• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: কোহলীৰ বিৰাট ইনিংছ! পঞ্জাৱ কিংছক হেলাৰঙে হৰুৱালে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2024 7:46 am
IPL 2024: কোহলীৰ বিৰাট ইনিংছ! পঞ্জাৱ কিংছক হেলাৰঙে হৰুৱালে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাঙৰ স্ক’ৰ কৰাৰ পিছতো উদ্বিগ্ন আছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। কিন্তু শেষত ৰান চেজত পৰাস্ত হয় পঞ্জাব। ফলত আই পি এলত কাৰ্যতঃ টিকি থাকিল বিৰাট কোহলীৰ দল। বৃহস্পতিবাৰে বেটিঙত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিলে “কিং” কোহলীয়ে। পিছত শশাংকক যিদৰে ৰান আউট কৰিছিল, সেইটোৱে দেখুৱাইছিল যে তেওঁ জয়ী হ’বলৈ কিমান আগ্ৰাসী হৈ পৰিছিল।

পঞ্জাবে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু আৰম্ভণিতে অধিনায়ক ফাফ ডু প্লেছিছ (৯) উভতি যোৱাৰ পিছতো কোহলী আছিল আক্ৰমণাত্মক। উইল জেকছ (১২) আউট হোৱাৰ পিছত ৰজত পাটিদাৰে তেওঁৰ সৈতে যুটী বান্ধে। তেওঁৰ ২৩টা বলত ৫৫ ৰানৰ ইনিংছটোত আছিল ছয়টা অভাৰ বাউণ্ডেৰী আৰু ৩টা বাউণ্ডেৰী। কেমেৰন গ্ৰীনে ২৭ বলত ৫টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৪৬ ৰান সংগ্ৰহ কৰে। শেষত দীনেশ কাৰ্তিকেও ৭টা বলত ১৮ ৰান কৰে।

ফটো সৌজন্যঃ আইপিএল।

কিন্তু আৰ চি বিৰ ইনিংছৰ প্ৰকৃত কলাকাৰ আছিল নিশ্চিতভাৱে ‘কিং’ কোহলী। তেওঁ ৪৭ টা বলত ৯২ ৰান কৰে। তেওঁ ইনিংছটো ৬টা ছয় আৰু ৭টা চাৰিৰে সজাইছিল। তেওঁৰ ইনিংছটোৱে পঞ্জাৱৰ বলাৰসকলৰ ওপৰত চাপ অটুট ৰাখিছিল। কিন্তু তেওঁ বাউণ্ডেৰী লাইনত কেচ দি অনুৰাগীক হতাশ কৰি শতক এৰি খেলপথাৰ এৰিলে।

এই মুহূৰ্তত অৰেঞ্জ কেপৰ মালিক বিৰাটে চলিত প্ৰতিযোগিতাত ৬০০ ৰানৰ সীমা অতিক্ৰম কৰিলে। আই পি এলত এতিয়ালৈকে এটা ছিজনত সৰ্বাধিক ৬০০ৰ অধিক ৰান অৰ্জন কৰিছে ক্ৰীছ গেইলে। বৃহস্পতিবাৰে বিৰাটে ‘কেৰিবিয়ান জায়েন্ট’ক স্পৰ্শ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এতিয়ালৈকে ৰাণ পালেও তেওঁৰ ষ্ট্ৰাইক ৰেটক লৈ প্ৰশ্ন উঠিছিল। কিন্তু বৃহস্পতিবাৰৰ ১৯৬ ষ্ট্ৰাইক ৰেটেৰে খেলা ইনিংছটো সকলো সমালোচনাৰ উৰ্ধত।

ফটো সৌজন্যঃ আইপিএল।

অৱশেষত বেংগালুৰুৱে ৭ উইকেটত ২৪১ ৰান সংগ্ৰহ কৰি ইনিংছৰ অন্ত পেলায়। ডাঙৰ ৰান সংখ্যাৰ পিছতো যিহেতু প্ৰতিদ্বন্দ্বী পঞ্জাব আছিল, গতিকে সকলোৱে ভাবিছিল যে খেলখন যিকোনো দিশতে যাব পাৰে। মাত্ৰ এপষেকৰ আগতে তেওঁলোকে টী-২০ৰ সকলো মেচতে সৰ্বাধিক ৰান চেজ কৰি জয়লাভ কৰিছিল। গতিকে আই পি এলত বৰ্তি থাকিবলৈ তেওঁলোকে যে বৃহস্পতিবাৰেও কোহলী বাহিনীক অতিক্ৰমি যোৱাৰ খেল খেলিব সেয়া স্পষ্ট আছিল।

ইনিংছৰ চতুৰ্থ বলতে অৱশ্যে প্ৰভাসিমৰন সিং (৬) পুনৰ স্বপ্নীল সিঙৰ বলত আউট হৈ যায়। কিন্তু ৰাইলী ৰ’ছ’ আৰু জনী বেয়াৰষ্ট’ (১৬ বল ২৭)ৰ বেটিং বিক্ৰমেৰে পঞ্জাবে দ্ৰুতগতিত মেচলৈ উভতি আহিল। ডু প্লেছিছে বেয়াৰষ্ট’ক দুৰ্দান্ত কেচ ধৰি  ঘূৰাই পঠিয়ায়। কিন্তু তেতিয়ালৈকে ষষ্ঠ অভাৰ শেষ হোৱাৰ আগতেই স্ক’ৰ ৭১! কিন্তু এই আক্ৰমণৰ দায়িত্ব আছিল মূলতঃ ৰ’ছ’ৰ ওপৰত (৬১)। তেওঁ ২৭ বলৰ ইনিংছটোত ৯টা বাউণ্ডেৰী আৰু ৩টা ছয় মাৰিছিল। কিন্তু সামান্য ভুল হিচাপৰ বাবে তেওঁ লং অনত ধৰা পৰিল।

ফটো সৌজন্যঃ আইপিএল।

ৰ’ছ’ ঘূৰি অহাৰ লগে লগে পঞ্জাৱৰ বেটিং অৰ্ডাৰ ভাঙি পৰে। জিতেশ শৰ্মা (৫) আউট হোৱাৰ বিপৰীতে লিভিংষ্টনে কোনো ৰান নকৰাকৈ ঘূৰি আহে। তেতিয়া স্ক’ৰ আছিল ১২৬/৫। অৱশ্যে শশাংক সিঙে ৪টা বাউণ্ডেৰী আৰু দুটা ছয়ৰে ৩৭ ৰান সংগ্ৰহ কৰি পঞ্জাবক পুনৰ যুঁজৰ মাজলৈ আনে। কিন্তু বিৰাট কোহলীৰ দুৰ্দান্ত থ্ৰ’ত তেওঁ ৰান আউট হয়। সেই মুহূৰ্ততে পঞ্জাৱৰ সংগ্ৰাম বন্ধ হৈ গ’ল। ইয়াৰ পিছত তেওঁলোকে কেতিয়াও যুঁজলৈ ঘূৰি আহিব নোৱাৰিলে। শেষত তেওঁলোকে মেচখনত ৬০ ৰাণত পৰাস্ত হ’বলগীয়া হয়।

ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ ২৪১/৭ (কোহলী ৯২, পাটিদাৰ ৫৫, হৰ্ষল পেটেল ৩৮/৩)

পঞ্জাৱ কিংছঃ ১৮১/১০ (ৰ’ছ’ ৬১, শশাংক ৩৭, ছিৰাজ ৪৩/৩)

বেংগালুৰুৱে ৬০ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm
‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

August 21, 2025 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd