• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিগত বছৰত ১৬২ বাৰ দেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰো ভ্ৰমণ নকৰিলে মণিপুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2024 7:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা শুকুৰবাৰে (৩ মে’) ভাৰতৰ অংগৰাজ্য মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ এবছৰ সম্পূৰ্ণ হ’ল। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিংসাৰ জুইত জ্বলি থকা এই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনলৈ এবাৰো ভ্ৰমণ কৰা নাছিল যদিও আনফালে দেশৰ অন্যান্য ৰাজ্যলৈ ১৬২ বাৰ চৰকাৰী আৰু বেচৰকাৰী ভ্ৰমণ কৰিছে৷

এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশতো ১৪টা চৰকাৰী ভ্ৰমণ কৰিছিল, আৰু এই ভ্ৰমণসমূহ কৰিছিল যেতিয়া মণিপুৰ হিংসাৰ জুইত জ্বলি আছিল, যাৰ ফলত ২৩০ জন লোকৰ মৃত্যু হৈছিল আৰু ৬০ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিছিল। ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতো মুখ্যমন্ত্ৰী এন. বীৰেন সিং নিজৰ পদত আছে আৰু তেওঁৰ বা আন কোনো মন্ত্ৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

মণিপুৰত প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিত বিৰোধীয়ে সদায় প্ৰশ্ন উত্থাপন কৰি আহিছে। মণিপুৰ যেতিয়া হিংসাৰ কবলত আছিল তেতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যখন ভ্ৰমণ কৰিছিল। পিছলৈ মণিপুৰৰ পৰাই তেওঁৰ ‘ভাৰত জোডো ন্যায় যাত্ৰা’ও আৰম্ভ কৰে।

Apply Now

পিএমঅ’ৰ ৱেবছাইটৰ পৰা বিবিচি হিন্দীয়ে সংগ্ৰহ কৰা তথ্য অনুসৰি ২০২৩ চনৰ মে’ৰ পৰা ২০২৪ চনৰ এপ্ৰিলৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বাধিক ২৪বাৰ ৰাজস্থান ভ্ৰমণ কৰিছে। একে সময়তে তেওঁ ২২ বাৰ মধ্যপ্ৰদেশতো ভ্ৰমণ কৰিছিল। বিগত বৰ্ষৰ নৱেম্বৰ মাহত দুয়োখন ৰাজ্যতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু তাতেই প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল।

মণিপুৰত যেতিয়া হিংসাত্মক পৰিস্থিতি আৰম্ভ হৈছিল তেতিয়া কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছিল প্ৰধানমন্ত্ৰী মোদীব। বিবিচিৰ তথ্য অনুসৰি যোৱা এবছৰত তেওঁ ৮বাৰ কৰ্ণাটক ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত তেওঁ নিজৰ গৃহ ৰাজ্য গুজৰাট ১০ বাৰ আৰু লোকসভাৰ সৰ্বাধিক আসন থকা ৰাজ্য উত্তৰ প্ৰদেশলৈ ১৭ বাৰ ভ্ৰমণ কৰে।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিছিল যদিও মণিপুৰ ভ্ৰমণ কৰা নাছিল। তিনিবাৰকৈ অসম ভ্ৰমণ আৰু ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশলৈ এবাৰ ভ্ৰমণ কৰে।চৰকাৰী তথ্য অনুসৰি ৯ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে ‘ভাৰত বিকাশ, উত্তৰ-পূব বিকাশ’ কাৰ্যসূচীৰ বাবে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিছিল।

যোৱা বছৰৰ নৱেম্বৰ মাহত পাঁচখন ৰাজ্যৰ বাবে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আন সকলো ৰাজ্যতে তীব্ৰ প্ৰচাৰ চলাইছিল যদিও মিজোৰামলৈ যোৱা নাছিল। মিজোৰাম মণিপুৰৰ গাতে লাগি থকা এখন ৰাজ্য, য’ত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিত স্থানচ্যুত হোৱা কুকি সম্প্ৰদায়ৰ লোকে বৃহৎ সংখ্যক প্ৰব্ৰজন কৰিছিল।ঘৰুৱা ভ্ৰমণৰ উপৰিও ২০২৩ চনৰ মে’ মাহৰ পৰা ১৪টা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণো কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই সময়ছোৱাত তেওঁ ইউ এ ইৰ এটা হিন্দু মন্দিৰৰ উদ্বোধনী অনুষ্ঠানতো অংশ লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd