• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটৰ ৰাজকোটত বিধ্বংসী অগ্নিকাণ্ড; গেমিং জ’নত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2024 7:20 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

509
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ ৰাজকোট চহৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। শনিবাৰে সন্ধিয়া জনপ্ৰিয় টি আৰ পি গেমিং জ’নত অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, এই অগ্নিকাণ্ডত এতিয়ালৈকে ২৭ জন লোকৰ মৃত্যু হৈছে। ভিতৰত বহকেইজন লোক আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হয়। যুদ্ধকালীন অভিযানেৰে উদ্ধাৰৰ কাম চলি আছে। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ চি পেটেলে সংশ্লিষ্ট বিষয়াসকলক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

ৰাজকোট আৰক্ষী আয়ুক্ত ৰাজু ভাৰ্গৱে কয়, ‘প্ৰায় সন্ধিয়া টি আৰ পি গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই পৰ্যন্ত ২৭টা মৃতদেহ উদ্ধাৰ হৈছে।”

লগতে পঢ়কঃ তীব্ৰ গ্ৰীষ্মপ্ৰবাহ! কামৰূপ মহানগৰ জিলাত পুৱা ৭.৩০ বজাৰ পৰা বিদ্যালয় খোলাৰ নিৰ্দেশ

এই অগ্নিকাণ্ড সন্দৰ্ভত এক বিবৃতিত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয়, ‘টি আৰ পি গেমিং জ’নৰ অগ্নিকাণ্ডত উদ্ধাৰ অভিযানৰ বাবে পৌৰ নিগম আৰু প্ৰশাসনক সকলো নিৰ্দেশনা দিয়া হৈছে। আহতসকলৰ শীঘ্ৰে চিকিৎসাৰ নিৰ্দেশ দিয়া হৈছে।‘

অগ্নিনিৰ্বাপক বাহিনীয়ে অহৰহ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখি জুই নিয়ন্ত্ৰণ কৰিছে। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। উদ্ধাৰকাৰীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।

উদ্ধাৰকাৰীসকলৰ মাজৰে এজনে কয় যে গেমিং জ’নৰ অস্থায়ী নিৰ্মাণ ভাঙি পৰাৰ ফলত সমস্যাটো আৰু অধিক ভয়াৱহ হৈ পৰে। আশংকা কৰা হৈছে যে গেমিং জ’নত খেলিবলৈ অহা বহু কিশোৰ-শিশু ভিতৰত আবদ্ধ হৈ পৰিব পাৰে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

লগতে পঢ়কঃসুৰাপায়ী যুৱকৰ গাড়ীৰ খুন্দাত আহত সাতজন পথচাৰী; চিকিৎসালয়ত তিনিমহীয়া কেঁচুৱা!

গেমিং জ’নত সাধাৰণতে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে কাৰ ৰেচিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইণ্ডোৰ আৰু আউটডোৰ গেমৰ ব্যৱস্থা থাকে। আবদ্ধ ঠাইত এটা গেমিং জ’ন সৃষ্টি কৰা হয়। ভিতৰত টায়াৰ, প্লাষ্টিক আদি জ্বলনশীল সামগ্ৰী জমা হৈ থাকে। অগ্নিনিৰ্বাপক বাহিনীৰ মতে ইয়াৰ ফলত জুই দ্ৰুতগতিত বিয়পি পৰে। সেইবোৰ কাৰণতে নিশা ৮ বজালৈকে জুই নিৰ্বাপন কৰিব পৰা হোৱা নাছিল।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd