• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৬০০ বছৰ পুৰণি পিৰানা দৰগাহত আক্ৰমণ, শিলগুটি নিক্ষেপ : ৩৭ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 12, 2024 9:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৭ মে’ত আহমেদাবাদত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে নিশা দুটা গোটৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষৰ সময়তে একাংশ লোকে আহমেদাবাদৰ ঐতিহাসিক পিনাৰা মন্দিৰলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে দৰগাহটো ভাঙি লণ্ড-ভণ্ড কৰে।

উল্লেখ্য যে পিৰানা দৰগাহত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকেই উপাসনা কৰে। যাৰ বাবে দেশৰ ভিতৰতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে এই স্থানৰ বিশেষ গুৰুত্ব আছে।

Apply Now

আহমেদাবাদৰ আৰক্ষী অধীক্ষক ওম প্ৰকাশ জাটৰ মতে, এটা দলে দৰগাহটো ভাঙি পেলোৱাৰ উপৰিও সমাধিস্থলকো লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে উত্তেজনা সৃষ্টি হয়। আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণত কিছু কবৰ আৰু মূৰ্তিৰ ক্ষতিসাধন হয়, আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা ছয়জন আৰক্ষীও আঘাতপ্ৰাপ্ত হয়।

On May 8, right-wing extremists desecrated the Sufi saint Imam Shah Bawa’s shrine in #Gujarat’s Pirana village.

The Dargah has been facing threat of being converted into a temple since years saw extremists with Bhagwa Flags in its premises. pic.twitter.com/ll9WNrL35q

— Tarushi Aswani (@tarushi_aswani) May 9, 2024

উল্লেখ্য যে পীৰ ইমামশ্বাহ বাবা ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত দৰগাহ কমপ্লেক্সত চুফী সাধু পীৰ ইমামশ্বাহ বাবাৰ নামেৰে নামাকৰণ কৰা এটা মছজিদ আছে। তাত তেওঁৰ বংশধৰসকলৰো কবৰ আছে। পিৰানা দৰগাহ দীৰ্ঘদিন ধৰি হিন্দু আৰু মুছলমান উভয়ৰে উপাসনাস্থলী হিচাপে বৰ্তি আছে। এই ঠাইখনক সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়।

কিন্তু দৰগাহৰ পৰিচয়ক লৈ হোৱা বিবাদৰ বাবে কিছুদিন ধৰি পৰিৱেশ উত্তাল হৈ আছিল।

যোৱা বছৰৰ আগষ্ট মাহত পীৰ ইমামশ্বাহ বাবাৰ হিন্দু অনুগামীসকলে চুফী সাধুজনৰ নাম সলনি কৰি ‘সধগুৰু হন্সেজ মহাৰাজ’ কৰিছিল। এই পদক্ষেপত স্থানীয় চৈয়দ সম্প্ৰদায়ৰ অন্তৰ্গত সন্তগৰাকীৰ মুছলমান বংশধৰসকলে তীব্ৰ আপত্তি প্ৰকাশ কৰে।

ইফালে হিন্দু ট্ৰাষ্টীসকলে যুক্তি দিছিল যে ৪০০০ বছৰতকৈও অধিক সময় ধৰি ‘হন্সেজ মহাৰাজ’ নামটো শাস্ত্ৰত সাধুজনৰ সৈতে জড়িত হৈ আছে।

ইয়াৰ পিছত ইমামশ্বাহ বাবা ৰোজা প্ৰতিষ্ঠানৰ মুছলমান ট্ৰাষ্টীয়ে দৰগাহক হিন্দু ধৰ্মীয় স্থানলৈ ৰূপান্তৰিত কৰাৰ অভিযোগত আপত্তি জনাই আদালতত আবেদন দাখিল কৰিছিল।

আবেদনখনত অভিযোগ কৰা হৈছিল যে দৰগাহক মন্দিৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা চলোৱা হৈছে। মুছলমান ট্ৰাষ্টীসকলে জনোৱা মতে, দৰগাহ চৌহদত দেৱতাৰ পোষ্টাৰ আঁকি দিয়া হৈছে আৰু এখন ফলকো লগোৱা হৈছে, য’ত লিখা আছে – ওম শ্ৰী সদগুৰু হন্সেজী মহাৰাজ অখণ্ড দিব্যজ্যোতি মন্দিৰ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd