুৱা টিভি সম্প্ৰচাৰক দূৰদৰ্শনে ২৩টা ভাষাত বাতৰি পৰিৱেশন কৰে আৰু লাখ লাখ দৰ্শকৰ কাষ চাপিছে।

ভাৰতত প্ৰায় ২০,০০০ দৈনিক বাতৰি কাকতকে ধৰি ২০টাতকৈও অধিক ভাষাত প্ৰায় ১,৪০,০০০ বিভিন্ন ধৰণৰ বাতৰি কাকত প্ৰকাশ পায়। তেওঁলোকৰ মুঠ প্ৰচলন ৩৯ কোটিৰ ওপৰত। আনহাতে অনলাইন বাতৰি বিশেষকৈ ছ’চিয়েল মিডিয়া যুৱক-যুৱতীসকলৰ প্ৰিয়। যিয়ে বাতৰিৰ মূল উৎস হিচাপে ছপা মাধ্যমক অতিক্ৰম কৰিছে। আনহাতে অল ইণ্ডিয়া ৰেডিঅ’ (AIR) ভাৰত চৰকাৰৰ মালিকানাধীন আৰু এতিয়াও বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰী একচেটিয়া অধিকাৰ আছে।

ভাৰতত ২০২৪ চনত এতিয়ালৈকে ভাৰতত ৯ জন সাংবাদিক আৰু ১ জন সংবাদ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। সমগ্ৰ বিশ্বতে ২০২৪ চনত এই পৰ্যন্ত ৫৪৪ জন সাংবাদিক আৰু ২৬ জন সংবাদ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে ১২ জন সাংবাদিক নিহত হৈছে।

প্ৰতিবেদনত বিভিন্ন দেশৰ বিষয়ে আলোচনা কৰি আৰ এছ এফে ভাৰত সন্দৰ্ভত কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিভিন্ন কাৰণত সংবাদ স্বাধীনতাৰ পৰিস্থিতি অৱনতি ঘটিছে। ‘প্ৰধানমন্ত্ৰীৰ বন্ধু তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ মুৰব্বী মুকেশ আম্বানীৰ ৭০টাতকৈও অধিক সংবাদ মাধ্যমৰ মালিক। ২০২২ চনৰ শেষৰ ফালে মোদীৰ ঘনিষ্ঠ গৌতম আদানীয়ে এন ডি টি ভি চেনেল অধিগ্ৰহণ কৰে।

ভাৰতত যোৱা কিছু বছৰত “গোদী মিডিয়া”ৰ উত্থান দেখা গৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ সন্দৰ্ভত আৰ এছ এফে কয় যে বিভিন্ন দেশৰ চৰকাৰ আৰু ৰাজনৈতিক কৰ্তৃপক্ষৰ হস্তক্ষেপৰ ফলত সংবাদ স্বাধীনতাক ক্ষতিগ্ৰস্ত কৰা হৈছে।

উল্লেখ্য যে ভাৰতৰ চুবুৰীয়া দেশৰ ভিতৰত বিশ্ব সংবাদ স্বাধীনতা সূচাংকত পাকিস্তানৰ স্থান ১৫২, শ্ৰীলংকা ১৫০, নেপাল ৭৪ আৰু মালদ্বীপ ১০৬।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd