• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানৱ অধিকাৰৰ অক্লান্ত সংগ্ৰামী পৰাগ কুমাৰ দাসক আপুনি মনত ৰাখিছেনে?

অঞ্জুমান ভৰদ্বাজ by অঞ্জুমান ভৰদ্বাজ
May 17, 2024 1:18 pm
309
VIEWS
Share on FacebookShare on Twitter

ন্যায়ৰ অপেক্ষাত বন্দী এটা পৰিয়াল! আজিৰ পৰা ২৮ বছৰ পূৰ্বে গুৱাহাটীৰ মাজমজিয়াত হত্যা কৰা হৈছিল অকুতোভয় সাংবাদিক পৰাগ কুমাৰ দাসক৷বুধবাৰ শীৰ্ষক সাপ্তাহিক বাতৰিকাকতখনৰ জৰিয়তে অসমীয়া জাতীয়তাবাদত নৱজাগৰণৰ সৃষ্টি কৰা পৰাগ কুমাৰ দাস আছিল অসমীয়াক শোষণ কৰা প্ৰতিটো উৎসৰ বাবে মূৰৰ কামোৰণি৷

দিল্লী স্কুল অৱ্ ইকনমিক্সৰ দৰে খ্যাতনামা শিক্ষানুষ্ঠানৰ পৰা শিক্ষা সাং কৰা পৰাগ কুমাৰ দাসে স্বদেশ আৰু স্বজাতিৰ বাবে পঞ্জাব নেশ্যনেল বেংক আৰু গুৱাহাটী ষ্টক একছেঞ্জৰ লোভনীয় চাকৰি পৰিত্যাগ কৰিছিল৷নিজৰ কলমৰ ধাৰেৰে আশীৰ দশকৰ পৰাই প্ৰান্তিক,দ্য ছেণ্টিনেল আদি আলোচনী-কাকতত লিখা প্ৰৱন্ধই সেই সময়ত অসম জোকাৰি গৈছিল৷দাসে নিজৰ জীৱনকালত বুধবাৰ,অসমীয়া প্ৰতিদিনৰ দৰে কাকতৰ সম্পাদনা কৰিছিল৷তদুপৰিৰ আগানৰ দৰে আলোচনীও পৰাগ কুমাৰ দাসৰ ছত্ৰছায়াতে লালিত-পালিত হৈছিল৷ৰাষ্ট্ৰৰ বাবে চিন্তাৰ বিষয় হৈ পৰা পৰাগ কুমাৰ দাসক ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ NSA আৰু টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়৷তদুপৰি পৰাগ কুমাৰ দাসৰ দ্বাৰা ৰচনা কৰা ‘স্বাধীনতাৰ প্ৰস্তাৱ’ শীৰ্ষক গ্ৰন্থখন বাজেয়াপ্ত কৰি নিষিদ্ধ ঘোষণা কৰে৷

১৯৯১ চনৰপৰা পৰাগ কুমাৰ দাসে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আহ্বায়ক আৰু পাছলৈ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তদুপৰি দাস উত্তৰ-পূব মানৱ অধিকাৰ সমন্বয় ৰক্ষীসমিতিৰ সচিব প্ৰধান আছিল।পৰাগ কুমাৰ দাস ১৯৯২ আৰু ১৯৯৪ চনত গঠিত বাক্‌ স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতিৰ সক্ৰিয় নেতা আছিল।

আজিৰ দিনটোত ৰাজ্যত পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱস উদ্‌যাপনৰ ঢৌ সৃষ্টি হৈছে৷এয়া সুখৰ কথা কিন্তু পৰাগ কুমাৰ দাসৰ আপোচবিহীনতাক জীয়াই ৰাখিব কেইজনে পাৰিছে! ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধ সৰব হোৱা পৰাগ কুমাৰ দাসৰ দৰে সাংবাদিক আজি দিনত আছনে? নে সকলোৱে মাত্ৰ হয় হুজুৰ কৰিছে আৰু নিয়মমাফিকভাৱে পৰাগ কুমাৰ দাসৰ স্মৃতিদিৱস উৎযাপন কৰা হৈছে৷এয়া আত্মসমালোচনাৰ সময়,ভুলবোৰৰ বিৰুদ্ধে ‘পৰাগ’ৰ দৰে চকুত চকু থৈ উত্তৰ দিয়াৰ সময়৷

Recent News

তীব্ৰগতিত বাহন চলোৱাৰ চখেই প্ৰাণ ল’লে ছামিউলৰ! এবছৰত ৫ টাকৈ অভাৰস্পীডৰ ফাইন নন্দিনীৰ বাহনত

তীব্ৰগতিত বাহন চলোৱাৰ চখেই প্ৰাণ ল’লে ছামিউলৰ! এবছৰত ৫ টাকৈ অভাৰস্পীডৰ ফাইন নন্দিনীৰ বাহনত

ছামিউলৰ মৃত্যুৰ পিছতে দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপক

ছামিউলৰ মৃত্যুৰ পিছতে দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপক

ভাইৰেল ভিডিঅ’ই উদঙাই দিলে চিকিৎসকৰ গাফিলতি: মিৰাটৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

ভাইৰেল ভিডিঅ’ই উদঙাই দিলে চিকিৎসকৰ গাফিলতি: মিৰাটৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd