• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2024 2:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য এছিয়াৰ দেশ কিৰ্গিস্তানত চিকিৎসা বিজ্ঞান অধ্যয়নৰ ভাৰতীয় আৰু পাকিস্তানী শিক্ষাৰ্থীয়ে চৰম সমস্যাত পৰিছে। সেই দেশত বিদেশী শিক্ষাৰ্থীক লক্ষ্য কৰি লোৱা হৈছে বুলিও জনা গৈছে। কেইবাটাও সংবাদ মাধ্যমে পাকিস্তানী শিক্ষাৰ্থীক আক্ৰমণত কেইবাজনো ছাত্ৰ আহত হোৱা বুলি দাবী কৰিছে।

অৱশ্যে দূতাবাসৰ মতে, এই ঘটনাত কোনো পাকিস্তানী শিক্ষাৰ্থী আহত হোৱা নাই। স্থানীয় লোকেও আন পাকিস্তানী শিক্ষাৰ্থীকো লক্ষ্য কৰি লৈছে। যিহেতু ভাৰতীয় আৰু পাকিস্তানী শিক্ষাৰ্থীৰ মাজত বিশেষ পাৰ্থক্য নাই, সেয়েহে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় শিক্ষাৰ্থীৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কিৰ্গিস্তানত বসবাস কৰা ভাৰতীয় শিক্ষাৰ্থীসকলক তেওঁলোকৰ হোষ্টেল বা চৌহদৰ বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দিছে।

Apply Now

কিৰ্গিস্তানত পাকিস্তানী শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত দাবী কৰা হৈছে যে ইজিপ্ত আৰু আৰবৰ শিক্ষাৰ্থীৰ একাংশই স্থানীয় লোকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই ঘটনাৰ বাবে পাকিস্তানী শিক্ষাৰ্থী দায়ী বুলি দাবী কৰা হৈছে। ইয়াৰ পিছত স্থানীয় লোকে পাকিস্তানী শিক্ষাৰ্থীক আক্ৰমণ কৰে।

একাধিক সংবাদ মাধ্যমেও দাবী কৰিছে যে এই আক্ৰমণত তিনিজন পাকিস্তানী ছাত্ৰ আহত হৈছে। স্থানীয় লোকে হোষ্টেলত আক্ৰমণ কৰা বুলিও জনা গৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই আক্ৰমণ সংঘটিত হোৱা হোষ্টেলত বহু ভাৰতীয় আৰু বাংলাদেশী শিক্ষাৰ্থীও থাকে।

এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক পৰামৰ্শ জাৰি কৰিছে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিখিছে, ‘আমি ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে যোগাযোগত আছো। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও শিক্ষাৰ্থীসকলক কেম্পাছৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। কিবা সমস্যা হ’লে দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

 

Monitoring the welfare of Indian students in Bishkek. Situation is reportedly calm now. Strongly advise students to stay in regular touch with the Embassy. https://t.co/xjwjFotfeR

— Dr. S. Jaishankar (Modi Ka Parivar) (@DrSJaishankar) May 18, 2024

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও ছ’চিয়েল মিডিয়াত কিৰ্গিস্তানৰ পৰিস্থিতিৰ বিষয়ে পোষ্ট কৰে। ইয়াত তেওঁ লিখিছে, ‘আমি বিষ্কেকেৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছো যাতে ভাৰতীয় শিক্ষাৰ্থীসকল সুৰক্ষিত হয়। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। অৱশ্যে ভাৰতীয় শিক্ষাৰ্থীসকলক আপাততঃ ঘৰৰ ভিতৰতে থাকিবলৈ আৰু দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

Deeply concerned over the situation of Pakistani students in Bishkek, Kyrgyzstan. I have directed Pakistan’s Ambassador to provide all necessary help and assistance. My office is also in touch with the Embassy and constantly monitoring the situation.

— Shehbaz Sharif (@CMShehbaz) May 18, 2024

পাকিস্তানৰ দূতাবাসৰ মতে, ” যোৱা ১৩ মে’ত কিৰ্গিজ আৰু ইজিপ্তৰ শিক্ষাৰ্থীৰ মাজত কাজিয়া হৈছিল। তাৰ পৰাই পৰিস্থিতি উত্তপ্ত হৈ পৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও এই পৰিস্থিতিক লৈ ‘গভীৰ উদ্বেগ’ প্ৰকাশ কৰি কয় যে, ‘পাকিস্তানৰ ৰাষ্ট্ৰদূতক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। মই নিজেই দূতাবাসৰ সৈতে যোগাযোগ কৰি পৰিস্থিতি নিৰীক্ষণ কৰি আছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd