• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৰয়েল চেলেঞ্জাৰ্ছৰ ৰাজকীয় প্ৰত্যাৱৰ্তন! স্তব্ধ হ’ল ধোনীৰ ধুন; প্লে অফ্‌ নিশ্চিত কৰিলে কোহলীবাহিনীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2024 7:35 am
ৰয়েল চেলেঞ্জাৰ্ছৰ ৰাজকীয় প্ৰত্যাৱৰ্তন! স্তব্ধ হ’ল ধোনীৰ ধুন; প্লে অফ্‌ নিশ্চিত কৰিলে কোহলীবাহিনীয়ে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৮ মে’ত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে আই পি এলৰ প্লে অফত প্ৰৱেশ কৰে একেৰাহে ৬খন মেচত জয়লাভ কৰি এই অসম্ভৱক সম্ভৱ কৰি তোলে। বৰষুণৰ ফলত হোৱা খেলখনত বেংগালুৰুৱে প্ৰথমে বেটিং কৰি ২১৮ ৰান সংগ্ৰহ কৰে। য’ত কোহলীয়ে ৪৭ ৰান সংগ্ৰহ কৰে। অধিনায়ক ফাফ ডু প্লেছিছে অৰ্ধশতক অৰ্জন কৰে। বেংগালুৰুৱে প্লে অফত প্ৰৱেশ কৰিবলৈ ২০০ ৰানৰ ভিতৰত চেন্নাই ছুপাৰ কিংছক স্তব্ধ কৰাৰ পৰিস্থিতি আহি পৰিছিল। আৰচিবিৰ বলাৰসকলে সেই কথা প্ৰমাণ কৰে৷ এই জয়েৰে বেংগালুৰুৰ পইণ্ট ১৪ লৈ বৃদ্ধি পায়। পইণ্ট চেন্নাইৰ সমান হ’লেও নেট ৰান ৰেটৰ ক্ষেত্ৰত বেংগালুৰু প্ৰথম চাৰিটা স্থানত আছে।

চেন্নাইৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাদে টছত জয়লাভ কৰি গুৰুত্বপূৰ্ণ মেচখনত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বেংগালুৰুৰ দুই অ’পেনাৰ কোহলী আৰু ডু প্লেছিছে ভাল আৰম্ভণি কৰে। বেংগালুৰুৱে ৩ অভাৰত ৩১ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছত বৰষুণৰ বাবে খেল বন্ধ কৰি দিয়া হয়। কিছুসময় মেচ বন্ধ আছিল যদিও অভাৰ কমি যোৱা নাছিল।

দ্বিতীয় অভাৰৰ পাছত স্পিনাৰসকলে খেলপথাৰৰ পৰা সহায় লাভ কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মহেশ তীক্ষনা আৰু মিচেল ছাণ্টনাৰে সুন্দৰ বলিং কৰে। খেলপথাৰত স্পিনাৰৰ পৰা সহায় লাভ কৰিও বেয়াকৈ বলিং কৰে ৰবীন্দ্ৰ জাডেজাই। তেওঁৰ বলৰ গতি বেছি আছিল। সেই গতি ব্যৱহাৰ কৰি কোহলীয়ে ডাঙৰ ডাঙৰ শ্বট খেলিছিল। কোহলীয়ে লাহে লাহে পঞ্চাশৰ ফালে আগবাঢ়িছিল। কিন্তু ২৯টা বলত ৪৭ ৰান সংগ্ৰহ কৰাৰ পাছতে ছাণ্টনাৰে তেওঁক আউট কৰে।

কোহলীয়ে কৰিব নোৱাৰিলেও অৰ্ধশতক অৰ্জন কৰে ডুপ্লেচীয়ে। দুজন অ’পেনাৰ আউট হোৱাৰ পাছতো বেংগালুৰুৰ ৰান ৰেট লেহেমীয়া হোৱা নাছিল।ৰজত পাতিদাৰে ২৩টা বলত ৪১ ৰান সংগ্ৰহ কৰে। শেষত দীনেশ কাৰ্তিক (৬ বলত ১৪) আৰু গ্লেন মেক্সৱেলে (৫ বলত ১৬) ৰান সংগ্ৰহ কৰে।শেষত বেংগালুৰুৱে ৫টা উইকেট হেৰুৱাই ২০ অভাৰত ২১৮ ৰান সংগ্ৰহ কৰে। ১৭টা বলত ৩৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে কেমেৰুণ গ্ৰীণ।

ইয়াৰ প্ৰত্যুত্তৰত ৰুতুৰাজে বেটিং কৰিবলৈ আহি প্ৰথম বলত আউট হয় যদিও ৰাচিন ৰবীন্দ্ৰই সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়৷ লকি ফাৰ্গুচনে বেংগালুৰুক পুনৰ মেচত আনে। প্ৰথমটো বলত ৩৩ ৰানত ৰাহানেক আউট কৰে। আনহাতে, স্বপ্নিল সিং আৰু মেক্সৱেলে চেন্নাইৰ বেটছমেনক খেলাৰ সুযোগ দিয়া নাছিল যদিও মেক্সৱেলৰ এটা অভাৰত ৰাচিন ৰবীন্দ্ৰই ১৯ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ এইগৰাকী বেটছমেনেও অৰ্ধশতক অৰ্জন কৰে।

মহম্মদ ছিৰাজৰ অভাৰত শিৱম ডুবেৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে ৰাচিন ৬১ ৰানৰ পাছত ৰান আউট হয়। পাছৰ অভাৰত শিৱম ১৫টা বলত ৭ ৰান সংগ্ৰহ কৰি আউট হয়।

জাডেজা আৰু ছাণ্টনাৰে যুটিটোক বান্ধিবলৈ চেষ্টা কৰে। কিন্তু ছান্টনাৰৰ শ্বটটো শূন্যলৈ যোৱাত ডুপ্লেছিৰ হাতত কেচ আউট হয়।মহেন্দ্ৰ সিং ধোনীও ২৫ ৰান কৰি আউট হয়৷CSKক শেষৰ চাৰিটা বলত ১১ ৰানৰ প্ৰয়োজন হৈছিল যদিও যশ দয়ালৰ ইকনমিক বলিঙৰ বাবে ১৯১ ৰানত চেন্নাইৰ ইনিংছ সমাপ্ত হয়। ৪২ ৰানত অপৰাজিত থাকিও জাদেজাই দলটোক জয় প্ৰদান কৰাত ব্যৰ্থ হয়। ২৭ ৰানত জয়লাভ কৰি বেংগালুৰুৱে প্লে অফত প্ৰৱেশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

August 21, 2025 12:16 pm
‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

August 21, 2025 10:52 am
‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

August 21, 2025 9:48 am
কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

August 21, 2025 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

বিৰোধীৰ হেঁচাত নতশিৰ! বীমাৰ ওপৰত জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথত কেন্দ্ৰ

August 21, 2025 12:16 pm
‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

August 21, 2025 10:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd