ধুবুৰীত অসমীয়া সাহিত্য- সংস্কৃতিৰ বিকৃত উপস্থাপনেৰে এখন গ্ৰন্থ প্ৰকাশক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া।
উল্লেখযোগ্য যে ধুবুৰীৰ নিউ মহম্মদীয়া পুস্তকালয়ৰ স্বত্বাধিকাৰী, প্ৰকাশক, লেখক মঃ আলীয়ে ‘সহজ ব্যাকৰণ আৰু ৰচনা ২য় ভাগ’ নামৰ এখন কিতাপ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে প্ৰকাশ কৰি উলিয়াইছে। ভুলৰ সমাহাৰেৰে প্ৰকাশ কৰি উলিওৱা উক্ত কিতাপখনক লৈ সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত।

উক্ত ঘটনাটো ছ’চিয়েল মিডিয়াযোগে বিয়পি পৰাৰ লগে লগে বিভিন্ন দল, সংগঠনে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু তদন্তৰ দাবী জনায়। ইফালে ‘সহজ ব্যাকৰণ আৰু ৰচনা ২য় ভাগ’ নিষিদ্ধ কৰা আৰু লেখক মঃ আলী আৰু লেখক ভূইয়া আৰু মোল্লাক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাই শুকুৰবাৰে সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।
সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱজিৎ প্ৰধানী আৰু সাধাৰণ সম্পাদক সৌৰভ ভট্টাচাৰ্য স্বাক্ষৰিত স্মাৰক-পত্ৰখনত উল্লেখ কৰা হৈছে যে লেখক দুজনে অসমৰ জাতীয় উৎসৱ বিহুক কিতাপখনত বিকৃত ৰূপত উপস্থাপন কৰিছে।
আনহাতে অসম গণ পৰিষদ, ধুবুৰী নগৰ সমিতিৰ তৰফৰ পৰা জিলা উপায়ুক্তক সাক্ষাৎ কৰি লেখক দুজনক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে। ধুবুৰী অগপ নগৰ সমিতিৰ সাধাৰণ সম্পাদক শিমূল সৰকাৰ স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ জিলাৰ উপায়ুক্তক প্ৰদান কৰা হৈছে।
ঘটনাটোক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।





