• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৬ বছৰৰ পূৰ্বে অপহৃত হৈছিল এটি কিশোৰ : ওলাল সন্ধান, ইমান বছৰে প্ৰতিৱেশীৰ ঘৰতেই বন্দী হৈ আছিল অপহৃত কিশোৰটি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 17, 2024 6:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৬ বছৰ পূৰ্বে অৰ্থাৎ ১৯৯৮ চনত স্কুললৈ যোৱাৰ পথত নিৰুদ্দেশ হৈছিল আলজেৰিয়াৰ ওমৰ বিন ওমৰাণ নামৰ এটি কিশোৰ। নিৰুদ্দেশ হোৱাৰ সময়ত কিশোৰটিৰ বয়স আছিল ১৯ বছৰ।

তেতিয়াৰ পৰাই কিশোৰটোৰ পৰিয়ালে বহু বিচাৰিও সন্ধান লাভ কৰা নাছিল। পৰিয়ালটোৰ বহুতেই ভাবিছিল যে যোৱা শতিকাৰ নব্বৈৰ দশকত আৰু এই সহস্ৰাব্দৰ প্ৰথম দশকত সমগ্ৰ আলডেৰিয়াত গৃহযুদ্ধ হৈছিল। এই গৃহযুদ্ধতেই হয়তো ওমৰাণৰ মৃত্যু হৈছে।

Apply Now

অৱশ্যে ওমৰাণৰ মাতৃয়ে পুত্ৰৰ মৃত্যু হোৱা বুলি মানি লোৱা নাছিল। কিন্তু ২০১৩ চনত মাতৃৰ মৃত্যু হোৱাত আৰক্ষীয়েও অপহৃতৰ সন্ধান কৰিবলৈ বাদ দিছিল।

দৰাচলতে ওমৰাণ নিজৰ ঘৰৰ খুব ওচৰৰ প্ৰতিৱেশীৰ ঘৰতে ইমানদিনে আছিল বুলি কোনেও কল্পনাই কৰিব পৰা নাছিল।

অৱশেষত ২৬ বছৰৰ পাছত যোৱা দেওবাৰে (১২ মে’) আলজেৰিয়াৰ জেলফা প্ৰদেশৰ আৰক্ষীয়ে ওমৰানক চুবুৰীয়াৰ ঘৰৰ পৰা উদ্ধাৰ কৰে। নিজৰ ঘৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰতে প্ৰতিৱেশীৰ চৌহদত আৱদ্ধ আছিল ওমৰাণ।

এতিয়া ওমৰাণৰ বয়স ৪৫ বছৰ। তেওঁক উদ্ধাৰৰ মুহূৰ্তৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। সেই ভিডিঅ’টোত ৪৫ বছৰীয়া ওমৰাণৰ দাড়িভৰ্তি মুখমণ্ডল দেখিবলৈ পোৱা গৈছে। উদ্ধাৰৰ সময়ত মাটিৰ তলত এটা সৰু জুপুৰীত থকা খেৰৰ থোপা এটা ওপৰত বহি আছিল ওমৰাণ।

সেই জুপুৰীটোতেই বন্দী কৰি ৰখা হৈছিল কিশোৰ অৱস্থাতে অপহৃত ওমৰাণক। জুপুৰীটো অৱস্থিত এখন ভেড়াৰ ফাৰ্মৰ চৌহদত।

ওমৰাণ যে বৰ্তমান মানসিকভাৱে সুস্থিৰ নহয় সেয়া স্পষ্ট। উদ্ধাৰৰ সময়ত তেওঁক বাৰে বাৰে কঁপি থকা দেখা গৈছিল। উদ্ধাৰৰ পিছত তেওঁক শাৰীৰিক আৰু মানসিক চিকিৎসাৰ বাবে চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয় বুলি জেলফা এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ে জানিবলৈ দিছে।

ইতিমধ্যে এই ঘটনাৰ লগত জড়িত এজন ৬১ বছৰীয়া চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে উক্ত সেইজনেই উক্ত ভেড়াৰ ফাৰ্মখনৰ মালিক।

আৰক্ষীৰ মতে এই ব্যক্তিজনে ২৬ বছৰ পূৰ্বে ওমৰাণক অপহৰণ কৰিছিল। আৰক্ষীয়ে ওমৰাণক উদ্ধাৰ কৰিবলৈ জুপুৰীটোলৈ যোৱাৰ সময়ত লোকজনে পলায়নৰ চেষ্টা কৰা বুলিও এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ৰ পৰা জানিব পৰা গৈছে। পলায়নৰ চেষ্টা কৰোতেই তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

কিন্তু ২৬ বছৰৰ পাছত কেনেকৈ ওমৰাণক বিচাৰি পালে আৰক্ষীয়ে?

আৰক্ষীয়ে জনোৱা মতে, অপহৰণৰ সময়ত ওমৰাণৰ পৰিয়ালে গ্ৰেপ্তাৰ হোৱা প্ৰতিৱেশীগৰাকীকেই সন্দেহ কৰিছিল। ওমৰাণৰ এটা পোহনীয়া কুকুৰ আছিল। ওমৰাণ নিৰুদ্দেশ হোৱাৰ পিছত প্ৰায় এমাহমান কুকুৰটোৱে প্ৰতিৱেশীগৰাকীৰ ঘৰৰ সন্মুখতে বহি থাকিছিল। কিন্তু কিছুদিন পিছতে ওমৰাণৰ পৰিয়ালে তেওঁলোকৰ ঘৰৰ সন্মুখত কুকুৰটোক মৃত অৱস্থাত উদ্ধাৰ কৰে। পিছত জানিব পাৰে যে ওমৰাণৰ কুকুৰটোক বিহ দি হত্যা কৰা হৈছে। গতিকে, সেই ব্যক্তিজনৰ ওপৰত তেওঁলোকৰ ইতিমধ্যে সন্দেহ আছিল। কিন্তু অপহৰণ কৰা বুলি একো প্ৰমাণ নাছিল।

শেহতীয়াকৈ সম্পত্তিৰ বাবে নিজ ভাতৃৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল অপহৰণকাৰী প্ৰতিৱেশীগৰাকীৰ। ইয়াৰ ফলশ্ৰুতিতে প্ৰতিশোধৰ বাবে সামাজিক মাধম্যত তেওঁ কৰা অপহৰণ কাণ্ডৰ বিষয়ে লিখিছিল ভাতৃয়ে।

সেই পোষ্টটো দেখি ওমৰাণৰ পৰিয়ালে পুনৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিলে। তেতিয়াই আলজেৰিয়াৰ তদন্তকাৰী সংস্থা নেচনেল জেণ্ডাৰমেৰীয়ে নিৰুদ্দেশৰ গোচৰটো পুনৰ মুকলি কৰে। তদন্তকাৰীয়ে সন্দেহজনক লোকজনৰ ঘৰত অভিযান চলায়।

স্থানীয় আলজেৰিয়াৰ সংবাদ মাধ্যমৰ আগত ওমৰানে কয় যে বিগত ২৬ বছৰত তেওঁ খিৰিকীৰে বহুবাৰ পৰিয়ালৰ সদস্যক ৰাস্তাৰে পাৰ হৈ যোৱা দেখিছিল। কিন্তু, ওমৰানে কেতিয়াও তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd