আজি গুগল ডুডলত দেখা পোৱা গৈছে এখন বিশেষ ছবি(কাৰ্টুন)। পিছে গুগল ডুডলত এয়া কাৰ ছবি?
আজি গুগল ডুডলত দিয়া হৈছে ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই অনা এগৰাকী মহিলাৰ ক্ৰীড়াবিদৰ ছবি। কিন্তু কোন তেওঁ?
আপুনি হামিদা বানুৰ বিষয়ে জানেনে? গুগল ডুডলত আজি দেখা গৈছে হামিদা বানুৰ ছবি। হামিদা বানু আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰো। এসময়ত মল্লযুঁজৰ কৌশল আৰু সুদক্ষতাৰ দ্বাৰা বিশ্ববাসীৰ দৃষ্টি নিৱদ্ধ কৰি ৰাখিছিল এইগৰাকী ক্ৰীড়াবিদে। মল্লযুঁদ্ধৰ বাবে সমগ্ৰ বিশ্বতে নিজা পৰিচয় গঢ়ি থৈ গৈছে তেওঁ। আজিও তেওঁ নতুন মল্লযুঁজাৰোৰ বাবে অনুপ্ৰেৰণা উৎস।
১৯০০ চনৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ আলিগড়ত এটা মল্লযুঁজাৰুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল হামিদা বানুৱে। মল্লযুঁজৰ পৰিৱেশন সৰুৰ পৰাই লাভ কৰিছিল তেওঁ।

বানুৰ যুদ্ধ আছিল দুখন। এখন প্ৰতিপক্ষৰ মল্লযুঁজাৰুৰ বিৰুদ্ধে আৰু আনখন যুদ্ধ আছিল সমাজৰ ৰক্ষণশীলতাৰ বিৰুদ্ধে। সেই সময়ত প্ৰচলিত সামাজিক নীতি-নিয়মৰ অনুসৰি এথলেটিকছত মহিলাৰ অংশগ্ৰহণক তীব্ৰভাৱে নিৰুৎসাহিত কৰা হৈছিল। এই সকলো সামাজিক বাধা নেওচি আগুৱাই গৈছিল তেওঁ।
সেই সময়ত যিকোনো পুৰুষ মল্লযোদ্ধাৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল বানুৱে। তেওঁ সকলো পুৰুষ মল্লযুঁজাৰুক মুকলি প্ৰত্যাহ্বান জনাইছিল আৰু যিজনে তেওঁক পৰাস্ত কৰিব পাৰে তেওঁৰ লগতে বিবাহত বহাৰ প্ৰতিশ্ৰুতি দিছিল।








